টীয়ক, 13 জুন : কৰ’ণা (Corona)ৰ দ্বিতীয় লহৰত ত্ৰস্তমান ৰাজ্য ৷ পূৰ্বতে নগৰ অঞ্চলৰ তুলনাত গাঁও অঞ্চল সমূহত ক’ভিড (Covid 19) আক্ৰান্তৰ সংখ্যা হ্ৰাস পাই আছিল যদিও বৰ্তমান দেখা গৈছে ওলোটা ছবি । যোৰহাট জিলাৰ টীয়কৰ বিভিন্ন গাঁৱত ক’ভিড (Covid 19) আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাত স্বাভাৱিকতে শংকিত হৈ পৰিছে সাধাৰণ ৰাইজ ।
টীয়কৰ কাৱৈমাৰী, বলমাৰ চাউদাং, টীয়ক চাহ বাগিচাত কেইবাজনো লোক ক’ভিড (Covid 19)ত আক্ৰান্ত হোৱাৰ পাচত শনিবাৰে জাঁজীৰ ধেমাজি গাঁৱত ৪০ গৰাকী ব্যক্তিৰ দেহত ধৰা পৰে ক’ভিড-19 (Covid 19)ৰ উপস্থিতি ৷ যাক লৈ এতিয়া তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত ৷
জাঁজীৰ ধেমাজি গাঁৱত ক’ভিড (Covid 19)ত আক্ৰান্ত হোৱা লোকক চিনাক্ত কৰাৰ পাচতেই ইতিমধ্যে প্ৰশাসনে সমগ্ৰ গাঁৱখনকে কণ্টেইনমেণ্ট জ'ন(Containment Zone) ঘোষণা কৰে ৷ গাঁৱখনলৈ কোনো অচিনাকী লোকক অহা-যোৱা কৰাত বাধা প্ৰদান কৰিছে প্ৰশাসনে ৷ ইফালে শনিবাৰে গাঁৱখনৰ ১২২ গৰাকী ব্যক্তিৰ ৰেপিড এণ্টিজেণ্ট পৰীক্ষা(Rapid Antigen Test) কৰা হয় ৷ তাৰ ভিতৰত ৪০ গৰাকী লোকৰ দেহত ক’ভিড (Covid 19)ৰ উপস্থিতি ধৰা পৰে ৷
জানিব পৰা মতে, ইয়াৰে ৯ জন ক’ভিড (Covid 19) ৰোগীক চিকিৎসাৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰা হৈছে ৷ বাকী কেইগৰাকী ৰোগীক হোম কোৱাৰেণ্টাইনতেই চিকিৎসা প্ৰদান কৰা হৈছে ৷
লগতে পঢ়ক: ৰজাবাৰী চাহ বাগিচাত শ্ৰমিকৰ উত্তাল প্ৰতিবাদ