ETV Bharat / state

COVID-19ৰ ফলাফল অনুসৰিহে পৰিয়ালৰ লোকক চমজাই দিয়া হ'ব তনুৰাম শইকীয়াৰ মৃতদেহ - মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়

COVID-19ৰ ফলাফল নিগেটিভ আহিলে পৰিয়ালৰ লোকক চমজাই দিয়া হ'ব তনুৰাম শইকীয়াৰ মৃতদেহ । সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মৰ্গত ৰখা হৈছে লোকজনৰ মৃতদেহ ।

one person died in mahendra mohan choudhury hospital during his quarantine period

author img

By

Published : May 11, 2020, 12:20 PM IST

গুৱাহাটী, 11 মে': মহানগৰীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত মৃত্যু হোৱা দৰং জিলাৰ তনুৰাম শইকীয়া নামৰ লোকজনৰ মৃতদহ, সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মৰ্গত ৰখা হৈছে । COVID-19ত আক্ৰান্ত ৰোগীৰ ক্ষেত্ৰত অৱলম্বন কৰা পদ্ধতি অনুসৰি, লোকজনৰ মৃতদেহ মৰ্গলৈ প্ৰেৰণ কৰাৰ লগতে, মৃতদেহৰ পৰা নমুনা সংগ্ৰহ কৰি COVID-19ৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ।

COVID-19ৰ ফলাফল অনুসৰিহে পৰিয়ালৰ লোকক চমজাই দিয়া হ'ব তনুৰাম শইকীয়াৰ মৃতদেহ

COVID-19 পৰীক্ষাৰ ফলাফল অহাৰ পিচতহে তনুৰাম শইকীয়াৰ মৃতদেহ পৰিয়ালৰ লোকক চমজাই দিয়াৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰিব মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয় কৰ্তৃপক্ষই । উল্লেখ্য যে, দীৰ্ঘদিন ধৰি কণ্ঠনলীৰ কৰ্কট ৰোগত আক্ৰান্ত আছিল মৃত লোকজন । মুম্বাইত চিকিৎসা কৰাবলৈ গৈ লক্ ডাউনৰ ফলত বিগত ৪০ দিন আবদ্ধ হৈ থকাৰ পাচত যোৱা ৫ মে'ত মুম্বাইৰ পৰা এখন এম্বুলেঞ্চ ভাড়া কৰি, অসমলৈ আহিছিল লোকজন । কৰ'ণা সংক্ৰমনৰ প্ৰতি লক্ষ্য ৰাখি তনুৰাম শইকীয়া আৰু তেওঁৰ পুত্ৰক মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত কোৱাৰেইণ্টাইনত ৰখা হৈছিল । দেওবাৰে নিশা কোৱাৰেইণ্টাইনত থকা অৱস্থাতে মৃত্যু হয় তনুৰাম শইকীয়াৰ ।

লগতে পঢ়কঃ চিকিৎসালয়ত কোৱাৰেণ্টাইনত থকা অৱস্থাতে মৃত্যু এজনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.