ETV Bharat / state

বিয়লি 5 বজাৰ শীৰ্ষ 10 বাতৰি

author img

By

Published : Jul 6, 2021, 5:05 PM IST

বিয়লি 5 বজাৰ শীৰ্ষ 10 বাতৰি

NEWS@5
বিয়লি 5 বজাৰ শীৰ্ষ 10 বাতৰি

1.ডিব্ৰুগড়ত জব্দ হৈছে বহিঃ ৰাজ্যৰ গাহৰি

উচ্চ ন্যায়ালয় আৰু ৰাজ্য চৰকাৰে বহিঃ ৰাজ্যৰ গাহৰি অসমলৈ অহাটো বন্ধ কৰি ৰখাৰ পাছতো ৰাজ্যত বহিঃ ৰাজ্যৰ গাহৰিৰে ব্যৱসায় চলিছে ৷ এইবাৰ ডিব্ৰুগড়ত জব্দ হৈছে বহিঃ ৰাজ্যৰ গাহৰি ৷ বহিঃ ৰাজ্যৰ গাহৰিৰ পৰাই বেমাৰ বিয়পি পৰাৰ আশংকা ৷

2.নতুন SOP: 7 জিলাক সম্পূৰ্ণ কণ্টেইনমেণ্ট জ’ন ঘোষণা

বুধবাৰৰ পৰা ৰাজ্যত জাৰি হ’ব নতুন এছ অ’ পি (SOP) ৷ এই এছ অ’ পি (SOP) অনুসৰি ৰাজ্যৰ 7 খন জিলাক সম্পূৰ্ণ কণ্টেইনমেণ্ট জ‘ন (Full Containment Zone) হিচাপে ঘোষণা কৰা হৈছে ৷ এই জিলাকেইখন ক্ৰমে- গোৱালপাৰা, গোলাঘাট, শোণিতপুৰ, লখিমপুৰ, বিশ্বনাথ, যোৰহাট আৰু মৰিগাঁও ৷

3.কচু খেতিৰে পৰিয়াল পোহপাল দিছে এখন গাঁৱৰ কৃষকে
বাক্সা জিলাৰ ৰিহাবাৰী গাঁৱৰ দাৰাগাঁও চুবুৰীত কচু খেতি (Colocasia Firming) কৰি জীৱন নিৰ্বাহ কৃষক ৰাইজৰ ৷ গাঁওখনত ধান খেতি কৰিবলৈ পানীৰ পৰ্যাপ্ত সুবিধা নথকাৰ বাবে আৰু খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতী (Wild Elephant)ৰ উপদ্ৰৱৰ পৰা হাত সাৰিবলৈ গাঁওখনৰ কৃষকসকলে কচুখেতি কৰা বুলি জানিবলৈ দিয়ে ৷

4.ডিমা হাছাওত ড্ৰাগছসহ কৰায়ত্ত এজন

হাফলং চহৰৰ মহাদেৱ টিলাৰ মুছলিম বস্তিৰ এটা ভাড়াঘৰৰ পৰা আৰক্ষীয়ে মইনুল হকক গ্ৰেপ্তাৰ কৰে । ড্ৰাগছ ব্যৱসায়ীটোৰ পৰা আৰক্ষীয়ে 6.41 গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰে ।

5.ক'ভিডত মৃত্যু হোৱা লোকৰ শৰীৰৰ অংগ কাটি ৰখাৰ ভয়ংকৰ অভিযোগ

ক’ভিডক লৈ ৰাজ্যৰ স্বাস্থ্য বিভাগত আচলতে চলিছে কি ? ক’ভিড ১৯ ত আক্ৰান্ত হৈ মৃত্যু হোৱা এজন লোকৰ অংগ কাটি ৰখাৰ অভিযোগে এতিয়া তোলপাৰ লগাইছে নগাঁৱত ।

6.চীনা চাইবাৰ প্ৰৱঞ্চকে লুটিলে ভাৰতৰ ৩৬০ কোটি টকা

উত্তৰাখণ্ডৰ বিশেষ টাস্ক ফ'ৰ্চে (STF) চীনা 'পাৱাৰ বেংক এপৰ' সৈতে জড়িত এক প্ৰৱঞ্চনাৰ গোচৰত ই-ৱালেট পেটিএম (Paytm) আৰু ৰেজৰপেৰ(Razorpay) প্ৰতিনিধিসকলক চাইবাৰ আৰক্ষী থানালৈ সোধাপোছাৰ বাবে মাতিছে । ৩৬০ কোটি টকাৰ লুণ্ঠনৰ এক গোচৰ অনুসৰি কেইবাজনো লোক এটা ভুৱা আবেদনৰ চিকাৰ হৈছিল । অনুসন্ধানত এইটো প্ৰকাশ পাইছিল যে প্ৰৱঞ্চকসকলে হংকঙৰ পৰা পৰিচালিত এটা ম'বাইল এপৰ জৰিয়তে ভাৰতীয় গ্ৰাহকসকলক লক্ষ্য কৰি লৈছিল ।

7.দেশৰ 9 খন ৰাজ্যত নতুন ৰাজ্যপাল নিযুক্তি

মঙলবাৰে কৰ্ণাটক, মিজোৰাম, হিমাচল প্ৰদেশ, গোৱা, হাৰিয়ানা, ত্ৰিপুৰা, ঝাৰখণ্ড, হাৰিয়ানা, মধ্য প্ৰদেশকে ধৰি 9 ৰাজ্যত নতুন ৰাজ্যপাল নিযুক্তি দিয়ে ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে (Ram Nath Kovind) ৷

8. 86 বৰ্ষীয় হ’ল দালাই লামা: ক্ৰমাৎ তীব্ৰ হৈ পৰিছে পুনৰ জনমৰ বিতৰ্ক

এইবছৰ 86 বৰ্ষত ভৰি দিলে তিব্বতীয়ান ধৰ্মগুৰু দালাই লামা 14 য়ে ৷ ইয়াৰ লগে লগেই পৰৱৰ্তী দালাই লামা কোন হ’ব এই সন্দৰ্ভত বিতৰ্ক তীব্ৰতৰ হৈ পৰিছে ৷

9.দুভাগত বিভক্ত হ'ব CBSE ৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাবৰ্ষ'

চিবিএছচি (CBSE)ৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ ২০২১-২২ শিক্ষা বৰ্ষক দুটা ভাগত বিভক্ত কৰা হ'ব ৷ প্ৰতিটো ভাগতে প্ৰায় ৫০ শতাংশ পাঠ্যক্ৰম থাকিব ৷ প্ৰতিটোৰ শেষত বিভাজিত পাঠ্যক্ৰমৰ আধাৰত পৰীক্ষা অনুষ্ঠিত কৰা হ'ব ।

10.ই-কমাৰ্চ বিধি 2020: 21 জুলাইলৈ প্ৰকাশ কৰিব পাৰিব মন্তব্য

খাদ্য আৰু যোগান বিভাগে উপভোক্তা সুৰক্ষা (E-Commerce) বিধি 2020 ৰ সংশোধনী সন্দৰ্ভত অফিচিয়েল লিংকত উপলব্ধ মন্তব্য আৰু পৰামৰ্শসমূহ পৰ্যবেক্ষণ কৰি আছে ৷ উপভোক্তা সুৰক্ষা (E-Commerce) বিধি 2020’ৰ প্ৰস্তাৱিত সংশোধনীৰ সন্দৰ্ভত ৰাইজৰ মন্তব্য প্ৰকাশৰ সময়সীমা 21 জুলাইলৈ বৃদ্ধি কৰা হৈছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.