ETV Bharat / state

ৰে'ল খণ্ডৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে তীব্ৰ আন্দোলনৰ হুংকাৰ মজদুৰ ইউনিয়নৰ

author img

By

Published : Nov 27, 2020, 6:42 PM IST

মালিগাঁৱত উত্তৰ-পূৱ সীমান্ত ৰে'লৱে মজদুৰ ইউনিয়নৰ মালিগাঁও শাখাৰ বাৰ্ষিক অধিৱেশন ৷ অধিৱেশনত ৰে'ল কৰ্মচাৰী, শ্ৰমিকৰ বিভিন্ন সমস্যাৰ বিষয়ে পুংখানুপুংখভাৱে আলোচনা কৰাৰ লগতে ৰে'ল বিভাগক ব্যক্তিগতকৰণ কৰা, শ্ৰমিক আইন আৰু কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ হাতত লোৱা বিভিন্ন আঁচনিৰ সন্দৰ্ভত আলোচনা কৰে ৷

as_ghy_north_east_railway_annuel_programe_vis_as10002
ৰে'ল ব্যক্তিগতকৰণৰ বিৰুদ্ধে ভয়াৱহ আন্দোলনৰ হুংকাৰ মজদুৰ ইউনিয়নৰ

গুৱাহাটী,27 নৱেম্বৰ : শুকুৰবাৰে মালিগাঁৱত উত্তৰ-পূৱ সীমান্ত ৰে'লৱে মজদুৰ ইউনিয়নৰ মালিগাঁও শাখাৰ বাৰ্ষিক অধিৱেশনখন অনুষ্ঠিত হৈ যায় ৷ সংগঠনটোৰ পতাকা উত্তোলন কাৰ্যসূচীৰে শুভাৰম্ভণি কৰা এই অধিৱেশনত ৰে'ল কৰ্মচাৰী, শ্ৰমিকৰ বিভিন্ন সমস্যাৰ বিষয়ে পুংখানুপুংখভাৱে আলোচনা কৰা হয় ৷ বিশেষকৈ ৰে'ল খণ্ডক ব্যক্তিগতকৰণ কৰা, শ্ৰমিক আইন আৰু কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ হাতত লোৱা বিভিন্ন আঁচনিৰ সন্দৰ্ভত অধিৱেশনত আলোচনা কৰে ৷ কেন্দ্ৰীয় চৰকাৰে এইসমূহ সিন্ধান্ত বাতিল নকৰিলে অনাগত দিনত ভয়াৱহ আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে উত্তৰ-পূৱ সীমান্ত ৰে'লৱে মজদুৰ ইউনিয়নে ৷

আনহাতে এই অধিৱেশনৰ লগত সংগতি ৰাখি উত্তৰ-পূৱ সীমান্ত ৰে'লৱে মজদুৰ ইউনিয়নে অনলাইন যোগে অনুষ্ঠিত কৰিছিল এখনি কবিতা প্ৰতিযোগিতা ৷ শুকুৰবাৰে এই অধিৱেশনতে প্ৰতিযোগিতাৰ বিজয়ী সকলকো পুৰস্কৃৰ কৰা হয় ৷ প্ৰথম, দ্বিতীয় আৰু তৃতীয় বিজয়ীসকল হ'ল ক্ৰমে, আম্বালিকা ভৰদ্বাজ, অনুস্কা মহন্ত আৰু কাভিন পাৰ্থ ৷ অধিৱেশনখনত উপস্থিত থাকে মজদুৰ ইউনিয়নৰ কেন্দ্ৰীয় কমিটীৰ বিষয়বৱীয়া দিপক বৰা, আশীষ বিশ্বাস, দিলীপ চক্ৰৱৰ্তী, সমীৰ চক্ৰৱৰ্তী, পিযুষ চক্ৰৱৰ্তী, কনক বৰ্মণ, উত্তম ভট্টাচাৰ্যকে প্ৰমুখ্য কৰি সংগঠনটোৰ বিষয়ববীয়া সকল ৷

লগতে পঢ়ক: বিদ্যুত বিভাগক ব্যক্তিগতকৰণৰ বিৰুদ্ধে মৰিগাঁৱত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.