ETV Bharat / state

Elephant Death in Assam : হাতীৰ মৃত্যু ৰুধিবলৈ হাতীদণ্ডিত নতুন প্ৰযুক্তি ৰে’ল বিভাগৰ - IDS Technology

হাতীৰ মৃত্যুৰ সংখ্যা নিয়ন্ত্ৰণৰ বাবে উত্তৰ-পূৱ সীমান্ত ৰে’লৱেয়ে লৈছে বিশেষ পদক্ষেপ ৷ হাতীদণ্ডিত সংস্থাপন কৰা হৈছে বিশেষ চেঞ্চৰ ৷ যাৰ জৰিয়তে হাতীয়ে ভৰি থোৱাৰ লগেলগেই সংকেত লাভ কৰে ৰে’ল বিভাগে আৰু নিয়ন্ত্ৰণ কৰা হয় ৰে’লৰ গতি (Censor at elephant corridor)৷

Elephant Death in Assam
হাতীদণ্ডিত নতুন প্ৰযুক্তি ৰে’ল বিভাগৰ
author img

By

Published : Jan 9, 2023, 10:17 PM IST

গুৱাহাটী, ৯ জানুৱাৰী : ৰে’লৰ খুন্দাত হাতীৰ কৰুণ মৃত্যু ভাৰতৰ এটা বৃহৎ সমস্যা ৷ অসমতো ৰে’লে মহতিয়াই মৃত্যু ঘটোৱা ঘটনা সঘনাই সঘনাই সংঘটিত হৈ আহিছে (Elephant death by Train hit)৷ ৰে’লৰ খুন্দাত যাতে হাতীৰ মৃত্যু ৰোধ কৰিব পাৰি তাৰ বাবে উত্তৰ-পূৱ সীমান্ত ৰে’লৱেই বিশেষ পদক্ষেপ হাতত লৈছে ৷

হাতীৰ বিচৰণথলী আৰু হাতীদণ্ডিৰ মাজেৰে ৰে’লপথ পাৰ হৈ যোৱা অঞ্চলত হাতীৰ মৃত্যুৰোধৰ বাবে ৰে’ল বিভাগে হাতত লৈছে বিশেষ প্ৰযুক্তিৰ সহায় ৷ ৰে’লৰ খুন্দাত যাতে আৰু হাতীয়ে মৃত্যুৰ সন্মুখীন হ’বলগীয়া নহয় তাৰ বাবে ৰে’ল বিভাগে নতুন প্ৰযুক্তিৰ প্ৰয়োগ কৰিছে ৷ এই প্ৰযুক্তি প্ৰয়োগ কৰি সুফলো লাভ কৰিছে ৰে’লৱেই (NF railway installed censor at elephant corridor)৷

এই প্ৰযুক্তিৰ জৰিয়তে এতিয়া হস্তী কৰিড’ৰত থকা ৰে’ললাইনত হাতীয়ে খোজ দিলেই খবৰ লাভ কৰে ৰে’ল বিভাগে ৷ যাৰ ফলত হাতী পাৰ হোৱা পথত চলন্ত ৰে’ল ৰখাব পৰা যাব নাইবা নিয়ন্ত্ৰণ কৰিব পৰা যায় ৷ এতিয়া অসমত মুঠ ৬০ কিঃমিঃ ৰে’লপথত এই প্ৰযুক্তি প্ৰয়োগ কৰিছে ৰে’ল বিভাগে (Censor at elephant Corridor Assam)৷

অসমৰ এক বিস্তৰ অঞ্চলত ৰে’লপথসমূহ পাৰ হৈ গৈছে হাতীদণ্ডীৰ মাজেৰে ৷ এই হাতীদণ্ডীৰে ৰে’ল পাৰ হৈ যাওতে ৰে’লৰ খুন্দাত বহু হাতীৰ মৃত্যু ঘটি আহিছে ৷ ৰে’ল বিভাগৰ তথ্যমতে ১৯৯০ ৰ আৰু ২০২২ চনলৈ উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ এলেকাত প্ৰায় ১২০ টা হাতীৰ ৰে’লৰ খুন্দাত মৃত্যু ঘটিছে ৷

দ্ৰুতবেগী ৰে’লৰ পৰা এনে হাতীক ৰক্ষা কৰিবলৈ হস্তীদণ্ডিত উত্তৰ-পূৱ ৰে’লৱেৰ নতুন চেঞ্চৰ বহুৱাইছে ৰে’লৱেই ৷ যোৱা এপ্ৰিল মাহৰ পৰা প্ৰয়োগ কৰা এন এফ ৰে’লৱেৰ নতুন প্ৰযুক্তিটো হ’ল- Intrusion Detection System (IDS)৷ লামডিঙৰ পৰা খেৰণিলৈ সম্পূৰ্ণ ৬০ কিলোমিটাৰ অঞ্চলত বহুওৱা হৈছে এই চেঞ্চৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷

ৰে’লপথৰ দুয়োকাষে ৮০ মিটাৰ এলেকাৰ ভিতৰত হাতীয়ে ভৰি থ’লেই সংকেত প্ৰেৰণ কৰে চাৰ্ভাৰ ৰূমলৈ ৷ ৰে’লপথেদি হাতী পাৰ হোৱাৰ উমান পোৱাৰ লগেলগে সেই পথত চলি থকা ৰে’লচালকলৈ বাৰ্তা প্ৰেৰণ কৰি ৰে’লখন ৰখোৱা হয় হাতীৰ জাক পাৰ হৈ নোযোৱালৈ ৷ অসমৰ লামডিং আৰু খেৰণিৰ এই ৬০ কিঃমিঃ হাতীদণ্ডী থকা পথৰ মাজৰ লামছাখাং ষ্টেচনত(Lamsakhang Railway station) ৰখা হৈছে এই প্ৰযুক্তি কেন্দ্ৰটো ৷

মাটিৰপৰা ১ মিটাৰ তলত এই অপটিকেল ফাইবাৰ চেঞ্চৰ পোতা হয় ৷ অসমৰ এই ৬০ কিঃমিঃ হাতীদণ্ডিৰে প্ৰায় ৪০০ হাতীৰ এটা দলে অহা-যোৱা কৰে ৷ যোৱা এপ্ৰিলৰ পৰা এই IDS প্ৰযুক্তিয়ে সুকলমে কাম কৰি আছে বুলি ৰে’লৱেৰ সূত্ৰত প্ৰকাশ (IDS Technology in Assam)৷

উল্লেখযোগ্য যে দেশৰ ভিতৰতে অসমতে প্ৰথম এই IDS প্ৰযুক্তি প্ৰয়োগ কৰা হৈছে ৷ অসমত সুফল লাভৰ পিছত পশ্চিমবংগতো এই প্ৰযুক্তি প্ৰয়োগৰ চিন্তা কৰিছে ৰে’ল বিভাগে ৷ ক্ৰমান্বয়ে দেশৰ আন আন প্ৰান্ততো এই প্ৰযুক্তি প্ৰয়োগৰ চিন্তা-চৰ্চা কৰিছে ৰে’ল বিভাগে ৷

লগতে পঢ়ক: Lakhimpur Medical College: অন্তঃসাৰশূন্য অৱস্থা লখিমপুৰ মেডিকেল কলেজৰ; বিভিন্ন সংগঠনৰ ক্ষোভ প্ৰকাশ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.