ETV Bharat / state

মন্ত্ৰী পীযুষ হাজৰিকাক সাক্ষাৎ NHTTF ৰ মুখ্য প্ৰশিক্ষক মানস প্ৰতিম দাসৰ

কি হ’ব অসমৰ টেবুল টেনিছ খেলৰ ভৱিষ্যত ? কেনেদৰে টেবুল টেনিছৰ ক্ষেত্ৰখনত উজ্বলিব অসমৰ সন্তান ? সেই সন্দৰ্ভত অসম টেবুল টেনিছ সন্থাৰ নৱ নিৰ্বাচিত সভাপতি তথা অসম অলিম্পিক সন্থাৰ উপ-সভাপতি মন্ত্ৰী পীযুষ হাজৰিকা আৰু প্ৰশিক্ষক মানস প্ৰতিম দাসৰ মাজত অনুষ্ঠিত হয় এক বৈঠক ৷

author img

By

Published : Nov 17, 2021, 10:00 PM IST

Table tennisNHTTF Chief Instructor Manash Pratim Das
মন্ত্ৰী পীযুষ হাজৰিকাক সাক্ষাৎ NHTTF ৰ মুখ্য প্ৰশিক্ষক মানস প্ৰতিম দাসৰ

গুৱাহাটী, ১৭ নৱেম্বৰ: ৰাজ্যৰ এখন আগশাৰীৰ টেবুল টেনিছৰ প্ৰশিক্ষণ কেন্দ্ৰ হৈছে গুৱাহাটীৰ নগেন হাজৰিকা টেবুল টেনিছ ফাউণ্ডেছন । বুধবাৰে এই ফাউণ্ডেছনৰ মুখ্য প্ৰশিক্ষক তথা প্ৰাক্তন ৰাষ্ট্ৰীয় খেলুৱৈ মানস প্ৰতিম দাস উপস্থিত হয় জনতা ভৱনত ৷ প্ৰাক্তন ৰাষ্ট্ৰীয় খেলুৱৈগৰাকীয়ে জনতা ভৱনত সাক্ষাৎ কৰে অসম টেবুল টেনিছ সন্থাৰ নৱ নিৰ্বাচিত সভাপতি তথা অসম অলিম্পিক সন্থাৰ উপ-সভাপতি মন্ত্ৰী পীযুষ হাজৰিকাক ৷

লগতে মন্ত্ৰীগৰাকীক সম্বৰ্ধনাও জ্ঞাপন কৰে প্ৰাক্তন ৰাষ্ট্ৰীয় খেলুৱৈ মানস প্ৰতিম দাসে ৷ জনতা ভৱনতে মন্ত্ৰী পীযুষ হাজৰিকা আৰু প্ৰশিক্ষক মানস প্ৰতিম দাসে এক আলোচনাতো মিলিত হয় ৷ এই আলোচনাত অসমৰ টেবুল টেনিছৰ ভৱিষ্যত সম্পৰ্কেও আলোচনা কৰা হয় ৷

আগন্তুক দিনত অসমত টেবুল টেনিছ খেলুৱৈ, প্ৰশিক্ষক আৰু সংগঠকৰ লগতে অভিভাৱককো উচিত মৰ্যদা দিয়াৰ কথা উল্লেখ কৰে নগেন হাজৰিকা টেবুল টেনিছ ফাউণ্ডেছনৰ মুখ্য প্ৰশিক্ষক মানস প্ৰতিম দাসে ৷ আনকি অসমত একাডেমীৰ সংখ্যা বৃদ্ধি আৰু খেলুৱৈক পৰ্যাপ্ত সুবিধা প্ৰদান সম্পৰ্কতো মন্ত্ৰী পীযুষ হাজৰিকাৰ সৈতে আলোচনা কৰে প্ৰশিক্ষক মানস প্ৰতিম দাসে ৷

লগতে পঢ়ক : New Deputy Commissioner of Kamrup (M): মহানগৰীৰ প্ৰতিটো সমস্যা সমাধানৰ আশ্বাস পল্লৱ গোপাল ঝাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.