ETV Bharat / state

বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠঃ উমানন্দলৈ বন্ধ ফেৰী সেৱা - brahmaputra

ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলতেই 'এছ বি ৰঙানদী' আৰু 'এছ বি বগানদী' নামৰ দুখন ফেৰীৰ চলাচল বন্ধ কৰি দিয়া হৈছে ৷ দুয়োখন ফেৰীয়ে আধা ঘণ্টাৰ ব্যৱধানত প্ৰায় 250 গৰাকী যাত্ৰী কঢ়িয়াই আনিছিল যদিও ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত ফেৰী চলাচলত অসুবিধা সৃষ্টি হৈছে

উমানন্দত বন্ধ হ'ল ফেৰী সেৱা
author img

By

Published : Jun 30, 2019, 5:20 PM IST

Updated : Jun 30, 2019, 5:25 PM IST

গুৱাহাটী, 30 জুন: বন্ধ কৰি দিয়া হৈছে উমানন্দ ঘাটৰ পৰা উমানন্দলৈ যোৱা ফেৰী সেৱা ৷ বহ্মপুত্ৰৰ বাঢ়নি পানীৰ বাবেই বহ্মপুত্ৰৰ বুকুত যাত্ৰীৰ সুবিধাৰ্থে চলা এছ বি ৰঙানদী আৰু এছ বি বগানদী বন্ধ কৰি দিয়া হৈছে ৷ দুয়োখন ফেৰীয়ে আধা ঘণ্টাৰ অন্তৰত প্ৰায় 250 জন যাত্ৰী কঢ়িয়াই আনিছিল যদিও ব্ৰহ্মপুত্ৰৰ পানী বঢ়াৰ ফলত ফেৰী চলাচলত অসুবিধা দেখা যায়, যাৰ বাবে বিপদ সংকুল পৰিস্থিতিৰ বাবে দর্শনাৰ্থী সকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ফেৰী সেৱা বন্ধ কৰি দিয়া হৈছে বুলি মন্তব্য কৰে ফেৰী ঘাটৰ দায়িত্বত থকা বিভাগীয় কৰ্মচাৰী জিতু হাজৰিকাই ৷

উমানন্দত বন্ধ হ'ল ফেৰী সেৱা

আনহাতে, হঠাত ফেৰী সেৱা বন্ধ কৰি দিয়া ফলত দূৰদূৰণিৰ পৰা অহা দৰ্শনাৰ্থী সকল উমানন্দ নোচোৱাকৈ বিমুখ হৈ উভতি যাব লগা হৈছে ৷

Intro: ব্ৰহ্মপুত্ৰ পানী দিনক দিনে বাঢ়িব ধৰিছে। যাৰ ফলত বন্ধ কৰি দিয়া হৈছে নৌকা ব্যৱস্থা। উমানন্দ ঘাটৰ পৰা উমানন্দলৈ যাত্ৰী সুবিধাৰ বাবে চলাচল কৰা এছ বি ৰঙা নদী আৰু এছ বি বগানদী বন্ধ কৰি দিয়া হৈছে ব্ৰহ্মপুত্ৰত বাঢ়িব ধৰা পানীৰ বাবে। ঘাটটোৰ পৰা এছ বি ৰঙা নদী আৰু এছ বি বগানদীয়ে প্ৰতি আধা ঘণ্টাৰ অন্তৰত দর্শনাৰ্থী সকলক অনা নিয়া ব্যৱস্থা আছিল যদিও কেইদিনমানৰ বাবে বন্ধ থাকিব ফেৰী ব্যৱস্থা। দুয়োখন ফেৰীত একেসময়তে 250 যাত্ৰী যাব পৰা সুবিধা আছে।

Body:ফেৰী ঘাটৰ দায়িত্বত থকা বিভাগীয় কৰ্মচাৰী জিতু হাজৰিকাই জানিবলৈ দিয়া অনুসৰি ব্ৰহ্মপুত্ৰ ৰ পানী বঢ়াৰ ফলত ফেৰী চলাচলত অসুবিধা দেখা যায় যাৰ বাবে বিপদ সংকুল পৰিস্থিতিৰ বাবে দর্শনাৰ্থী সকলৰ সুৰক্ষাৰ বাবে বন্ধ কৰা হৈছে ফেৰী ব্যৱস্থা ।
Bite:-জিতু হাজৰিকা।
আনহাতে দূৰদৰণিৰ পৰা অহা দর্শনাৰ্থী সকল উমানন্দ নোচোৱাকৈ বিমুখ হৈ উভতি যাব লগা হৈছে এনেদৰে।
Bite:-দর্শনাৰ্থী।

Conclusion: নদীৰ পানী দিনক দিনে এনেদৰে বাঢ়ি থাকিলে ফেৰীৰ চলাচল বন্ধ থাকাৰ লগতে দর্শনাৰ্থী সকল এনেদৰে বিমুখ হৈ উভতি যাব লগা অৱস্থা হব । লগতে এনে পৰিস্থিতিত উমানন্দৰ পৰ্যটন বিভাগত কেনেধৰণৰ প্ৰভাৱ পৰিব সেইয়া হে হব চিন্তনীয় বিষয়।
Last Updated : Jun 30, 2019, 5:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.