ETV Bharat / state

অসমত ভূমি ক্ৰয়ক লৈ শংকিত বহিৰাগত : প্ৰণিত হ’ব আইন - অসমীয়া

অসম চুক্তিৰ ষষ্ঠ অনুসূচী কাৰ্যকৰী হোৱালৈ হয়তো আৰু বেছি দিন নাই ।‌‌ অসম বিধানসভাৰ পৰৱৰ্তী অধিৱেশনত পৰামৰ্শদাতা সমিতিৰ প্ৰতিবেদনক আধাৰ হিচাবে লৈ প্ৰণিত হ'ব আইন ।‌‌ কিন্তু তেনে প্ৰক্ৰিয়া বাস্তবায়িত হোৱাৰ আগতেই আৰম্ভ হৈছে বহু সংশয় ।

Assam Accord
অসমত ভূমি ক্ৰয়ক লৈ শংকিত বহিৰাগত
author img

By

Published : Sep 3, 2021, 10:13 PM IST

গুৱাহাটী, ৩ ছেপ্তেম্বৰ : অসম চুক্তিৰ ষষ্ঠ অনুসূচীৰ ৰূপায়নৰ আইনী প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ আগতেই অসমৰ বাহিৰৰ পৰা আহি ইয়াত বাস কৰা লোক সকল আজি শংকিত । অসম চুক্তিৰ এই অনুসূচী আইনৰ দ্বাৰা ৰূপায়িত হ'লে অসমৰ মাটিত কেইটামান বিশেষ কলাকাৰ হেৰুৱাব বহিৰাগতই ।

  1. তেওঁলোক খিলঞ্জীয়া নোহোৱা বাবে অসমৰ ভিতৰত কতো ভূ-সম্পত্তি ক্ৰয় কৰিব নোৱাৰিব ।
  2. তেওঁলোকে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কোনো চাকৰিৰ বাবেও আবেদন কৰিব নোৱাৰিব ।

ৰাজ্য চৰকাৰৰ এক শীৰ্ষ সূত্ৰৰ মতে বিধানসভাৰ পৰৱৰ্তী অধিৱেশনত এই অসম চুক্তিৰ ষষ্ঠ অনুসূচী কেন্দ্ৰিক আইন প্ৰণিত হোৱাটো প্ৰায় নিশ্চিত বুলি জনাৰ পিছত ভূ-সম্পত্তি আৰু অন্যান্য স্বাৱৰ সা-সম্পত্তি বন্দোৱস্ত কৰাৰ‌ পৰা বিৰত আছে বগিৰাগত নাগৰিক । এই কথাই স্বাভাৱিকতে প্ৰভাৱিত কৰিছে ৰাজ্যৰ ৰাজহ সংগ্ৰহ প্ৰক্ৰিয়াক ।

লগতে পঢ়ক : ৰাজ্যত অব্যাহত আছে বাৰ্মিজ চুপাৰিৰ ৰমৰমীয়া ব্যৱসায়

উল্লেখযোগ্য যে, যোৱা আগষ্টত সামৰণি পৰা বিধানসভাৰ অধিবেশনৰ পিছত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম চুক্তিৰ ষষ্ঠ অনুসূচী সন্দৰ্ভত গঠিত পৰামৰ্শ সমিতিৰ প্ৰতিবেদনৰ আধাৰত আইন প্ৰণয়ন হ'ব আৰু সেয়া পৰৱৰ্তী অধিবেশনতে সম্ভৱ হৈ উঠিব । মনকৰিবলগীয়া যে অসম চুক্তিৰ ষষ্ঠ অনুসূচীত অতি স্পষ্টভাৱে উল্লেখ কৰা হৈছে অসমৰ মাটিত অসমীয়াৰ সাংবিধানিক সুৰক্ষাৰ কথা ।

কোৱা হৈছে- "Constitutional, legislative, and administrative safeguards, as may be appropriate, shall be provided to protect, preserve and promote the cultural, social, linguistic identity and heritage of the Assamese people" অৰ্থাৎ, এই চুক্তিয়ে 'অসমীয়া'ৰ সাংবিধানিক সুৰক্ষাৰ কথালৈ আঙুলিয়াই দি অসমীয়া বুলি সেই সকল লোকলৈ আঙুলিয়াই দিছে যি সকল লোক ১৯৫১ চনৰ 1 জানুৱাৰী বা তাৰ আগৰে পৰাই অসমত বসতি কৰিছে ।

লগতে পঢ়ক : কিহৰ বাবে হত্যাৰ বলি হ’ল ডিম্পল কুমাৱত ?

অসম চুক্তিয়ে ১৯৭২ চনৰ ২৪ মাৰ্চ পৰ্যন্ত অসমলৈ অহা‌ সকলক নাগৰিকত্ব দিয়াৰ পোষকতা কৰিছে আৰু সেই তাৰিখকে লৈ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ কামো হৈছে । কিন্তু ষষ্ঠ অনুসূচী কাৰ্যকৰীকৰণৰ বাবে ২০১৯ চনত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে গঠন কৰি দিয়া নায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা সমিতিয়ে তেওঁ লোকৰ প্ৰতিবেদনত খিলঞ্জীয়া বুলি কৈছে সেই সকলকহে যিসকল লোকে ১৯৫১ চনৰ এক জানুৱাৰীৰ আগৰ পৰাই অসমত বসতি কৰিছে ।‌

উল্লেখ নিস্প্ৰয়োজন যে, অৱসৰ প্ৰাপ্ত নায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা সমিতিয়ে এই প্ৰতিবেদন গৃহমন্ত্ৰী অমিত শ্বাহ লৈ প্ৰেৰণ কৰিছিল‌ আৰু প্ৰথম পৰ্যায়ত উভয় পক্ষৰ এই প্ৰতিবেদনত সন্নিবিষ্ট পৰামৰ্শ সন্দৰ্ভত গোপনীয়তা ৰক্ষা কৰা‌ হৈছিল যদিও পৰৱৰ্তীকালত সমিতিৰ সদস্য নিলয় দত্ত আৰু সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই পৰামৰ্শ সমূহ ৰাজহুৱা কৰে । ফলত পৰামৰ্শ কাৰ্যকৰী হোৱাৰ আগতেই একাংশ বহিৰাগত লোকে ভূ-সম্পত্তি ক্ৰয়ৰ পৰা‌ নিজকে বাৰণ কৰি‌ ৰাখিছে ।

লগতে পঢ়ক : গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ বিৰুদ্ধে বৌদ্ধিক সম্পদ চুৰিৰ অভিযোগ

আনহাতে, আন একাংশ পুঁজিপতি বহিৰাগত বাৱসায়ীয়ে আকৌ একেসময়তে লৰালৰিকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰত বৃহৎ পৰিমাণৰ মাটিবাৰী কিনি অহা‌ বিধানসভাৰ অধিবেশনৰ আগতেই পঞ্জীয়ন আৰু নামজাৰিৰ সকলো কাম সমাপ্ত কৰাৰ অভিযানত নামি পৰিছে ।‌‌

এই আইন প্ৰণিত হ'লে যিহেতু ৰাজ্যৰ প্ৰশাসনত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ ক্ষেত্ৰত বহিৰাগত প্ৰাৰ্থী বঞ্চিত হ’ব সেয়ে অতি শীঘ্ৰে অসম আৰক্ষী আৰু আন কেইবাটাও বিভাগত হ'ব লগা নিযুক্তিত যিকোনো প্ৰকাৰে নিজৰ সতি-সন্ততিক চাকৰি দি ভৱিষ্যৎ সুৰক্ষিত কৰাৰ বাবে তৎপৰ হৈ উঠিছে একাংশ বহিৰাগত নাগৰিক । এই প্ৰৱণতাৰ সুযোগ লৈ ধন ঘটাৰ প্ৰতিযোগিতাত নামি‌ পৰিছে একাংশ ধাৰাৰ শ্ৰেণীৰ লোক ।‌

লগতে পঢ়ক : উত্তৰ অসমৰ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ পণবন্দী কৰিছে চৰকাৰে : অজিত ভূঞা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.