গুৱাহাটী, ১৬ ছেপ্টেম্বৰ : ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দিছপুৰত শাসনৰ দায়িত্বভাৰ চমজি লোৱাৰ পিছৰে পৰা বৰ্তমানলৈকে অসম আৰক্ষী লিপ্ত হৈছে সৰ্বমুঠ ৬০ টাকৈ "এনকাউণ্টাৰ" ত । এই পৰ্যন্ত এনে এনকাউণ্টাৰত ২৪ জনকৈ অভিযুক্ত নিহত হৈছে । কোনো কোনোৱে অসম আৰক্ষীৰ এনে কাৰ্যক প্ৰশংসাৰে উপচাই পেলালেও বহুতেই কিন্তু সহজে ল’ব পৰা নাই এই ধাৰাবাহিক এনকাউণ্টাৰৰ ঘটনাক । সন্দেহৰ আঙুলি উঠিছে আৰক্ষীৰ প্ৰতিও ।
![Notice of the Human Rights Commission regarding the encounter](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13079084_jkgiguigpolice.jpeg)
শেহতীয়াকৈ অসম আৰক্ষীৰ এইধৰণৰ ধাৰাবাহিক এনকাউণ্টাৰৰ প্ৰতি চকু পৰিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ । অসম আৰক্ষীৰ জিম্মাত থকা অভিযুক্তক ভুৱা এনকাউণ্টাৰত গুলীবিদ্ধ কৰাৰ অভিযোগ তুলি আৰিফ জোৱাদ্দাৰ নামৰ দিল্লীৰ এগৰাকী অধিবক্তাই ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগত অভিযোগ দাখিল কৰিছিল ।
লগতে পঢ়ক: 2021ৰ আটাইতকৈ প্ৰভাৱশালী ব্যক্তিৰ তালিকাত মোডী আৰু মমতা
সেই অভিযোগৰ ভিত্তিতে আয়োগে শেহতীয়াকৈ অসম আৰক্ষীলৈ এক জাননী জাৰি কৰিছে । যোৱা সময়চোৱাত সংঘটিত এনে এনকাউণ্টাৰ সমূহৰ এক প্ৰতিবেদন দাখিল কৰিবলৈও ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে অসম আৰক্ষীক নিৰ্দেশ দিছে । উল্লেখ্য যে, ইতিমধ্যে অসম আৰক্ষীৰ দ্বাৰা সংঘটিত এইধৰণৰ এনকাউণ্টাৰসমূহৰ ভিতৰত বৰাক উপত্যকা আৰু নগাঁৱত হোৱা দুটা এনকাউণ্টাৰ ভুৱা বুলি অভিযোগ উঠাত চৰকাৰে ইয়াৰ এক দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিবলৈও বাধ্য হৈছিল ।
![Notice of the Human Rights Commission regarding the encounter](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13079084_police.jpeg)
অলপতে কোকেইন সৰবৰাহত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা বিশাল চৌধুৰী নামৰ অভিযুক্তজনো অনুৰূপ এনকাউণ্টাৰত গুলীবিদ্ধ হোৱাৰ পিছত বিশালৰ পিতৃয়ে অসম আৰক্ষীৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছিল ।
লগতে পঢ়ক: প্ৰথমবাৰৰ বাবে চাৰিজন পৰ্যটকক লৈ মহাকাশত SpaceXৰ ৰকেট