গুৱাহাটী, 29 নৱেম্বৰঃ গুৱাহাটী ৰে'ল ষ্টেচনত শুকুৰবাৰে আৰক্ষীয়ে চলোৱা নিয়মীয়া তালাচী অভিযানত বি জি এক্সপ্ৰেছ ৰে'লৰ পৰা 14 হাজাৰ নিচাযুক্ত WY টেবলেটসহ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে ৷ ডিমাপুৰৰ পৰা দিল্লীলৈ নি থকা অৱস্থাত জব্দ কৰা হয় ড্ৰাগছখিনি ৷ মণিপুৰৰ ৰোষণ বণীয়া (32) নামৰ সৰবৰাহকাৰী জনৰ পৰা জব্দ কৰা ড্ৰাগছখিনিৰ মূল্য কেইবা লাখ টকা । এই সম্পৰ্কত গুৱাহাটী ৰেল আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি ড্ৰাগছ সৰবৰাহকাৰী জনক সোধ-পোছ অব্যাহত ৰাখিছে ৷
লগতে পঢ়কঃ অসম আৰক্ষীৰ ভাৰপ্ৰাপ্ত সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত