গুৱাহাটী, 24 নৱেম্বৰ: কেৱল হিন্দুৰ বাবে নহয়, অসমৰ সুৰক্ষাৰ বাবে যুঁজ দিছিল বীৰ লাচিত বৰফুকনে ৷ আহোম সেনাপতিগৰাকীয়ে অসমত বাস কৰা হিন্দু, খ্ৰীষ্টান, মুছলমান, জৈন, বৌদ্ধ ধৰ্মালম্বী লোকৰ সুৰক্ষাৰ বাবে মোগলৰ বিৰুদ্ধে যুদ্ধ কৰি অসমক সুৰক্ষা প্ৰদান কৰিছিল । এই মন্তব্য দিছপুৰ সমষ্টিৰ বিজেপি বিধায়ক অতুল বৰাৰ (MLA Atul Bora on Lachit Barphukan) ৷ যিসময়ত অসম চৰকাৰে দিল্লীত লাচিত দিৱস পাতি লাচিত বৰফুকনক হিন্দু বীৰ সজাব খুজিছে, সেই সময়তে শাসকীয় পক্ষৰ বিধায়ক হৈ এইদৰে মন্তব্য কৰিছে বিধায়ক বৰাই ৷
বিধায়কগৰাকীয়ে কয় যে, তেওঁৰ অনুভৱ আনৰ সৈতে নিমিলে ৷ তেওঁ হিন্দু হ’লেও প্ৰথমতে অসমীয়া ৷ গতিকে আনৰ সৈতে তেওঁৰ দৃষ্টিকোণ নিমিলে ৷ তেওঁৰ কাৰণে লাচিতে দিয়া যুঁজত কেৱল হিন্দুৱেই ৰক্ষা পৰা নাছিল ৷ আনৰ দৃষ্টিকোণক সমালোচনা নকৰে বুলিও তেওঁ উল্লেখ কৰে ৷ লাচিত বৰফুকনক বিশ্বত চিনাকি কৰাই দিয়াৰ বাবে চৰকাৰে লোৱা পদক্ষেপক অৱশ্যে শলাগ লয় বিধায়কগৰাকীয়ে ৷ তেওঁৰ মতে, লাচিত বৰফুকন আৰু ছত্ৰপতি শিবাজীক সকলোৱে মনত ৰখা উচিত ৷ কিন্তু অসমৰ মানুহে লাচিতৰ ইতিহাস অ'ত দিনে ইয়াতেই আৱদ্ধ কৰি ৰখাৰ বাবে দেশে তেওঁক চিনিয়েই নাপালে ৷
সমগ্ৰ ৰাজ্যৰ লগতে মহানগৰীৰ বোন্দাত বৃহস্পতিবাৰে লাচিত বৰফুকনৰ ৪০০ সংখ্যক জয়ন্তী দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয় (400th birthday of Lachit Barphukan) । মহানগৰীৰ বোন্দা আঞ্চলিক জনজাতি ক্ৰীড়া আৰু সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ খেল পথাৰত বীৰ লাচিত সেনাৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানৰ মুকলি সভাত উপস্থিত থাকে বিধায়ক অতুল বৰা ৷ তাতেই লাচিত সন্দৰ্ভত এইদৰে কয় বিধায়কজনে (Lachit Divas in Guwahati) ৷
উল্লেখ্য যে, লাচিত দিৱসৰ কাৰ্যসূচী অনুসৰি আজি দিনৰ ১১ বজাত এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় (Cultural rally in Lachit Divas) ৷ এই শোভাযাত্ৰাত গুৱাহাটীৰ বিভিন্ন অঞ্চলৰ লোক সাংস্কৃতিৰ দলে অংশ গ্ৰহণ কৰে । পুৱাৰ ভাগত বীৰ লাচিত সেনাৰ সেনাধ্যক্ষ অমৰ বৰুৱাই পতাকা উত্তোলন কৰি দ্বিতীয় দিনৰ কাৰ্যসূচী শুভাৰম্ভ কৰে । বীৰ লাচিত সেনাৰ উপ-সেনাধ্যক্ষ ৰাজীৱ ফুকন আৰু দিগন্ত দাধৰাই মৈদাম তৰ্পন কৰে ।
নৱপ্ৰজন্মৰ মাজত যাতে লাচিতৰ আদৰ্শক সদায় জীয়াই ৰাখে তাৰ বাবে জন্মজয়ন্তী উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰে ৷ অনুষ্ঠানৰ মুকলি সভাত ভাগ লৈ লাচিত বৰফুকনক হিন্দু নেতা সজোৱা সন্দৰ্ভত দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । লগতে কাৰ্বি আংলঙৰ মুক্ৰ’ৰ হিংসাত্মক ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দি দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই কয় যে গুলী চালনাৰ ঘটনাত অসম আৰক্ষীৰ কোনো ভুল নাছিল (MLA Atul Bora on Mukro violence)।
এটা দুষ্ট চক্ৰাই অসম আৰক্ষী আৰু বন বিভাগৰ বিষয়াক ঘেৰাও কৰি আক্ৰমণ কৰিছিল বুলি উল্লেখ কৰি বিধায়ক অতুল বৰাই কয় যে নিজৰ আত্মৰক্ষাৰ বাবে অসম আৰক্ষীয়ে গুলীচালনা কৰিবলগীয়া হৈছিল । অনুষ্ঠানত বিশিষ্ট লেখক ৰত্নেশ্বৰ বসুমতাৰীযে লাচিতৰ স্বদেশ প্ৰেমৰ ওপৰত ভাষণ প্ৰদান কৰে । এই সভাত কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
লগতে পঢ়ক: Lachit Divas in Delhi: দহটা ভাৰতীয় ভাষাত লাচিতৰ ইতিহাস অনুবাদৰ আহ্বান অমিত শ্বাহৰ