ETV Bharat / state

সমাজ কল্যাণ বিভাগৰ বেনাৰত ব্যাপক অনিয়ম ! - স্বেচ্ছাসেৱী অনুষ্ঠান

ৰাজ্যত ভংগ প্ৰতিবন্ধী সুৰক্ষা আইন ৷ প্ৰতিবন্ধী সুৰক্ষা আইনৰ নামত বেচৰকাৰী সংস্থাৰ ব্যাপক লুণ্ঠনৰ অভিযোগ ৷ 2013 চনৰ পৰাই চলি আহিছিল এই লুণ্ঠন ৷

মহানগৰীৰ বোন্দাত সমাজ কল্যাণ বিভাগৰ বেনাৰত বেচৰকাৰী অনুষ্ঠানৰ ব্যাপক অনিয়ম

author img

By

Published : Jul 4, 2021, 9:51 AM IST

গুৱাহাটী, 4 জুলাই : চৰকাৰী বেনাৰ ব্যৱহাৰ কৰি নীতি বৰ্হিভূতভাৱে এনজিঅ’(NGO) ৰ নাম লৈ বিভিন্ন সময়ত একাংশ অসাধু লোকে একপ্ৰকাৰৰ বেপাৰ চলাই অহাৰ বাতৰিয়ে প্ৰায়ে শিৰোনাম দখল কৰে । শনিবাৰে মহানগৰীৰ বোন্দাস্থিত অসম চৰকাৰৰ তাৰাৱতী ডেভেলপমেণ্ট ফাউণ্ডেশ্যন নামৰ এটা স্বেচ্ছাসেৱী অনুষ্ঠানত অসম চৰকাৰৰ প্ৰতিবন্ধীসকলৰ বাবে থকা আয়ুক্ত গৰাকী আৰু প্ৰতিবন্ধী সুৰক্ষা সংস্থাই চলায় এক যুটীয়া অভিযান । উল্লেখযোগ্য যে, অসম চৰকাৰৰ প্ৰতিবন্ধীৰ বাবে থকা আয়ুক্ত দেৱেশ্বৰ বৰা, প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমৰ সম্পাদক নৃপেন মালাকাৰৰ নেতৃত্বত চলে এই অভিযান ।

মহানগৰীৰ বোন্দাত সংঘটিত হৈছে এই ঘটনা

বিগত বহুদিন ধৰি প্ৰতিবন্ধী সুৰক্ষা আইন ভংগ কৰি নীতি বৰ্হিভূতভাৱে (NGO) এনজিঅ’ৰ নাম লৈ তাৰাৱতী ডেভেলপমেণ্ট ফাউণ্ডেশ্যন নামৰ প্ৰতিষ্ঠানটোৱে চলাই গৈছিল প্ৰতিবন্ধীসকলৰ কাৰিকৰী প্ৰশিক্ষণ ৷ অভিযানকাৰী দলটোৰ পৰিদৰ্শনৰ অন্তত তাৰাৱতী ডেভেলপমেণ্ট ফাউণ্ডেশ্যনে প্ৰতিবন্ধী সুৰক্ষা আইন ২০১৬ ভংগ কৰি নীতি বৰ্হিভূতভাৱে সমাজ কল্যাণ বিভাগৰ বেনাৰ লগাই এন্দ্ৰি ফানচু নামৰ লোকজনে চলাই গৈছিল প্ৰতিবন্ধীৰ নামত এই কাম-কাজ । অভিযানকাৰী দলটোৰ পৰিদৰ্শনৰ অন্তত প্ৰতিষ্ঠানটোৱে প্ৰতিবন্ধী সুৰক্ষা আইন ভংগ কৰি কাম-কাজ চলাই গৈছিল বুলি পৰৱৰ্তী সময়ত ধৰা পৰে ৷

উল্লেখ্য যে, বিগত 2013 চনৰ পৰা নীতি বৰ্হিভূতভাৱে অনুষ্ঠানটোৱে সকলো কাম-কাজ চলাই নিয়াৰ অভিযোগ উত্থাপিত হৈছে ।

অভিযানকাৰী দলটোৰ পৰিদৰ্শনৰ অন্তত আয়ুক্ত গৰাকীয়ে প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে শীঘ্ৰে আইনগত ব্যৱস্থা ল'ব বুলি সদৰী কৰে । ইপিনে প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমৰ সম্পাদক নৃপেন মালাকৰে সদৰী কৰা মতে সমাজ কল্যাণ বিভাগে প্ৰতিবন্ধী আইন নমনা অনুষ্ঠানক কিদৰে অনুদান প্ৰদান কৰি আহিছে, সেয়া বৰ্তমান ৰহস্যৰ আৱৰ্তত । সমাজ কল্যাণ বিভাগৰ বেনাৰত নীতি বহিৰ্ভূতভাৱে এনেদৰে বহু সংস্থাই ৰাজ্যত চলাই গৈছে প্ৰতিবন্ধীৰ নামত লুণ্ঠন ।

লগতে পঢ়কঃ এতিয়া ৰাইফল অ’মেনে নিয়ন্ত্ৰণ কৰিব জম্মু-কাশ্মীৰৰ পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.