ETV Bharat / state

বৰুৱা দম্পতীৰ হত্যাকাণ্ড : ৰহস্যজনকভাৱে সলনি হৈছে আৰক্ষী-অভিযুক্তৰ ভাষ্য - new updates of beltola murder

প্ৰতিদিনে বেলতলাৰ বৃদ্ধ দম্পতী হত্যাকাণ্ডৰ ঘটনাই লৈছে নতুন মোৰ ৷ আৰক্ষীৰ প্ৰথম ভাষ্য আছিল এই হত্যাকাণ্ডটো সম্পত্তিকেন্দ্ৰিক ৷ কিন্তু সেই ভাষ্য পৰৱৰ্তী সময়ত সলনি হৈছে ৷ একে সময়তে সলনি হৈছে অভিযুক্তৰ ভাষ্যও ৷

new updates of beltola murder case
ৰহস্যজনকভাৱে সলনি হৈছে আৰক্ষী-অভিযুক্তৰ ভাষ্য
author img

By

Published : Nov 9, 2021, 8:59 PM IST

গুৱাহাটী, ৯ নৱেম্বৰ : বেলতলাৰ বৃদ্ধ দম্পতী হত্যাকাণ্ডৰ ঘটনাই প্ৰতিদিনে লৈছে নতুন মোৰ । আৰক্ষীৰ আৰু অভিযুক্তৰ দুটা দুটা মন্তব্যই আৰু অধিক ৰহস্যজনক কৰি তুলিছে হত্যাকাণ্ডটো ৷ আৰক্ষীৰ প্ৰথম ভাষ্য আছিল এই হত্যাকাণ্ডটো সম্পত্তিকেন্দ্ৰিক ৷ কিন্তু সেই ভাষ্য পৰৱৰ্তী সময়ত সলনি হৈছে ৷ একে সময়তে সলনি হৈছে অভিযুক্তৰ ভাষ্যও ৷

প্ৰথম অৱস্থাত এই হত্যাকাণ্ডটোত সম্পত্তিকেন্দ্ৰিক বুলি সৰ্বত্ৰে চৰ্চা লাভ কৰিছিল ৷ প্ৰথম পৰ্যায়ত আৰক্ষীয়েও উক্ত হত্যাকাণ্ডটো বৃদ্ধ দম্পতীৰ সম্পত্তিক কেন্দ্ৰ কৰিয়ে সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছিল ৷ কিন্তু পৰৱৰ্তী সময়ত যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্ত এই হত্যাকাণ্ড সম্পত্তিকেন্দ্ৰিক নহয় বুলি মন্তব্য প্ৰকাশ কৰে ৷

পাৰ্থসাৰথি মহন্তই সাংবাদিকৰ আগত কৰা মন্তব্যত এটা কথা স্পষ্ট হৈছে, হত্যাকণ্ডৰ সন্দৰ্ভত বহু তথ্যই লাভ কৰিছে আৰক্ষীয়ে ৷ তেওঁ কৈছে যে, এই হত্যাকাণ্ড সম্পত্তিকেন্দ্ৰিক নহয় ৷ তদন্ত অব্যাহত আছে, গতিকে তদন্তৰ খাতিৰত হত্যাকাণ্ডৰ মূল উদ্দেশ্য প্ৰকাশ কৰিব পৰা নাই ৷

লগতে পঢ়ক: মহানগৰীৰ চাৰ্ভে হত্য়াকাণ্ডৰ নতুন মোৰ

ইয়াৰ সমান্তৰালভাৱে আদালতত সোমবাৰে আকাশ চৌধুৰীয়ে কয় যে, ‘‘বৰুৱা দম্পতীক মই হত্যা কৰা নাই । সন্তানৰ শপত খাই কৈছোঁ, আৰক্ষীৰ মাৰৰ পৰা বাছিবলৈহে সেই সময়ত হত্যা কৰিছিলোঁ বুলি কৈছিলোঁ । মোক ইমানে মাৰিছে যে মই খোজ কাঢ়িব পৰা নাই ।’’

আশ্চৰ্যজনক, আৰক্ষীৰ জেৰাত বৃদ্ধ দম্পতীক হত্যা কৰা বুলি স্বীকাৰ কৰা আকাশ চৌধুৰীয়ে আদালত হঠাৎ সলনি কৰিলে নিজৰ স্থিতি ৷ আকাশ চৌধুৰীক জেৰা কৰাৰ পাচত আৰক্ষী এক সূত্ৰই সদৰী কৰা মতে, আকাশ চৌধুৰীয়ে অকলে সংঘটিত কৰিছিল হত্যাকাণ্ডটো ৷ আকাশে শিলেৰে হত্যা কৰিছিল বেলতলাৰ বৃদ্ধ দম্পতীক ৷ লগতে ফৰেচিক ৰিপ'ৰ্টত আকাশ চৌধুৰীৰ ফিংগাৰ প্ৰিণ্ট পোৱা গৈছিল বুলিও সদৰী কৰিছিল মহানগৰ আৰক্ষী আয়ুক্তই ৷

লগতে পঢ়ক: ফৰেনছিক ৰিপ’ৰ্টত পোৱা গৈছে আকাশ চৌধুৰীৰ ফিংগাৰ প্ৰিণ্ট : মহানগৰ আৰক্ষী আয়ুক্ত

ইফালে, আৰক্ষীয়ে চিচিটিভিৰ ফুটেজৰ জৰিয়তে ঘটনা সংঘটিত হোৱা পূৰ্বে দুগৰাকী লোক বৰুৱা দম্পতীৰ ঘৰৰ চৌহদত প্ৰৱেশ কৰাৰ তথ্য লাভ কৰিছিল ৷ কোন আছিল সন্দেহজনক সেই ব্যক্তি দুজন ? কিয় বৰুৱা দম্পতীৰ ঘৰৰ চৌহদত প্ৰৱেশ কৰিছিল লোক দুজনে ? এই বিষয়ত এতিয়াও স্পষ্ট কৰা নাই আৰক্ষীয়ে ৷

25 অক্টোবৰত সংঘটিত হোৱা ঘটনাটোৱে 14 টা দিন অতিক্ৰম কৰিলে ৷ কিন্তু চিচিটিভিত বন্দী হোৱা সেই লোক দুজনৰ পৰিচয় আজিও চিনাক্ত নহ'ল ৷ লগতে এতিয়ালৈকে আৰক্ষীয়েও ৰহস্যজনকভাৱে আটক কৰিবলৈ সক্ষম হোৱা নাই সেই লোকদুজনক ৷

প্ৰত্যেক দিনে নতুন মোৰ লোৱা ঘটনাটোকলৈ বিভিন্ন ধৰণে প্ৰশ্ন উত্থাপন হৈছে ৷ সম্পত্তিকেন্দ্ৰিক যদি নহয়, তেন্তে কিহৰ স্বাৰ্থত সংঘটিত হ'ল বৰুৱা দম্পতীৰ হত্যাকাণ্ড ? তদুপৰি আকাশ চৌধুৰীক অভিযুক্ত সজোৱা হৈছে নেকি ? কিয় আকাশ চৌধুৰীয়ে সলনি কৰিছে ভাষ্য ? আকাশ চৌধুৰীয়ে আদালতত কৰা মন্তব্য সন্দৰ্ভত বৰ্তমানেও মুখ খোলা নাই আৰক্ষীয়ে ৷ এই সমূহ প্ৰশ্নৰ উত্তৰৰ বাবে অপেক্ষা কৰিব লাগিব পৰৱৰ্তী সময়লৈ ৷

লগতে পঢ়ক: বেলতলা হত্যাকাণ্ড: গ্ৰেপ্তাৰ হ’ব পাৰে আকাশ চৌধুৰীৰ পত্নী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.