ভেকচিন প্ৰক্ৰিয়াই অসমত অতিক্ৰম কৰিলে এক কোটিৰ ঘৰ - টীকাকৰণ প্ৰক্ৰিয়া
ৰাজ্যৰ ৮৪,৬৭,৫০২ গৰাকীয়ে প্ৰতিষেধকৰ প্ৰথম পালি আৰু ১৮,৬৪,১৭৮ গৰাকীয়ে দ্বিতীয় পালি লাভ কৰিছে । বিগত ২৪ ঘণ্টাত অসমত ১২৭৬ গৰাকী লোক নতুনকৈ কৰ'ণাত আক্ৰান্ত হৈছে । আক্ৰান্তৰ হাৰ ১.১৪ শতাংশ । আনহাতে কৰ'ণাত মৃত্যু হৈছে ২১ জন লোকৰ ।

গুৱাহাটী, ২৯ জুলাই : ৰাজ্যৰ ক'ভিড (Covid) পৰিস্থিতি কিছু উন্নত হৈছে যদিও এতিয়াও নিয়ন্ত্ৰণৰ অধীনলৈ অহা নাই । এতিয়াও ৰাজ্যত দৈনিক সহস্ৰাধিক লোক নতুনকৈ ক'ভিডত আক্ৰান্ত হৈ আহিছে । মহামাৰী কৰ’ণা ভাইৰাছক পৰাস্ত কৰিবলৈ সমগ্ৰ বিশ্বতে এতিয়া চলি আছে টীকাকৰণ (Vaccination) প্ৰক্ৰিয়া । ভাইৰাছবিধৰ বিৰুদ্ধে যুঁজিবলৈ বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) লগতে চিকিৎসা বিজ্ঞানৰ সৈতে জড়িত সংস্থা সমূহে ভেকচিনকে প্ৰাধান্য দিছে ।
ভাৰততো চলি আছে টীকাকৰণ প্ৰক্ৰিয়া । প্ৰথম অৱস্থাত ভেকচিন গ্ৰহণ কৰিবলৈ সাধাৰণ জনতাৰ মনত কিছু ভয়-শংকাৰ সৃষ্টি হৈছিল যদিও এতিয়া এই প্ৰক্ৰিয়াটো সঠিক দিশত আগবাঢ়িছে । ভাৰতৰ অন্য ৰাজ্যৰ সমান্তৰালকৈ অসমতো অব্যাহত আছে টীকাকৰণ প্ৰক্ৰিয়া । অৱশ্যে অসমত যথেষ্ট লেহেমীয়া গতিত চলি আছে ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়া ।

ভেকচিনৰ চাহিদা অনুপাতে যোগান যথেষ্ট কম হোৱাত সাধাৰণ ৰাইজে হাহাকাৰ কৰিবলগীয়া হৈছে । ৩.৩৩ কোটি জনসংখ্যাৰ ৰাজ্যখনত লেহেম গতিত ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়া চলি থকাৰ মাজতে এটা ভাল খবৰ যে ৰাজ্যখনৰ এক কোটিৰো অধিক লোকে ভেকচিন লাভ কৰিবলৈ সক্ষম হৈছে । অসমত বৰ্তমানলৈকে ১,০৩,৩১,৬৮০ গৰাকী লোকে ভেকচিন লাভ কৰিছে । ইয়াৰে ৮৪,৬৭,৫০২ গৰাকীয়ে প্ৰথম ড’জ (First dose) আৰু ১৮,৬৪,১৭৮ গৰাকীয়ে দ্বিতীয় ড’জ (Second dose) লাভ কৰিছে।

ইফালে বিগত ২৪ ঘণ্টাত অসমত ১২৭৬ গৰাকী লোক নতুনকৈ কৰ'ণাত (Corona) আক্ৰান্ত হৈছে । আক্ৰান্তৰ হাৰ (Covid Positivity rate) ১.১৪ শতাংশ । ইয়াৰে ১৬১ গৰাকী কামৰূপ মেট্ৰ’ৰ, ৯৮ গৰাকী গোলাঘাটৰ, ৯৫ গৰাকী লখিমপুৰৰ আৰু ৬৬ গৰাকী নগাঁৱৰ । অসমত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৫,৬২,৭৩১ গৰাকীলৈ বৃদ্ধি পাইছে ।

বিগত ২৪ ঘণ্টাত অসমত কৰ'ণাৰ পৰা আৰোগ্য লাভ কৰিছে ১৭৯১ গৰাকী লোকে । আৰোগ্যৰ হাৰ (Recovery rate) ৯৬.৫০ শতাংশ । আনহাতে বিগত ২৪ ঘণ্টাত কৰ'ণাত আক্ৰান্ত হৈ ২১ গৰাকী লোকৰ মৃত্যু হৈছে । বৰ্তমান ৰাজ্যত সক্ৰিয় হৈ আছে ১৩,১৫২ গৰাকী ক'ভিড ৰোগী ।
লগতে পঢ়ক :ৰাজ্যিক কেবিনেটত লোৱা হ’ল কেইবাটাও সিদ্ধান্ত