গুৱাহাটী,১৫ আগষ্ট: সমগ্ৰ দেশবাসীৰ লগতে ৰাজ্যবাসীয়েও উদযাপন কৰিছে ৭৭ সংখ্যক স্বাধীনতা দিৱস । স্বাধীনতা দিৱস উপলক্ষে ৰাজ্যৰ শিল্পীসকলে ৰাজ্যবাসীৰ মাজলৈ উপহাৰ দিছে দেশপ্ৰেম উদ্বুদ্ধ কৰা গীত কবিতা । ইয়াৰ মাজতে এইবাৰ বিশেষ চৰ্চা লাভ কৰিছে এগৰাকী বিশেষ কণ্ঠশিল্পীয়ে ।
এইবাৰ একেলগে গীতিকাৰ, সুৰকাৰ আৰু গায়কৰ ৰূপত দেখা গল APSC কেলেংকাৰীৰ মূল অভিযুক্ত ৰাকেশ পালক । স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত মুক্তি লাভ কৰিলে APSC কেলেংকাৰীৰ 'নায়ক' ৰাকেশ পালৰ কণ্ঠত নতুন দেশপ্ৰেমমূলক গীত 'মেৰা দেশ মহান'। সোমবাৰে ৰাইজৰ বাবে মুকলি কৰি দিয়া হয় গীতটি ।
ইফালে APSC কেলেংকাৰীৰ মূল অভিযুক্ত ৰাকেশ পালে গীতটি মুকলি কৰি সংবাদ মাধ্যমৰ সন্মুখত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই । গীতটিৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কয় যে, কাৰাৰুদ্ধ হৈ থকা সময়তেই এই গান লিখা হৈছিল । কাৰাগাৰত থকাৰ সময়ত গানৰ লগতে কবিতাও লিখিছিল বুলি উল্লেখ কৰি বৰ্তমান সময়ত এনে এটা গান ভিডিঅ কৰি মুকলি কৰি সুখী বুলি অনুভৱ ব্যক্ত কৰে । লাহে লাহে অন্য গীতবোৰো ৰাইজৰ বাবে মুকলি কৰি দিয়া হ'ব বুলি তেওঁ জানিবলৈ দিয়ে ।
লগতে তেওঁ কয় যে, মানুহৰ জীৱনত উঠা-নমা থাকেই । জেলত থকা সময়ত বহুত ব্যস্ততাৰ মাজেৰে সময় পাৰ কৰিছিল । কাৰাগাৰৰ ভিতৰত বহুত কাম কৰা বুলিও জনাই পালে । বিগত ৬ বছৰত গুৱাহাটী বহুত সলনি হ'ল। বহুত ফ্লাই অভাৰ হ'ল । এই সকলোবোৰ ভাল লাগিছে বুলি পালে উল্লেখ কৰে ।
প্ৰশাসনিক সংস্কাৰ প্ৰসংগত তেওঁ কয় যে, তেওঁ নিজৰ সংস্কাৰৰ কথাহে জানে । তেওঁ ১৯৯৬ চনৰ পৰাই অনাতাঁৰ কেন্দ্ৰত ভজন গাইছিল বুলি উল্লেখ কৰি কয় যে, এইবাৰ তেওঁৰ গীত ভিডিঅ' আকাৰে প্ৰকাশ কৰিছে । আনহাতে জেলৰ পৰা ওলোৱা দিনা গামোচা পিন্ধোৱা সন্দৰ্ভত হোৱা বিতৰ্কক লৈ ৰাকেশ পালে মন্তব্য কৰি কয় যে, বিতৰ্ক মই কৰা নাই । মোক লৈ যিসকলে কৰিছে, তেওঁলোকে জানিব । সমালোচনা হৈ থাকে আৰু থাকিবই ।
লগতে APSCৰ কেলেংকাৰিৰ সন্দৰ্ভত ৰাকেশ পালে মন্তব্য কৰি কয়- "সেই বিষয়ত মই একো নকওঁ। আদালতত বিচাৰ প্ৰক্ৰিয়া চলি আছে । মই এতিয়া প্ৰফেশ্যনক লৈ ব্যস্ত হ'ম । আগতেও মই উকিল আছিলোঁ । ওকালতি কৰিছিলোঁ । এতিয়া পুনৰ ওকালতিত ধৰিম ।" লগতে "মেৰা দেশ মহান" গীতটোৰ এটা কলিও গুণগুণালে ৰাকেশ পালে ।
লগতে পঢ়ক: Independence Day 2023: কলগাছিয়াত বিধায়কৰ উপস্থিতিত মহকুমাধিপতিয়ে উত্তোলন কৰে ৰাষ্ট্ৰীয় পতাকা