কাৰ ভুলৰ বাবে প্ৰতাৰিত হৈছে বাঘজানবাসী!
গত 27 মে‘ত বাঘজানৰ অভিশপ্ত BGR ৫ নং তৈলখাদত সংঘটিত বিস্ফোৰণে প্ৰভাৱ পেলাইছিল বাঘজানৰ দাতীকাষৰীয়া অঞ্চলসমূহত ৷ ভূকম্পন আৰু তীব্ৰ শব্দৰ মাজত প্ৰায় পাঁচটা মাহ পাৰ কৰিবলগীয়া হৈছিল ৰঙাগড়াবাসী ৰাইজে ৷ এই ঘটনাৰ পিছতে বহু লোকে হেৰুৱাইছিল নিজৰ ঘৰ, বহুতো জীৱ-জন্তুৰ মৃত্যু মুখত পৰাৰ উপৰিও মানুহৰ দেহটো বিভিন্ন অচিন ৰোগে দেখা দিয়াৰ অভিযোগ ৰাইজৰ ৷
হাগ্ৰামাৰ ভয়ত লিলিত আৱদ্ধ ২২ নৱ নিৰ্বাচিত পাৰিষদ
শপত গ্ৰহণ কৰিও যেন আশংকামুক্ত হ'ব পৰা নাই প্ৰমোদ বড়ো বাহিনী। হাগ্ৰামা মহিলাৰীৰ ভুতে এতিয়াও খেদি ফুৰিছে প্ৰমোদ বড়ো আৰু ড৹ হিমন্তবিশ্ব শৰ্মাক । বিটিচি নিৰ্বাচনী ফলাফল ঘোষণা হোৱাৰ দিনাৰে পৰা গুৱাহাটীৰ ছয়মাইলস্থিত হোটেল লিলিত আৱদ্ধ কৰি ৰখা হৈছে ইউ পি পি এল, বিজেপি আৰু জি এছ পিৰ নিৰ্বাচিত পাৰিষদবৰ্গক । প্ৰথমে এই সংখ্যা আছিল ২১ গৰাকী । কিন্তু ইতিমধ্যে কংগ্ৰেছৰ একমাত্ৰ নিৰ্বাচিত এম চি এল এ গৰাকীয়েও বিজেপিত যোগ দিয়াত সম্প্ৰতি হোটেলখনত বন্দী কৰি ৰখা এম চি এল এৰ সংখ্যা হৈছে ২২ গৰাকী ।
খোৱাঙৰ ব্যৱসায়ীয়ে নিজ মুখেৰে ব্যক্ত কৰিলে আক্ৰমণৰ কাহিনী
ডিব্ৰুগড় জিলাৰ মৰাণৰ খোৱাঙত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা ৷ মঙলবাৰে সন্ধিয়া খোৱাং বোকাহোলাৰ ব্যৱসায়ী পৰমানন্দ চৌধুৰীক ধন দাবী কৰে অচিনাক্ত দুৰ্বৃত্তই ৷
180 কিলোমিটাৰ বেতন দৌৰি বিজয় দিৱস পালন বিএছএফ জোৱানৰ
বিজয় দিৱস উপলক্ষে আন্তঃৰাষ্ট্ৰীয় সীমান্তত সীমা সুৰক্ষা বাহিনী বিএছএফৰ জোৱানসকলে 930 জন জোৱান আৰু মহিলা জোৱান মাজত মাজনিশা 11 ঘণ্টাত 180 কিলোমিটাৰ বেতন দৌৰ অনুষ্ঠিত কৰি দেশৰ অখণ্ডতাৰ প্ৰতি সন্মান জনায় । এই কথা টুইটাৰত প্ৰকাশ কৰিলে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজুয়ে ।
গুৱাহাটীত উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় প্ৰভাৰী শ্ৰী বৈজয়ন্ত জয় পাণ্ডা
জানিব পৰা মতে, প্ৰভাৰীগৰাকীয়ে বিজেপি অসম প্ৰদেশৰ মুখ্য কাৰ্যালয়ত ৰাজ্যিক সভাপতি ৰণজিৎ দাসৰ উপস্থিতিত ৰাজ্যিক বিষয়ববীয়া সভা দলত অংশগ্রহণ কৰে ৷ তাৰপাচত তেওঁ দিনৰ 2 বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত জিলা সভাপতি আৰু জিলা প্ৰভাৰীৰ সৈতে দলীয় বৈঠকত অংশগ্ৰহণ কৰিব ।
বিজয় দিৱস উপলক্ষে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ অনন্ত শিখা প্ৰজ্বলন প্ৰধানমন্ত্ৰী মোদীৰ
ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ অনন্ত শিখা ‘স্বৰ্ণীম বিজয় মশাল’ জ্বলাই 1971ৰ যুদ্ধত পকিস্তানৰ বিৰুদ্ধে ভাৰতৰ জয়ৰ 50 বাৰ্ষিকী অনুষ্ঠানৰ আনুষ্ঠানিক উদ্বোধন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ৷
সুখবৰ : ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ দিহিং পাটকাইৰ
ৰাষ্ট্ৰীয় উদ্যান হিচাপে জনাজাত হ’ব দিহিং পাটকাই বনাঞ্চল ৷ 9000 বৰ্গ কিলোমিটাৰ ভূমি আগুৰি থকা জৈৱ বৈচিত্ৰৰে ভৰ-পূৰ দিহিং পাটকাইয়ে ৰাজ্যপালৰ স্বাক্ষৰৰ পাচতেই এই স্বীকৃতি লাভ কৰে ৷ চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছে সমগ্ৰ অসমবাসীয়ে ৷
চিৰাঙৰ বিজনীৰ উত্তৰাঞ্চলৰ ২নং চিকাঝোৰাত পোহৰলৈ আহিছে বন্যহস্তীৰ মৃত্যুৰ ঘটনা ৷ চলিত মাহত জিলাখনত সংঘটিত এইটো চতুৰ্থটো বন্যহস্তীৰ মৃত্যুৰ ঘটনা ৷
মৃত ব্যক্তিৰ চহী জালিয়াতি কৰা ভূ মাফিয়াক আটক চাংসাৰীত
কৃষকৰ ভূমি বিক্ৰী কৰি অহা ভূ-মাফিয়া আটক চাংসাৰীত ৷ 2011 চনতে মৃত্যু হোৱা ব্যক্তিৰ চহী জালিয়াতি কৰি মাটি বিক্ৰী কৰাৰ চেষ্টা কৰিছিল কমলপুৰৰ মিন্টূল আহমেদ নামৰ ভূ-মাফিয়াজনে ৷
কংগ্ৰেছৰ দলীয় সংঘাতৰ মাজতে লাহোৱালত ঋতুপৰ্ণ বৰুৱাৰ ৰাজনৈতিক তৎপৰতা
বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে লাহোৱাল সমষ্টিত আৰম্ভ হৈছে কংগ্ৰেছ দলৰ প্ৰাৰ্থী কেন্দ্ৰীক সংঘাত ৷ তাৰ মাজতে বিজেপি বিধায়ক ঋতুপৰ্ণ বৰুৱাই আৰম্ভ কৰিছে ৰাজনৈতিক তৎপৰতা ৷ ইয়াৰ সমান্তৰাল ভাৱে নতুন আঞ্চলিক দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলেও দলীয় ভেঁটি শক্তিশালী কৰাৰ চেষ্টা অব্যাহত ৰাখিছে লাহোৱালত ৷