গুৱাহাটী, 30 জুন: অসমত কৰ'ণা ভাইৰাছত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১২ জনলৈ বৃদ্ধি পালে । মঙলবাৰে গুৱাহাটী মহানগৰীৰ এজন লোক কৰ'ণা ভাইৰাছত আক্রান্ত হৈ মৃত্যু হোৱাৰ পিছতে ৰাজ্যত মৃত্যুৰ সংখ্যা ১২ লৈ বৃদ্ধি পাইছে । মৃত লোক জনৰ নাম দিলীপ তালুকদাৰ ।
ৰাজ্যত ভয়াবহ ভাৱে বৃদ্ধি পাবলৈ ধৰিছে কৰ'ণা ভাইৰাছৰ সংক্ৰমণ । বিশেষকৈ গুৱাহাটী মহানগৰী কৰ'ণা ভাইৰাছৰ হ'ট স্পটলৈ পৰিণত হৈছে । প্ৰতিদিনে গুৱাহাটীত ওলাইছে নতুন নতুন আক্রান্ত ৷ মৃত্যুৰ মুখতো পৰিছে কেইবাজনো লোক। মঙলবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ফটাশিল আমবাৰী নিবাসী ৫০ বছৰীয়া দিলীপ তালুকদাৰৰ । স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ টুইট যোগে দিলীপ তালুকদাৰৰ মৃত্যু কথা প্ৰকাশ কৰে ।
উল্লেখ্য যে, ৰাজ্যত কৰ'ণা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা ৭ হাজৰৰ ঘৰ অতিক্ৰম কৰিছে । আক্রান্ত সকলৰ ভিতৰত ৫ হাজাৰতকৈও অধিক লোকে আৰোগ্য লাভ কৰিছে যদিও মৃত্যু হৈছে ১২ জন লোকৰ।