ETV Bharat / state

ৰাজ্যত হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা - vaccination

ক'ভিড টেষ্ট কৰা ১,৭১,৯২০ গৰাকী লোকৰ ভিতৰত ৩,৭০৬ গৰাকী পজিটিভ। মৃত্যু ৩৩ গৰাকীৰ। ২৪ ঘণ্টাত ৰাজ্যৰ ১,১৬,২৩৭ গৰাকী লোকক ভেকচিন প্ৰদান। মজুত আছে ৫,১৯,৮৬০ পালি ভেকচিন।

number of covid cases are decreasing in assam
ৰাজ্যত হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা
author img

By

Published : Jun 19, 2021, 12:38 PM IST

গুৱাহাটী, ১৯ জুন: ৰাজ্যত ক'ভিড আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ কিছু হ্ৰাস পাইছে যদিও এতিয়াও নিয়ন্ত্ৰণ হোৱা নাই ৰাজ্যৰ ক’ভিড পৰিস্থিতি । দৈনিক হাজাৰ হাজাৰ লোক কৰ'ণাৰ কৱলত পৰিছে ৷ ৰাজ্যৰ ক'ভিড পৰিস্থিতি এতিয়াও শংকামুক্ত নোহোৱাৰ বাবেই শিক্ষাৰ্থীৰ জীৱনৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হাইস্কুল শিক্ষান্ত পৰীক্ষা(HSLC) আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা(HSSLC) বাতিল কৰিছে ৰাজ্য চৰকাৰে । ৰাজ্যৰ ক'ভিড পৰিস্থিতি এতিয়াও পৰীক্ষা অনুষ্ঠিত কৰিব পৰাকৈ অনুকূল হোৱা নাই ।

উল্লেখ্য যে, বিগত ২৪ ঘণ্টাত ৰাজ্যৰ ১,৭১,৯২০ গৰাকী লোকৰ ক'ভিড টেষ্ট কৰা হৈছিল আৰু ইয়াৰে ৩,৭০৬ গৰাকীৰ দেহত ক'ভিডৰ উপস্থিতি ধৰা পৰে। এই হিচাপত আক্ৰান্তৰ হাৰ হৈছে ২.১৬ শতাংশ । লক্ষণীয় বিষয় যে, বিগত কেইবাদিন ধৰি আক্ৰান্তৰ হাৰ ২ ৰ পৰা ৩ শতাংশৰ ভিতৰত উঠা-নমা কৰি আছে ৷

অসমত নতুনকৈ ধৰা পৰা ৩,৭০৬ গৰাকী ক'ভিড ৰোগীৰ ভিতৰত ২৬২ গৰাকী শোণিতপুৰৰ, ২৪০ গৰাকী গোলাঘাটৰ, ২৩৪ গৰাকী ডিব্ৰুগড়ৰ আৰু ২১০ গৰাকী তিনিচুকীয়াৰ । ৰাজ্যত এতিয়ালৈকে কৰ'ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হৈছে ৪,৭৭,১৫৯ গৰাকী । আনহাতে বিগত ২৪ ঘণ্টাত কৰ'ণাৰ পৰা আৰোগ্য লাভ কৰিছে ৰাজ্যৰ ৪,৮৩৫ গৰাকী লোকে ।

number of covid cases are decreasing in assam
ৰাজ্যত হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

এই সময়ছোৱাত সুস্থতাৰ হাৰ হৈছে ৯১.৩৮ শতাংশ । ইফালে বিগত ২৪ ঘণ্টাত অসমত কৰ'ণাত মৃত্যু হৈছে ৩৩ গৰাকী লোকৰ । এতিয়ালৈকে কৰ'ণাত মৃত্যু হৈছে ৪,১৩৮ গৰাকী লোকৰ । মৃত্যুৰ হাৰ হৈছে ০.৮৭ শতাংশ । বৰ্ত্তমান ৰাজ্যত সক্ৰিয় হৈ থকা ক'ভিড ৰোগীৰ সংখ্যা হৈছে ৩৫,৬৩১ গৰাকী ।

সম্পূৰ্ণ লকডাউন (Complete lockdown) নিদিয়াকৈ সময়সীমা বান্ধি দিয়া সান্ধ্য আইন(curfew)ৰ যোগেদি ৰাজ্য চৰকাৰে ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰি আহিছে । আনহাতে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সান্ধ্য আইন ক্ৰমাৎ শিথিল কৰি অনা হৈছে । ৰাজ্যখনত শেহতীয়াকৈ ক’ভিড পৰিস্থিতিৰ ভালেখিনি উন্নতি হৈছে যদিও বহু কেইখন জিলাত এতিয়াও পৰিস্থিতিৰ উন্নত হোৱা নাই । যাৰ বাবে সেই জিলাসমূহত এতিয়াও অন্য জিলাৰ তুলনাত নীতি-নিৰ্দেশনা শিথিল কৰা হোৱা নাই ।

ৰাজ্যত ক’ভিড ভেকচিন প্ৰদানৰ স্থিতি

ইফালে, ৰাজ্যজুৰি অব্যাহত আছে ভেকচিন প্ৰদানৰ (vaccination) কাৰ্যসূচী । বিগত ২৪ ঘণ্টাত ৰাজ্যৰ ১,১৬,২৩৭ গৰাকী লোকক ভেকচিন প্ৰদান কৰা হয় । আনহাতে এতিয়ালৈকে ৰাজ্যৰ ৫২,০৮,৮৫১ গৰাকী লোকক ভেকচিন প্ৰদান কৰা হৈছে । ইয়াৰে ৪১,৭৮,২১৩ গৰাকী লোকক প্ৰথম পালি আৰু ১০,৩০,৬৩৮ গৰাকী লোকক দ্বিতীয় পালি প্ৰদান কৰা হৈছে ।

ইফালে, চৰকাৰী তথ্য মতে বৰ্ত্তমান ৰাজ্যত মজুত আছে ৫,১৯,৮৬০ পালি ভেকচিন । ইয়াৰে ২,১৩,৮৮০ পালি ৪৫ বছৰ ঊৰ্দ্ধৰ লোকৰ বাবে আৰু ৩,০৫,৯৮০ পালি ১৮ বছৰৰ পৰা ৪৪ বছৰ বয়সৰ লোকৰ বাবে । উল্লেখ্য যে, ২১ জুনৰ পৰা ৰাজ্যজুৰি দৈনিক তিনি লাখ লোকক ভেকচিন প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ৰাজ্য চৰকাৰে ।

লগতে পঢ়ক : ‘উড়ন্ত শিখ’ মিলখা সিঙৰ জীৱনৰ দৌৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.