ETV Bharat / state

২০১৯ বৰ্ষটোৰ এটা উল্লেখযোগ্য ঘটনা এন আৰ চি

author img

By

Published : Dec 31, 2019, 9:54 AM IST

Updated : Dec 31, 2019, 10:58 AM IST

মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ২০১৩ চনত অসমত এন আৰ চি উন্নীতকৰণৰ কাম আৰম্ভ হয় আৰু তেতিয়াৰে পৰা উচ্চতম ন্যায়ালয়ে এন আৰ চি উন্নীতকৰণৰ সমগ্ৰ প্ৰক্ৰিয়াৰ প্ৰতিটো বিষয়ত তদাৰকী কৰে ৷ উল্লেখ্য যে,অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম কৰা হৈছিল অসম চুক্তিৰ আধাৰত ৷

২০১৯ বৰ্ষটোৰ এটা উল্লেখযোগ্য ঘটনা এন আৰ চি
২০১৯ বৰ্ষটোৰ এটা উল্লেখযোগ্য ঘটনা এন আৰ চি

পুৰণিক বিদায় দি নতুনক আদৰাৰ প্ৰাকমূহুৰ্তত বিদায়ী বছৰটোত ঘটি যোৱা বহু ঘটনাই আমাৰ বাবে স্মৃতিৰ গৰাহত থাকি যাব ৷ এনে বহু ঘটনা পৰিঘটনাৰ মাজতে এটা বিশেষ বিষয়, যি বিষয়টোৰ লগত কম বেছি পৰিমাণে প্ৰতিজন অসমীয়া লোক জড়িত হৈছে ৷ কোনোবা এটা নহয় কোনোবা এটা কোণত আপুনিও এই বিষয়টোৰ সৈতে একাত্ম হৈছিল বিদায়ী বছৰটোত ৷ আমি যদি 2019 বৰ্ষলৈ ওভতি চাও তেনেহ'লে,যোৱা বৰ্ষটোৰ আৰম্ভণিৰ পৰা শেষলৈকে আলোচনাৰ মজিয়াত ঠাই পোৱা এটা গুৰুত্বপূৰ্ণ প্ৰসংগ এ আৰ চি,অৰ্থাৎ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী ৷
বহু আশা আৰু প্ৰত্যাশাৰ অন্তত ২০১৯ বৰ্ষত সমাপ্ত হ'ল NRCৰ উন্নীতকৰণৰ কাম । চাও আহক এন আৰ চিৰ সুদীৰ্ঘ পৰিক্ৰমাৰে প্ৰস্তুত কৰা আমাৰ এক বিশেষ প্ৰতিবেদন ৷ এন আৰ চি প্ৰস্তুতকৰণ আৰু উন্নীতকৰণৰ কাম

  • মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আৰম্ভ হৈছিল অসমত
  • প্ৰথম এন আৰ চিৰ কাম আৰম্ভ হয় ২০১৩ চনত
  • নাগৰিকত্ব পঞ্জীয়নৰ মূল দায়িত্বত আছিল ভাৰত চৰকাৰৰ মহাপঞ্জীয়ক
  • অসমত এই দায়িত্বত আছিল ৰাজ্যিক লোকপিয়ল সঞ্চালক
  • ৰাজ্যিক সমন্বয়কৰূপে দায়িত্ব দিয়া হৈছিল প্ৰতীক হাজেলাক

মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ২০১৩ চনত অসমত এন আৰ চি উন্নীতকৰণৰ কাম আৰম্ভ হয় আৰু তেতিয়াৰে পৰা উচ্চতম ন্যায়ালয়ে এন আৰ চি উন্নীতকৰণৰ সমগ্ৰ প্ৰক্ৰিয়াৰ প্ৰতিটো বিষয়ত তদাৰকী কৰে ৷ উল্লেখ্য যে,অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম কৰা হৈছিল অসম চুক্তিৰ আধাৰত

  • ১৯৭১ চনৰ ২৪ মাৰ্চৰ সময় সীমা অনুযায়ী প্ৰস্তুত কৰা হয় এন আৰ চি
  • ২০১৫ চনৰ পৰা আৰম্ভ হয় NRCৰ আবেদন পত্ৰ গ্ৰহণৰ কাম
  • 2015 চনৰ 31 আগষ্টৰ মাজনিশা প্ৰকাশ পায় এন আৰ চিৰ প্ৰথমখন খচৰা
  • ৬৮৩৭৬৬০ খন আবেদন পত্ৰৰ যোগেদি মুঠ ৩৩ ২৭৬৬১ জন লোকে আবেদন কৰে
  • ইয়াৰ পিছতে আৰম্ভ হয় ৩ কোটিৰো অধিক লোকৰ নথি পত্ৰ পৰীক্ষণৰ কাম ।
  • এই বৃহৎ প্ৰক্ৰিয়াত জড়িত হৈ পৰে ৰাজ্য চৰকাৰৰ ৫২ হাজাৰ কৰ্মচাৰী

নথি পৰীক্ষণৰ পিচতে উচ্চতম ন্যায়ালয়ে ২০১৮ চনৰ ৩০ জুলাইত এন আৰ চি প্ৰকাশৰ বাবে নিৰ্দেশ দিয়ে ৷ ইয়াৰ পিচতে বহু বাদানুবাদৰ অন্তত ২০১৮ চনৰ ৩০ আগষ্টত সম্পূৰ্ণ খচৰা প্ৰকাশ পায় । য'ত ২৮৯৮৩৬৭৭ জন লোকৰ নাম খচৰাত প্ৰকাশ পাইছিল। আৰু নাম বাদ পৰিছিল প্ৰায় ৪০ লাখ লোকৰ । য'ত ১৮৭৬৩৩ জন আবেদনকাৰীৰ নামৰ বিৰুদ্ধে আপত্তি পোৱা যায়।
২০১৯ চনৰ ২৬ জুন তাৰিখে ১০২৪৬২ জন সদস্যৰ নাম অতিৰিক্ত খচৰাত প্ৰকাশ পায়। অৱশেষত ৩১/৮/২০১৯ তাৰিখে পোৱা ১০ বজাত প্ৰকাশ পালে সম্পূৰ্ণ NRC। ৩১১২১০০৪ জন লোক যোগ্য বিবেচিত হয়।
ইয়াৰ বিপৰীতে ১৯০৬৬৫৭ জন লোকৰ নাম বাদ পৰে । কিন্তু নাম বাদ পৰা সংখ্যাক লৈ সন্তুষ্ট হ'ব পৰা নাছিল বহু দল সংগঠন তথা ৰাজনৈতিক দলো। অভিযোগ উত্থাপন কৰিছিল যে এন আৰ চি আসোঁৱাহপূৰ্ণ হৈছে ৷ ইয়াৰ পিচতে ৰাজ্য চৰকাৰেও প্ৰকাশ কৰিছিল একেই মত ৷ ইতিমধ্যে বহু দল সংগঠনে এন আৰ চি পুনৰীক্ষণৰ বাবে পুনৰ আবেদন জনাই উচ্চতম ন্যায়ালয়ত ৷ তাতো কোনো বিশেষ কৃতকাৰ্যতা লাভ নকৰিলে দল সংগঠনসমূহে ৷

ইফালে আৰম্ভ হৈছিল আন এক ৰাজনীতি । অসম চুক্তিৰ আধাৰত সম্পাদন কৰা এন আৰ চি পুনৰ 1951 চনৰ ভিত্তি প্ৰকাশ কৰা হ'ব বুলি কয় কেন্দ্ৰীয় চৰকাৰে ৷ ইয়াকে লৈ পুনৰ সৃষ্টি হয় বিতৰ্কৰ ৷ ৰাজ্য চৰকাৰে প্ৰকাশিত এন আৰ চিক মানি নোলোৱাৰ বিপৰীতে বিভিন্ন দল সংগঠনে উচ্চতম ন্যায়ালয়ত এন আৰ চি পুনৰীক্ষণৰ বাবে আবেদন জনাইছিল ৷ ইয়াৰ মাজতে এন আৰ চিৰ ৰাজ্যিক সমন্বয়কৰূপে দায়িত্ব দিয়া প্ৰতীক হাজেলালৈ আঙুলি টোৱাই বিভিন্ন দল সংগঠনে । আনকি আৰ্থিক কেলেংকাৰীটো জড়িত থকাৰ অভিযোগ উত্থাপিত হয় প্ৰতীক হাজেলাৰ বিৰুদ্ধে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে 2019 বৰ্ষৰ ১৮ অক্টোবৰত ৰাজ্যিক সমন্বয়কৰ দায়িত্ব থকা প্ৰতীক হাজেলাক মধ্য প্ৰদেশলৈ বদলি কৰা হয়। বৰ্তমান NRCৰ ৰাজ্যিক সমন্বয়কৰ দায়িত্ব গ্ৰহণ কৰিছে হিতেশ দেৱ শৰ্মাই। দায়িত্ব গ্ৰহণ কৰিয়ে হিতেশ দেৱ শৰ্মাই প্ৰকাশ কৰে যে তেওঁ অসমীয়া হিচাপে অসমবাসীৰ ওচৰত দায়বদ্ধ। কিন্তু কি হ'ব এন আৰ চিৰ ভৱিষ্যত ? সেয়া সময়েহে ক'ব ৷

লগতে চাওকঃ পৰ্যটন ক্ষেত্ৰলৈ দুঃসংবাদ : হ্ৰাস পাইছে পৰ্যটকৰ সংখ্যা !

Intro:NRC2019
ANCHOR-- ২০১৯ বৰ্ষত কেবাটাও গুৰুত্বপূৰ্ণ বিষয় চর্চা হৈ থাকিল অসমত । তাৰ ভিতৰ সবাতোকৈ চৰ্চিত বিষয় NRC অৰ্থাৎ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী । বহু আশা আৰু প্ৰত্যাশাৰ অন্তত ২০১৯ বৰ্ষত সমাপ্ত হল NRC ৰ উন্নীতকৰণৰ কাম ।

এন আৰ চি প্ৰস্তুতকৰণ আৰু উন্নীতকৰণৰ কাম ভাৰতবৰ্ষৰ মাননীয় উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে ২০১৬ চনৰ ১ জানুৱাৰী তাৰিখে চূড়ান্ত এন আৰ চিখন প্ৰকাশ কৰিবলৈ চৰকাৰক কঠোৰভাৱে আদেশ দিয়া হৈছে যদিও বিভিন্ন সমস্যাৰ বাবে সেয়া সম্ভৱ হোৱা নাছিল ।

নাগৰিক পঞ্জীয়নৰ বাবে ভাৰত চৰকাৰৰ মহাপঞ্জীয়কগৰাকী মূল দায়িত্বত থাকিব। অসমত থাকিব ৰাজ্যিক লোকপিয়ল সঞ্চালকগৰাকী। লগতে নাগৰিক পঞ্জীয়নৰ ৰাজ্যিক সমন্বয়কৰূপে দায়িত্ব দিয়া হৈছিল ‘ন’ডেল বিষয়া’ প্ৰতীক হাজেলাক ।

Body:মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ২০১৩ চন্ত অসমত এন্ আৰ নচ উন্নীতকৰণ কম
কাম আৰম্ভ হয় ।
তেতিয়াৰে পৰা উচ্চতম ন্যায়ালয়ে এন আৰ চি উন্নীতকৰণৰ সমগ্ৰ প্ৰক্ৰিয়া প্ৰতিটো বিষয় তদাৰকী ককৰি আহিছে । NRC সমগ্ৰ প্ৰক্ৰিয়া অসম চুক্তিৰ আধাৰত ১৯৭১ চনৰ ২৪ মাৰ্চৰ সময় সীমা অনুযায়ী প্ৰস্তুত কৰা হৈছে ।
GFX -- চন ২০১৫ আৰম্ভ হল NRC ৰ আবেদন পত্ৰ গ্ৰহণ কৰা কাম ।
GFX--- ৬৮৩৭৬৬০ খন আবেদন পত্ৰৰ যোগেদি মুঠ ৩৩০২৭৬৬১ জন লোকে আবেদন কৰে ।
আৰু তাৰ পিছতে আৰম্ভ হল ৩ কুটিৰো অধিক লোকৰ নথি পত্ৰ পৰীক্ষণৰ কাম । এই বৃহৎ প্ৰক্ৰিয়াত জড়িত হৈ পৰিল ৰাজ্য চৰকাৰৰ
GFX --- ৫২ হাজাৰ কৰ্মচাৰী
Voice- উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
Gfx- ৩০ জুলাই ২০১৮ প্ৰকাশ
Voice- পাবই লাগিব NRC ৰ । আৰু বহু বাধা বিঘিনীৰ অন্তত ২০১৮ চনৰ ৩০ জুলাইট সম্পূৰ্ণ খচৰা প্ৰকাশ পাই । যত
Gfx--- ২৮৯৮৩৬৭৭ জন লোকৰ নাম খচৰাত প্ৰকাশ পাইছিল । আৰু
Gfx-- নাম বাদ পৰিছিল প্ৰায় ৪০ লাখ লোকৰ ।
যত
Gfx-- ১৮৭৬৩৩ জন আবেদন কাৰীৰ নামৰ বিৰুদ্ধে আপত্তি পোৱা হয় ।
Gfx-- ২০১৯ চনৰ ২৬ জুন তাৰিখে ১০২৪৬২ জন সদস্যৰ নাম অতিৰিক্ত খচৰাত প্ৰকাশ পাই ।
Voice--- অৱশেষত ২১/৮/২০১৯ তাৰিখে পোৱা ১০ বজাত প্ৰকাশ পালে সম্পূৰ্ণ NRC ।
Gfx -- ৩১১২১০০৪ জন লোক যোগ্য বিবেচিত হয় ।
ইয়াৰ বিপৰীতে
Gfx -- ১৯০৬৬৫৭ জন লোকৰ নাম বাদ পৰে ।

Voice-- কিন্তু নাম বাদ পৰা সংখ্যা লৈ সন্তুষ্ট হব পৰা নাছিল বহু দল সংগঠন তথা ৰাজনৈতিক পাৰ্টিও । আৰম্ভ হৈছিল ৰাজনীতি । নাগৰিক পঞ্জীয়নৰ ৰাজ্যিক সমন্বয়কৰূপে দায়িত্ব দিয়া প্ৰতীক হাজেলালৈ লৈ আঙুলি টুইছিল প্ৰতিটো দল সংগঠনে । আনকি আৰ্থিক কেলেংকাৰীটো জড়িত থকাৰ অভিযোগ উত্থাপিত হয় ।
Voice-- আৰু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰমে চলিত বৰ্ষৰ ১৮ অক্টোবৰত ৰাজ্যিক সমন্বয়ক দায়িত্ব থকা প্ৰতীক হাজেলাক মধ্য প্ৰদেশলৈ প্ৰেৰণ কৰা হয় ।

Conclusion:Voice-- বৰ্তমান NRCৰ ৰাজ্যিক সমন্বয়কৰ দায়িত্ব গ্ৰহণ কৰিলে হিতেশ দেৱ শৰ্মাই। দায়িত্ব গ্ৰহণ কৰিয়ে হিতেশ দেৱ শৰ্মাই ক’লে – মই অসমীয়া হিচাপে অসমবাসীৰ ওচৰত দায়বদ্ধ।
Last Updated : Dec 31, 2019, 10:58 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.