ETV Bharat / state

বিদেশী ন্যায়াধীকৰণৰ প্ৰস্তুতি তুংগতঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পূৰ্ণাংগ তালিকা প্ৰকাশলৈ মাথো 10 দিন - ষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পূৰ্ণাংগ তালিকা

অসমীয়া জাতিৰ দলিল ৰূপে আখ্যা পোৱা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পূৰ্ণাংগ তালিকা প্ৰকাশৰ পিছত স্বাভাৱিকতে উদ্ভৱ হ'ব লগা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি লৈ ৰাজ্য চৰকাৰে নতুনকৈ স্থাপন কৰা 200খন বিদেশী ন্যায়াধীকৰণৰ সদস্য বাচনি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিলে গুৱাহাটী উচ্চ ন্যায়লয়ে ৷

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশলৈ মাথো 10 দিন
author img

By

Published : Aug 21, 2019, 7:28 PM IST

গুৱাহাটী, 21 আগষ্ট : ৰাজ্যত আৰম্ভ হৈ গৈছে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাউন্টডাউন । মাজত মাত্ৰ আৰু দহটা দিন । ৰাজ্য প্ৰশাসন আৰু গৃহ বিভাগৰ লগতে সমানে ব্যস্ত হৈ পৰিছে ন্যায় ব্যৱস্থাও । ৩১ আগষ্টৰ পিছত অৰ্থাৎ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশৰ পিছত স্বাভাৱিকতে প্ৰয়োজন হৈ পৰিব বহু সংখ্যক বিদেশী ন্যায়াধীকৰণৰ । সেয়েহে ৰাজ্য চৰকাৰে নতুনকৈ স্থাপন কৰিবলৈ লোৱা আৰু দুশখন বিদেশী ন্যায়াধীকৰণৰ বাবে সদস্য বাচনি প্ৰক্ৰিয়াও ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ে সম্পূৰ্ণ কৰিছে । ২২১ গৰাকী নতুন সদস্য বাচনি কৰাৰ লগতে অতিৰিক্তভাবে আৰু ৫০ গৰাকী সদস্যক প্ৰতীক্ষাৰ তালিকাত ৰখা হৈছে ৷

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশলৈ মাথো 10 দিন

উল্লেখযোগ্য যে নতুনকৈ স্থাপন কৰিবলৈ লোৱা দুই শতাধিক বিদেশী ন্যায়াধীকৰণৰ সদস্য পদৰ বাবে আবেদনকাৰী আছিল ২,২৪৬ গৰাকী । এই ২,১৩৭ গৰাকী আবেদনকাৰীৰ ভিতৰত আছিল ১৬ গৰাকী অৱসৰপ্ৰাপ্ত ন্যায়িক বিষয়া, ১৮ গৰাকী অৱসৰপ্ৰাপ্ত অসম অসামৰিক সেৱাৰ বিষয়া আৰু ২,১০৩ গৰাকী অধিবক্তা । এইসকলৰ মাজৰ পৰা ২,১৩৭ গৰাকী আবেদনকাৰীক বাচনি কৰি বিগত ১৬ জুলাইৰ পৰা ১৬ আগষ্টলৈ এমাহজোৰা সাক্ষাৎকাৰ অনুষ্ঠিত কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে । উচ্চ ন্যায়ালয়ৰ ছগৰাকী ন্যায়াধীশ ক্ৰমে উজ্জ্বল ভূঞা, মানসৰঞ্জন পাঠক, মনজিৎ ভূঞা, সুমন শ্যাম, কে আৰ চুৰানা আৰু পি কে ডেকাক লৈ গঠন কৰি দিয়া হৈছিল তিনিখন বাচনি সমিতি ৷

ইতিমধ্যে ৰাজ্য চৰকাৰে কামৰূপ (ম) জিলাত ৬৭ খন, নগাঁৱত ৩৯ খন, যোৰহাটত ৩১ খন, বঙাইগাৱত ২২ খন, শোণিতপুৰত ২১ খন আৰু কাছাৰত ২০ খন নতুন ন্যায়াধীকৰণ স্থাপন কৰিছে ৷ চূড়ান্ত তালিকা ঘোষণা কৰাৰ পিছৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিবলৈ এখন সমিতি গঠন কৰিবলৈও ইতিমধ্যে ৰাজ্য চৰকাৰৰ ফালৰ পৰা কেন্দ্ৰলৈ প্ৰস্তাৱ পঠিওৱা হৈছে। নাগৰিকপঞ্জী প্ৰস্তুতৰ সৈতে জড়িত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সকলোকেইটা বিভাগৰ একোজন সচিব পৰ্যায়ৰ বিষয়াক এই সমিতিৰ সদস্য হিচাপে ৰখাৰ বাবে প্ৰস্তাৱ আগবঢ়াইছে ৰাজ্য চৰকাৰে।

Intro:গুৱাহাটী, ২১ আগষ্ট: মাজত মাত্ৰ আৰু দহটা দিন। ৰাজ্যত আৰম্ভ হৈ গৈছে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাউন্টডাউন। ৰাজ্য প্ৰশাসন আৰু গৃহ বিভাগৰ লগতে সমানে ব্যস্ত হৈ পৰিছে ন্যায় ব্যৱস্থাও। ৩১ আগষ্টৰ পিছত অৰ্থাৎ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশৰ পিছত স্বাভাৱিকতে প্ৰয়োজন হৈ পৰিব বহু সংখ্যক বিদেশী ন্যায়াধীকৰণৰ। সেয়েহে ৰাজ্য চৰকাৰে নতুনকৈ স্থাপন কৰিবলৈ লোৱা আৰু দুশখন বিদেশী ন্যায়াধীকৰণৰ বাবে সদস্য বাচনি প্ৰক্ৰিয়াও ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ে সম্পূৰ্ণ কৰিছে। ২২১ গৰাকী নতুন সদস্য বাচনি কৰাৰ লগতে অতিৰিক্তভাবে আৰু ৫০ গৰাকী সদস্যক প্ৰতীক্ষাৰ তালিকাত ৰখা হৈছে।

Body:১ ছেপ্টেম্বৰৰ পূৰ্বেই এওলোকৰ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ উঠিব। নতুনকৈ স্থাপন কৰিবলৈ লোৱা দুই শতাধিক বিদেশী ন্যায়াধীকৰণৰ সদস্য পদৰ বাবে আবেদনকাৰী আছিল ২,২৪৬ গৰাকী। এইসকলৰ মাজৰ পৰা ২,১৩৭ গৰাকী আবেদনকাৰীক বাচনি কৰি বিগত ১৬ জুলাইৰ পৰা ১৬ আগষ্টলৈ এমাহজোৰা সাক্ষাৎকাৰ অনুষ্ঠিত কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে। এই ২,১৩৭ গৰাকী আবেদনকাৰীৰ ভিতৰত আছিল ১৬ গৰাকী অৱসৰপ্ৰাপ্ত ন্যায়িক বিষয়া, ১৮ গৰাকী অৱসৰপ্ৰাপ্ত অসম অসামৰিক সেৱাৰ বিষয়া আৰু ২,১০৩ গৰাকী অধিবক্তা। উচ্চ ন্যায়ালয়ৰ ছগৰাকী ন্যায়াধীশ ক্ৰমে উজ্জ্বল ভূঞা, মানসৰঞ্জন পাঠক, মনজিৎ ভূঞা, সুমন শ্যাম, কে আৰ চুৰানা আৰু পি কে ডেকাক লৈ গঠন কৰি দিয়া তিনিখন বাচনি সমিতিয়ে উক্ত ২,১৩৭ গৰাকী আবেদনকাৰীৰ মাজৰ পৰা উক্ত ২২১ গৰাকী সদস্যক বাচনি।কৰে।

Conclusion:ইতিমধ্যে ৰাজ্য চৰকাৰে কামৰূপ (ম) জিলাত ৬৭ খন, নগাঁৱত ৩৯ খন, যোৰহাটত ৩১ খন, বঙাইগাৱত ২২ খন, শোণিতপুৰত ২১ খন আৰু কাছাৰত ২০ খন নতুন ন্যায়াধীকৰণ স্থাপন কৰাৰ বাবেই এই ২২১ গৰাকী সদস্যৰ প্ৰয়োজনীয়তা আহি পৰিছে। আনহাতে, ৩১ আগষ্টক লৈ যে কেৱল ন্যায়িক ব্যৱস্থাই ব্যস্ত হৈ পৰিছে তেনে নহয়। চূড়ান্ত তালিকা ঘোষণা কৰাৰ পিছৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিবলৈ এখন সমিতি গঠন কৰিবলৈও ইতিমধ্যে ৰাজ্য চৰকাৰৰ ফালৰ পৰা কেন্দ্ৰলৈ প্ৰস্তাৱ পঠিওৱা হৈছে। নাগৰিকপঞ্জী প্ৰস্তুতৰ সৈতে জড়িত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সকলোকেইটা বিভাগৰ একোজন সচিব পৰ্যায়ৰ বিষয়াক এই সমিতিৰ সদস্য হিচাপে ৰখাৰ বাবে প্ৰস্তাৱ আগবঢ়াইছে ৰাজ্য চৰকাৰে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.