গুৱাহাটী,১৮ আগষ্টঃ কামৰূপ মহানগৰ জিলাৰ ১৮ বছৰৰ উৰ্ধৰ কোনো ব্যক্তি যাতে ক’ভিড প্ৰতিষেধক লোৱাৰ পৰা বাদ পৰি নাযায়, সেয়া নিশ্চিত কৰাৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনে প্ৰস্তুত কৰিছে এক বিশেষ তালিকা । শেহতীয়া বিধানসভা নিৰ্বাচনৰ ভোটাৰ তালিকা অনুসৰণ কৰি বি এল অ’ পৰ্যায়ৰ পৰা চেক্টৰ, চাৰ্কোল আৰু জিলা পৰ্যায়ত প্ৰস্তুত কৰা হ’ব প্ৰতিষেধক নোলোৱা ব্যক্তিসকলৰ তালিকা ।
বুধবাৰে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এখন সভাত এই সিদ্ধান্ত লোৱা হয় । গুৱাহাটী পৌৰ নিগমৰ অতিৰিক্ত আয়ুক্ত পুলক মহন্ত, কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত শৰ্মিষ্ঠা বৰা, গুণজিৎ ৰায় চৌধাৰীৰ লগতে চক্ৰ বিষয়াসকল উপস্থিত থাকে এই সভাত ৷
![new updates of covid vaccine in guwahati e](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-07-vaccine-for-all-in-guwahati-7209925_18082021195312_1808f_1629296592_1031.jpg)
লগতে পঢ়ক: বাছ সেৱা মুকলি কৰাৰ দাবীত তেজপুৰত উত্তাল প্ৰতিবাদ
সভাত জিলা উপায়ুক্তগৰাকীয়ে বি এল অ’ সকলক ঘৰে ঘৰে গৈ অথবা ফোন কৰি প্ৰথমতে ক’ভিড প্ৰতিষেধক নোলোৱা সকলৰ তালিকা প্ৰস্তুত কৰাৰ নিৰ্দেশ দিয়ে । তেনেদৰে চুপাৰভাইজাৰ আৰু এ আৰ অ’ সকলে চেক্টৰ পৰ্যায়ত বিষয়টো চোৱা-চিতা কৰিব ৷
প্ৰতিজন চক্ৰ বিষয়াৰ অধীনত এইদৰে প্ৰতিটো ৰাজহ চক্ৰত প্ৰতিষেধক নোলোৱা লোকৰ সংখ্যা নিশ্চিত কৰি প্ৰথমপালি, দ্বিতীয়পালি ক’ভিড প্ৰতিষেধক প্ৰদান কৰা হ’ব। জিলাবাসীৰ সুস্বাস্থ্যৰ বাবে জিলা প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰি এই পৰ্যন্ত প্ৰতিষেধক নোলোৱা ১৮ বছৰৰ উৰ্ধৰ লোকসকলৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে ।
লগতে পঢ়ক: নৈশ বাছেৰে ভৰিলে টীয়ক থানাৰ চৌহদ