ETV Bharat / state

Provincialisation of govt schools: প্ৰায় 19527 গৰাকী অপ্ৰাদেশীকৃত শিক্ষকৰ আশাত চেঁচাপানী

author img

By

Published : Mar 30, 2023, 6:47 PM IST

অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণ আইন সংশোধনীৰ কোনো প্ৰস্তাৱ নাই বুলি সদনত স্পষ্ট কৰিলে শিক্ষামন্ত্ৰীয়ে ৷ ৰাজ্যৰ প্ৰায় 2300 ৰাজহুৱা শিক্ষানুষ্ঠানত অতিকমেও 19,527 গৰাকী শিক্ষকে বৰ্তমানেও বিনা বেতনেৰেই আগবঢ়াই আহিছে সেৱা ৷ কিন্তু চৰকাৰৰ এনে ঘোষণাই যেন বাৰুকৈয়ে হতাশ কৰিছে এইসকল শিক্ষকক (Provincialisation of govt schools in Assam) ৷

Provincialisation of govt schools:
অপ্ৰাদেশীকৃত শিক্ষকৰ আশাত চেঁচাপানী
অপ্ৰাদেশীকৃত শিক্ষকৰ আশাত চেঁচাপানী

গুৱাহাটী, 30 মাৰ্চ: অসমৰ অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণৰ বাবে আইন সংশোধনী সম্পৰ্কত প্ৰস্তাৱ গ্ৰহণ ‌কৰাৰ দাবীত বিৰোধী বিধায়কসকলে বিধানসভাৰ অধিবেশন কিছু সময়ৰ বাবে উত্তাল কৰি তোলে । উল্লেখ্য যে, বৃহস্পতিবাৰে বিধানসভাৰ অধিৱেশন প্ৰশ্নোত্তৰ শিতানেৰে আৰম্ভ হয় । সদনত কংগ্ৰেছৰ বিধায়ক দিগন্ত বৰ্মনে পৰ্যাপ্ত ছাত্ৰ-ছাত্ৰী থকা অসমৰ অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণ কৰাৰ বাবে শিক্ষাবিভাগক আবেদন জনায় (Opposition on School Provincialisation) ।

লগতে তেওঁ অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণ কৰাৰ আইনখন সংশোধন কৰাৰ বাবে প্ৰস্তাৱ আগবঢ়ায় । বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াইও অসমৰ অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণ কৰাৰ সন্দৰ্ভত সদনত আলোচনা কৰাৰ বাবে আবেদন জনায় । এই সন্দৰ্ভত প্ৰশ্নৰ উত্তৰ দি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে, অসমৰ অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণ কৰাৰ সন্দৰ্ভত কোনো প্ৰস্তাৱ নাই (Non provincialised schools in Assam)।

তেওঁ লগতে কয়, ভৱিষ্যতে সংশোধনী হ'ব নে নহয় সেই সম্পৰ্কতো নিশ্চয়তা নাই । নতুনকৈ বিদ্যালয় প্ৰাদেশিকীকৰণ কৰা নাই । সংশ্লিষ্ট বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীৰ পদহে প্ৰাদেশিকীকৰণ কৰা হৈছে । সদনত স্পষ্ট কৰি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয়, ‘‘2006 চনৰ আগৰ অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠানৰ শিক্ষকৰ পদসমূহ প্ৰাদেশিকীকৰণ কৰা হৈছে । এয়া অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণ 2017 বিষয়ক আইনৰ অধীনত কৰা‌ হৈছে ।’’

লগতে পঢ়ক: Teachers protest at Guwahati : পদ প্ৰাদেশিকীকৰণৰ দাবীত পুনৰ ৰাজপথত শিক্ষক সমাজ

উল্লেখ্য যে, বিদ্যালয় প্ৰাদেশিকীকৰণৰ দাবীত ইতিমধ্যে ৰাজ্যত শিক্ষকসকলে অব্যাহত ৰাখিছে প্ৰতিবাদ ৷ বিধানসভাৰ বাজেট অধিবেশন চলি থকাৰ কালতো যোৱা 28 মাৰ্চত গুৱাহাটী মহানগৰীৰ চচলৰ প্ৰতিবাদ স্থলীত চৰকাৰৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰা দেখা যায় বঞ্চিত শিক্ষকসকলে ৷ ৰাজ্যৰ প্ৰায় 2300 ৰাজহুৱা শিক্ষানুষ্ঠানত 19,527 গৰাকী শিক্ষকে বিগত 25/30 বছৰ ধৰি শিক্ষকতাৰ কৰাৰ পিচতো তেওঁলোকৰ পদসমূহ প্ৰাদেশিকীকৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই চৰকাৰে (Non provincialised teachers protest)।

ইতিমধ্যে প্ৰাদেশিকীকৰণৰ আশাত বন্দী হৈ ৰাজ্যত প্ৰায় 400 শিক্ষকে আত্মহত্যাৰ পথ বাছি লোৱাৰ লগতে প্ৰায় 1000 শিক্ষক বিনা বেতনেৰেই চাকৰিৰ পৰা অৱসৰ ল’বলৈ বাধ্য হৈছে । প্ৰতিবাদী শিক্ষকসকলে উল্লেখ কৰিছে যে, সদৌ অসম অ-প্রাদেশীকৃত শিক্ষক-কৰ্মচাৰী সংস্থাই অসমৰ বঞ্চিত, প্রতাৰিত আৰু বিশেষকৈ অসম চৰকাৰৰ 2017 আৰু 2018 (সংশোধনী) শিক্ষানুষ্ঠান প্রাদেশিকীকৰণ আইনখনৰ বিৰোধিতা কৰি আহিছে ৷

কিয়নো, এই আইনখনৰ আওঁতাৰ পৰা বাদ পেলাই থোৱা প্ৰায় 2300 অসম চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰী অন্যায়ভাৱে পদ প্রাদেশিকীকৰণৰ পৰা বাদ পৰিছে । উক্ত আইনত থকা বহু অনমনীয় ধাৰা, উপধাৰাৰ বাবে এতিয়াও প্রায় 2300 (প্রাথমিকৰ পৰা কলেজ পৰ্যায়লৈ) শিক্ষানুষ্ঠান প্রাদেশিকীকৰণৰ পৰা বাদ পৰি ৰৈছে । অতিশীঘ্ৰে এই পদসমূহ প্ৰাদেশিকীকৰণ কৰি এইসকল শিক্ষকৰ প্ৰতি ন্যায় কৰিবলৈ চৰকাৰক আহ্বান জনাইছে প্ৰতিবাদী শিক্ষকসকলে ৷

লগতে পঢ়ক: SMSS protest in Guwahati: ৰাজহুৱা শিক্ষা ব্যৱস্থা ৰক্ষা কৰা আৰু SEBA ৰ সংস্কাৰ সাধনৰ দাবীত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.