গুৱাহাটী, 24 ফেব্ৰুৱাৰীঃ ছাৰ্জিল ইমামৰ সৈতে এআইইউডিএফৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমলৰ কোনো সম্পৰ্ক নাই, এই মন্তব্য দলটোৰ সম্পাদক আমিনুল ইছলামৰ ৷ গুৱাহাটীৰ হাতীগাঁৱস্থিত এআইইউডিএফৰ মুখ্য কাৰ্যালয়ত সোমবাৰে এক সংবাদমেল সম্বোধন কৰি ছাৰ্জিল ইমামৰ সৈতে বদৰুদ্দিন আজমল তথা আমাৰ দলৰ সৈতে কোনো সংযোগ হোৱা নাই বুলি উল্লেখ কৰে আমিনুল ইছলামে ৷ ইয়াৰোপৰি বিগত বৰ্ষৰ 9 নৱেম্বৰত এআইইউডিএফ দলে দিল্লীত ''কা''ৰ বিৰুদ্ধে এক প্ৰতিবাদ কৰিছিলো ৷ সেই প্ৰতিবাদত জেএনইউ, জামিয়া মিলিয়া আদিৰ দৰে শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীও অংশগ্ৰহণ কৰিছিল ৷ যদি তাত ছাৰ্জিল ইমাম উপস্থিত আছিল আমি তেতিয়া সেইজনেই যে ছাৰ্জিল ইমাম আমি জ্ঞাত নাছিলো বুলিও আমিনুল ইছলামে উল্লেখ কৰে ৷
উল্লেখ্য যে আমাৰ সৈতে ছাৰ্জিল ইমামৰ কোনো চা-চিনাকী নাই ৷ বিভিন্ন সময়ত এআইইউডিএফৰ মুৰৰবী মৌলানা বদৰুদ্দিন আজমলৰ সৈতে শিক্ষার্থীসকল আহি লগ ধৰি বিভিন্ন কথা বাৰ্তাৰ ওপৰত আলোচনা কৰে ৷ তাৰ মাজত ছাৰ্জিল ইমামো থাকিব পাৰে ৷ কিন্তু আমাৰ দলৰ বা মৌলানা বদৰুদ্দিন আজমলৰ সৈতে ছাৰ্জিল কোনো সম্পৰ্ক নাই বুলি উল্লেখ কৰে সম্পাদকগৰাকীয়ে ৷ আনহাতে উমৰা হজৰ বাবে মৌলানা বদৰুদ্দিন আজমল বৰ্তমান মক্কাত আছে ৷ সাংসদগৰাকীক বদনাম কৰাৰ বাৰে আৰু এই অপপ্ৰচাৰ চলোৱা হৈছে বুলি তেওঁ উল্লেখ কৰে ৷