ETV Bharat / state

কেনে আছে নিপন গোস্বামী ? কিয় বিচনাত দিন কটাবলগীয়া হৈছে অভিনেতাগৰাকীয়ে ?

author img

By

Published : Oct 29, 2019, 7:39 PM IST

সম্পূৰ্ণৰূপে আৰোগ্য হ'লনে তেওঁ ? অৰ্থৰ অভাৱত ভুগিছে নেকি প্ৰসিদ্ধ অভিনেতাগৰাকীয়ে? মনত কিয় দুখ পাইছে অভিনেতা গৰাকীয়ে ? তেওঁৰ সকলো খবৰ লৈ ই টি ভাৰতৰ সাংবাদিকৰ আছুতীয়া সাক্ষাৎকাৰ .....

কেনে আছে নিপন গোস্বামী ?

গুৱাহাটী,29 অক্টোবৰঃ দুৰ্দান্ত অভিনয়ৰ জৰিয়তে সকলোৰে মন জয় কৰা নিপন গোস্বামী এতিয়া অকলশৰীয়া ৷ কিছুদিন পূৰ্বে স্বাস্থ্যৰ অৱনতি ঘটাৰ পিছতে জি এন আৰ চিত ভৰ্তি কৰাব লগা হৈছিল নিপন গোস্বামীক । তাৰ পিছতেই কিছু উপশম পোৱাত ঘৰলৈ লৈ অনা হয় যদিও সম্পূৰ্ণ আৰোগ্য নোহোৱাৰ বাবে বর্তমান বিচনাখনকেই সংগী হিচাপে মানি লৈছে তেওঁ ।

কেনে আছে নিপন গোস্বামী ?

তেওঁ জনাই যে, চৰকাৰে তেখেতৰ প্ৰতি দেখুৱা অনীহাই তেখেতক মনোকষ্ট দিছে । চৰকাৰী সাহাৰ্য নোপোৱাৰ বেজাৰো ব্যক্তি কৰিছে অভিনেতাগৰাকীয়ে ৷ এইখন চৰকাৰৰ বহু ৰাজনীতিবিদ তেখেতৰ বন্ধু যদিও কোনো এজনো বন্ধুৱে খবৰ লবলৈ নাহিল তেওঁৰ । সেই কথাই যথেষ্ট মনোকষ্ট দিছে নিপন গোস্বামীক । শিল্পীয়ে কষ্টৰ বিনিময়ত যি পাৰিশ্ৰমিক পায় সেই পাৰিশ্ৰমিক ভৱিষ্যৎ জীৱনৰ ঘাত-প্ৰতিঘাতত মোকাবিলা কৰিব পৰাকৈ যথেষ্ট নহয় বুলিও তেওঁ ব্যক্ত কৰে । ই টি ভি ভাৰতৰ তৰফৰ পৰা অভিনেতাগৰাকীৰ আশু আৰোগ্য কামনা কৰাৰ লগতে তেওঁৰ আধৰুৱা হৈ থকা ছবিৰ কাম পূৰ্ণ কৰিব পৰাকৈ মনোবল অহাৰ কামনা কৰিলোঁ ৷

Intro:কেনে আছে তেওঁ। জি এন আৰ চিৰ পৰা ঘৰলৈ উভতি কেনেকৈ আছে নিপন গোস্বামী। সম্পূৰ্ণ আৰোগ্য হল নে তেওঁ?আৰ্থিক সাহাৰ্যৰ প্ৰয়োজন নেকি জেষ্ঠ অভিনেতা আমাৰ সকলোৰে মৰমৰ নিপন গোস্বামীক। স্বাস্থ্যৰ খবৰ কোনে কোনে খবৰ ললে নিপন গোস্বামীৰ? মনত কিয় দুখ পাইছে অভিনেতা গৰাকীয়ে ? সকলো কথাৰ উত্তৰ বিচাৰি উপস্থিত হৈছিল আমাৰ সাংবাদিক নিপন গোস্বামীৰ বাসগৃহত ।

Body:একালৰ দুৰ্দান্ত অভিনয়ে সকলোৰে মন জয় কৰা নিপন গোস্বামী এতিয়া অকলশৰীয়া। কিছুদিন পূৰ্বে স্বাস্থ্যৰ অৱনতি ঘটাৰ পিছতে জি এন আৰ চিত ভৰ্তি কৰাব লগা হৈছিল নিপন গোস্বামীক। তাৰ পিছতে আৰোগ্য হৈ ঘৰলৈ উভতিল তেওঁ। সম্পূৰ্ণ আৰোগ্য নোহোৱাৰ বাবে বর্তমান বিচনা খনকেই সংগী হিচাপে মানি লৈছে তেওঁ। চিকিৎসাৰ সময়ছোৱাত হোৱা খৰছ পাতি আৰু চৰকাৰৰ তেখেতৰ প্ৰতি দেখুৱা শূণ্য সহনশীলে তেখেতক মনোকষ্ট দিছে। এই খন চৰকাৰৰ বহু লোক তেখেতৰ বন্ধু যদিও কোনো এজনো বন্ধুৱে খবৰ লবলৈ নাহিল তেওঁৰ। সেই কথাই মনোকষ্ট দিছে নিপন গোস্বামীক। শিল্পীয়ে কষ্টৰ বিনিময়ত যি পাৰিশ্ৰমিক পায় সেই পাৰিশ্ৰমিক ভৱিষ্যত জীৱনৰ ঘাট প্ৰতিঘাতত মুকবিলা কৰিবলৈ খুব কষ্ট হোৱাৰ কথাও কলে তেওঁ।

Conclusion:নিপন গোস্বামীৰ আশুআৰোগ্য কামনা কৰিছো ই টি ভি ফালৰ পৰা। অতি সোনকালে তেখেত আৰোগ্য হৈ উঠক আৰু আধৰুৱা কৈ থকা তেখেতৰ ছবিৰ কাম পূৰ্ণদ্যোমে সম্পূৰ্ণ কৰক।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.