গুৱাহাটী, 11 জুন : ড্ৰাগছৰ বিৰুদ্ধে কামৰূপ আৰক্ষীৰ বৃহৎ অভিযান । বৃহস্পতিবাৰে উত্তৰ গুৱাহাটীত কামৰূপ আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিলে বৃহৎ পৰিমাণৰ হেৰ’ইন সহ দুজন সৰবৰাহকাৰী (Heroin Peddler)ক ।
প্ৰাপ্ত তথ্য অনুসৰি, গেছ পৰিবাহী বুলেটৰ পৰা কামৰূপ আৰক্ষীয়ে জব্দ কৰে ২৫০ গ্ৰাম হেৰ’ইন(Heroin) । গেছ পৰিবাহী বুলেটত মনিপুৰৰ পৰা ডিমাপুৰ হৈ উত্তৰ গুৱাহাটী বটলিং প্লান্টলৈ আনিছিল বৃহৎ পৰিমানৰ হেৰ’ইন (Heroin)খিনি । জব্দকৃত হেৰ’ইনখিনিৰ আন্তৰ্জাতিক বজাৰ মূল্য প্ৰায় ডেৰ কোটি টকা বুলি অনুমান কৰিছে আৰক্ষীয়ে ।
ইতিমধ্যে হেৰ’ইন সৰবৰাহত জড়িত দুই ড্ৰাইভাৰ-হেণ্ডিমেন মনিপুৰৰ ইমানুৱেল খাৰচি আৰু কংথকযাম অজয় মেটেইক গ্ৰেপ্তাৰ কৰিছে কামৰূপ আৰক্ষীয়ে । MN 01 AA 1252 নম্বৰৰ গেছ পৰিবাহী বুলেটত সৰবৰাহ কৰিছিল বৃহৎ পৰিমাণৰ হেৰ’ইন(Heroin) খিনি ।
উল্লেখ্য যে, গোপন সূত্ৰৰ পমখেদি কামৰূপ জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয় আৰু উপ আৰক্ষী অধীক্ষক কল্যান পাঠকৰ নেতৃত্বত আৰক্ষীৰ এটা বৃহৎ দলে চলাইছিল এই অভিযান । আৰক্ষীয়ে ইতিমধ্যে জব্দ কৰিছে হেৰোইন সৰবৰাহ কৰা গেছ পৰিবাহী বুলেট খন ।
লগতে পঢ়ক: উদালী কাণ্ডৰ লগত জড়িত পুনৰ এজন অভিযুক্তক গ্ৰেপ্তাৰ