ETV Bharat / state

NRC বাতিল কৰক,বিজেপি গ’ বেক ধ্বনিৰে উত্তাল মহানগৰী

author img

By

Published : Sep 3, 2019, 7:57 PM IST

এন আৰ চি বাতিলৰ দাবীত ৰাজপথত আন্তঃৰাষ্ট্ৰীয় বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দল । ১৯৭১ নহয় ১৯৫১ চনৰ ভিত্তিত পুনৰ এন আৰ চি গঠনৰ দাবী সংগঠন কেইটাৰ । হিন্দু শৰণাৰ্থী সকলৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত কৰাৰ দাবী ৷

NRC বাতিল কৰক, বিজেপি গ’ বেক ধ্বনিৰে উত্তাল মহানগৰী

গুৱাহাটী, 3 ছেপ্টেম্বৰঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাখনকলৈ অসন্তুষ্টি প্ৰকাশ কৰি মঙলবাৰে আন্তঃৰাষ্ট্ৰীয় বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলে মহানগৰীত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। মহানগৰীৰ আমবাৰীত এক প্ৰতিবাদী সমদল উলিয়াই আন্তঃৰাষ্ট্ৰীয় বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ সদস্য সকলে এখন শুদ্ধ এন আৰ চিৰ দাবী জনায় ।

NRC বাতিল কৰক, বিজেপি গ’ বেক ধ্বনিৰে উত্তাল মহানগৰী

শুদ্ধ এন আৰ চি প্ৰকাশ কৰিব নোৱাৰাৰ অভিযোগ উত্থাপন কৰি শাসকীয় বিজেপি দলক তীব্ৰ সমালোচনা কৰে দল দুটাই ৷ বিজেপি চৰকাৰ মূর্দাবাদ,বিজেপি চৰকাৰ গ’বেক,বিজেপি হিন্দু বিৰোধী দল শ্ল'গানেৰে উত্তাল কৰি তোলে ৰাজপথ। প্ৰতিবাদকাৰী সকলে ১৯৭১ চনৰ বিপৰীতে ১৯৫১ চনৰ ভিত্তিত ৰাজ্যত পুনৰ এন আৰ চি গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ চৰকাৰক দাবী জনায়। ৰাজ্যত শৰণাৰ্থী হিচাপে থকা হিন্দু সকলৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত কৰাৰো দাবী জনায় জিলা উপায়ুক্তলৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰে সংগঠনটোৱে। ইয়াৰ লগতে অহা ৪ আৰু ৫ ছেপ্টেম্বৰত ৰাজ্যৰ প্ৰতিখন জিলাতে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে ৬ ছেপ্টেম্বৰত অসম বন্ধৰ আহ্বান জনাইছে সংগঠনটোৱে ।

Intro:এন আৰ চি বাতিলৰ দাবীত ৰাজপথত ওলাই আহিল আন্তৰাষ্ট্ৰীয় বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দল। ১৯৭১ নহয় ১৯৫১ চনৰ ভিত্তিত পুনৰ এন আৰ চি গঠনৰ দাবী। শৰণাৰ্থী হিন্দু সকলৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত কৰিব লাগে।

Body:ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশৰ পিছতে তালিকাখনকলৈ অসন্তুষ্টি প্ৰকাশ কৰিছে বিভিন্ন দল সংগঠনে। এফালে এন আৰ চিৰ চূড়ান্ত তালিকাখনৰ পৰা বহু প্ৰকৃত ভাৰতীয়ৰ নাম বাদ পৰাত তালিকাখন গ্ৰহণযোগ্য নহয় বুলি কেইবাটাও সংগঠনে মন্তব্য প্ৰকাশ কৰাৰ বিপৰীতে তালিকাখনত অবৈধ নাগৰিকৰ নাম সন্নিবিষ্ট হোৱাৰ অভিযোগ উত্থাপন কৰিছে কিছুমানে। ৮৫৫ জন শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত অসমীয়া জাতিয়ে লাভ কৰা এন আৰ চিখনত বিসংগতি থকাৰ অভিযোগ শাসকীয় দল বিজেপিৰ লগতে অন্যান্য ৰাজনৈতিক দলৰ লগতে সামাজিক দল-সংগঠন আৰু অসমীয়া ৰাইজৰ।

এন আৰ চিৰ চূড়ান্ত তালিকাখনকলৈ অসন্তুষ্টি প্ৰকাশ কৰি আজি আন্তৰাষ্ট্ৰীয় বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলে মহানগৰীত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। মহানগৰীৰ আমবাৰীত এক প্ৰতিবাদী সমদল উলিয়াই আন্তৰাষ্ট্ৰীয় বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ সদস্য সকলে এখন শুদ্ধ এন আৰ চিৰ দাবী জনায়। সংগঠনত দুটাৰ সদস্য সকলে এখন শুদ্ধ এন আৰ চি প্ৰকাশ কৰিব নোৱাৰাৰ অভিযোগ উত্থাপন কৰি শাসকীয় বিজেপি দলত তীব্ৰ আক্ৰমণ কৰে। সংগঠনত দুটাৰ সদস্য সকলে বিজেপি চৰকাৰ মূর্দাবাদ, বিজেপি হিন্দু বিৰোধী দল শ্ল'গানেৰে ৰাজপথ উঠিল কৰি তোলে। প্ৰতিবাদকাৰী সকলে লগতে ১৯৭১ চনৰ বিপৰীতে ১৯৫১ চনৰ ভিত্তিত ৰাজ্যত পুনৰ এন আৰ চি গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ চৰকাৰক দাবী জনায়। ৰাজ্যত শৰণাৰ্থী হিচাপে থকা হিন্দু সকলৰ নাম এন আৰ চিত অন্তৰ্ভূক্ত কৰাৰো দাবী জনায় প্ৰতিবাদকাৰী সকলে।

বাইট : প্ৰতিবাদী

Conclusion:প্ৰতিবাদকাৰী সকলক আৰক্ষীয়ে বাধা প্ৰদান কৰোতে ৰাজ্যত পুনৰ এন আৰ চি গঠনৰ দাবী জনাই আৰক্ষীৰ জৰিয়তে জিলা উপায়ুক্তলৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰা হয়। সংগঠন দুটাই ৪ আৰু ৫ ছেপ্টেম্বৰত ৰাজ্যৰ প্ৰতিখন জিলাতে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে ৬ ছেপ্টেম্বৰত অসম বন্ধৰ আহ্বান জনাইছে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.