গুৱাহাটী,20 অক্টোবৰঃ চিকিৎসাধীন হৈ আছে প্ৰসিদ্ধ অভিনেতা নিপন গোস্বামী। দুসপ্তাহ ধৰি জি এন আৰ চিত হাস্পতালত চিকিৎসাধীন হৈ আছে নিপন গোস্বামী । শাৰীৰিক অসুস্থতাৰ বাবে জৰুৰীকালীন ভাবে বিশিষ্ট অভিনেতাগৰাকীক । মূৰত সামান্য তেজ জমা হোৱাৰ ফলত এটা সৰু অস্ত্ৰোপচাৰো সম্পন্ন কৰা হয় অভিনেতাগৰাকীৰ।
বৰ্তমান জি এন আৰ চিৰ চিকিৎসক ড0 নৱনীল বৰুৱাৰ তত্বাৱধানত আছে নিপন গোস্বামী ৷ অভিনেত্ৰী তথা গোস্বামীৰ বোৱাৰী কিংকিনী ভট্টাচাৰ্যই বৰ্তমান দেউতাক সম্পূৰ্ণ ৰূপে বিপদ মুক্ত বুলি জানিবলৈ দিয়াৰ লগতে ইয়াৰ পূৰ্বে হোৱা অসুস্থতাত চৰকাৰে দেউতাকৰ চিকিৎসাৰ ক্ষেত্ৰত আগবঢ়োৱা সাহাৰ্য বিষয়েও জানিবলৈ দিয়ে ৷
সুস্থ হৈ উঠক অসমবাসীৰ আদৰৰ নিপন গোস্বামী। সাংস্কৃতিক জগতৰ প্ৰতি থকা তেখেতৰ অতুলনীয় অৱদান আৰু অভিনয় অসমৰ নৱপ্ৰজন্মই এতিয়াও শিকিবলৈ বাকী। ই টিভি ভাৰতৰ তৰফৰ ফালৰ পৰাও তেখেতৰ সুস্বাস্থ্য কামনা কৰিছো।