ETV Bharat / state

অখিল গগৈ বিৰুদ্ধে চার্জশ্বীত দাখিল নিয়াৰ আদালতত - চান্দমাৰী নিয়া আদালত

নিয়াৰ আদালত শুক্ৰবাৰে ৪ মাহ যোৰা তদন্তৰ অন্তত চান্দমাৰী নিয়া আদালত কৃষক নেতা কেইজনৰ বিৰুদ্ধে দাখিল কৰা হয় চার্জচিট ৷

NIA COURT CIRSITE FILE AKHIL GOGOI AGINEST CASE
অখিল গগৈ বিৰুদ্ধে চার্জশ্বীত দাখিল নিয়াৰ আদালতত
author img

By

Published : May 29, 2020, 9:05 PM IST

গুৱাহাটী,29মেঃ নিয়াৰ বিশেষ আদালতত কৃষক নেতা অখিল গগৈসহ চাৰি জন অভিযুক্তৰ চার্জশ্বীত দাখিল নিয়াৰ। চাৰি মাহ তদন্তৰ অন্তত নিয়াই দাখিল কৰিলে চার্জচিট। কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈ, ধৈৰ্য কোঁৱৰ, বিতু সোণোৱাল আৰু মানস কোঁৱৰৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় তদন্তকাৰী সন্থা চমুকৈ নিয়াই শুক্ৰবাৰে দাখিল কৰিলে চার্জচিট। ৪ মাহ যোৰা তদন্তৰ অন্তত চান্দমাৰী নিয়া আদালত কৃষক নেতা কেইজনৰ বিৰুদ্ধে দাখিল কৰা হয় চার্জচিট।

উল্লেখযোগ্য যে কা' আন্দোলনৰ সময়ত ১৩/১৯ নম্বৰ গোচৰৰ ভিত্তিত যোৱাবর্ষ ১৪ ডিচেম্বৰত যোৰহাট কাৰাগাৰৰ পৰা কৃষক নেতা অখিল গগৈক প্ৰথম গ্ৰেপ্তাৰ কৰিছিল নিয়াই। পৰৱৰ্তী পৰ্য্যায়ত ১০ দিন নিয়া'ৰ জিম্মাত থকা পাছত কৃষক নেতা গৰাকীক আদালতলৈ প্ৰেৰণ কৰিছিল কাৰাগাৰলৈ। অখিলক গ্ৰেপ্তাৰৰ পাছতে অন্য তিনিজন কৃষক নেতাক গ্ৰেপ্তাৰ কৰিছিল নিয়াই। তাৎপৰ্য পূর্ণ কথা এই যে তদন্তকাৰী সন্থা নিয়াই মাওবাদীৰে সম্পৰ্ক থকা অভিযোগত কৃষক নেতা কেইজনক গ্ৰেপ্তাৰ কৰিছিল। আনহাতে আদালতত জমা দিয়া তদন্ত প্ৰতিবেদনত মূলত কি কি বিষয় তেওঁলোকৰ বিৰুদ্ধে সন্নিবিষ্ট কৰা হৈছে সেই সন্দৰ্ভত বৰ্তমানলৈ অৱগত হোৱা নাই অখিল গগৈৰ অধিবক্তা। উল্লেখযোগ্য যে চাবুৱা থানা তিনিটা গোচৰৰ ভিত্তিত বৃহস্পতিবাৰে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা পুনৰ গ্ৰেপ্তাৰ কৰা হৈছিল কৃষক নেতা অখিল গগৈক।

লগতে পঢ়কঃ বহিঃৰাজ্যৰ পৰা অহা 9 গৰাকী যুৱক-যুৱতীক সাক্ষাৎ মন্ত্ৰী ৰঞ্জিৎ দত্তৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.