গুৱাহাটী ,২৬ ফেব্ৰুৱাৰীঃ সংসদত বাজেট দাখিল কৰাৰ পিছত ইয়াৰ বিভিন্ন দিশ আলোচনাৰ অৰ্থে বৃহস্পতিবাৰে গুৱাহাটীলৈ আহিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন । গুৱাহাটীত বিভিন্ন উদ্যোগপতি, বিশেষজ্ঞ আদিৰে সৈতে বৃহস্পতিবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী গৰাকীয়ে মত বিনিময় কৰিব । মূলতঃ ২০২০-২১ বৰ্ষৰ বাজেট সন্দৰ্ভত তেওঁলোকৰ সৈতে আলোচনাত মিলিত হ'ব বিত্তমন্ত্ৰী গৰাকী । এই সন্দৰ্ভত মহানগৰীৰ তাজ ভিভান্তাত বৃহস্পতিবাৰে বিত্তমন্ত্ৰী গৰাকীয়ে এক সংবাদমেল সম্বোধন কৰিব ৷ ইতিমধ্যে দেশৰ বিভিন্ন প্ৰান্তৰ বিশেষজ্ঞ, উদ্যোগপতি, ব্যৱসায়ী আদিৰ সৈতে ২০২০ - ২০২১ বৰ্ষৰ বাজেট কাৰ্যকৰীকৰণ সন্দৰ্ভত তেওঁ বৈঠকত মিলিত হৈছে । মুম্বাই, চেন্নাই, কলিকতা, হাইদৰাবাদ আৰু বাংগালুৰুতো নিৰ্মলা সীতাৰমনে সংবাদমেল সম্বোধন কৰিব ৷
আৰু পঢ়ক : খানাপাৰাত 'গুৱাহাটী মাৰাথন'ৰ প্ৰম’ ৰাণ