ETV Bharat / state

আঞ্চলিক গণ মৰ্চাঃ ৰাজ্যত নতুন আঞ্চলিকতাবাদী দলৰ আত্মপ্ৰকাশ

author img

By

Published : Jun 19, 2020, 5:51 PM IST

Updated : Jun 19, 2020, 9:39 PM IST

অসমৰ জাতীয় স্বাৰ্থ সুৰক্ষিত কৰি ৰাজ্যখনৰ সৰু বৰ সকলো জাতি জনগোষ্ঠীৰ সম মৰ্যদা, সম অধিকাৰ প্ৰতিষ্ঠাৰ লক্ষৰে শুকুৰবাৰে গুৱাহাটীত জন্ম হ'ল এটা নতুন আঞ্চলিক ৰাজনৈতিক দল ৷ আঞ্চলিকতাবাদত বিশ্বাসী বিভিন্ন দল,সংগঠন, ব্যক্তি বিশেষৰ অংশগ্ৰহণেৰে প্ৰতিষ্ঠা কৰা হয় এই নতুন আঞ্চলিক ৰাজনৈতিক দলটো ৷ অসমৰ ৰাইজৰ সুৰক্ষা আৰু প্ৰাকৃতিক সম্পদৰ প্ৰভুত্ব ৰক্ষাৰ হেতু সন্মিলিত গণ মৰ্চাই কাম কৰি যাব বুলি সংবাদমেলত উল্লেখ কৰে অজিত কুমাৰ ভূঞাই ৷

NEW REGIONAL POLITICAL PARTY FORM
ৰাজ্যত নতুন আঞ্চলিক ৰাজনৈতিক দল গঠন

গুৱাহাটী, 19 জুন : ৰাজ্যত গঠন হ'ল আন এটা ৰাজনৈতিক দল ৷ ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ নেতৃত্বত "আঞ্চলিক গণ মৰ্চা" নামেৰে গঠন কৰা হয় নতুন আঞ্চলিক দলটো । 2021 চনৰ বিধানসভা নিৰ্বাচনত ৰাজ্যৰ প্ৰতিটো সমষ্টিতে প্ৰতিদ্বন্দিতা কৰিব দলটোৱে । শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদমেলত জৰিয়তে এই কথা সদৰি কৰাৰ লগতে দলটোৰ কাৰ্যপন্থাৰ উল্লেখ কৰে আঞ্চলিক গণ মৰ্চাৰ নেতৃত্বই ।

ৰাজ্যত নতুন আঞ্চলিক ৰাজনৈতিক দল গঠন

সংবাদমেলতে আঞ্চলিক গণ মৰ্চা দলটো আঞ্চলিক শক্তিৰ একত্ৰিত প্ৰচেষ্টাত গঠন হোৱা বুলি প্ৰকাশ কৰে দলটোৰ প্ৰধান আহ্বায়ক তথা সাংসদ অজিত কুমাৰ ভূঞাই ৷ তেওঁ আগন্তুক নিৰ্বাচনত বিজেপিক গাদীচ্যুত কৰায়েই দলটোৰ মূল উদেশ্য বুলি উল্লেখ কৰি নতুন দলটোৱে শিল্পী,সাহিত্যিক প্ৰমুখ্যে সকলো স্তৰৰ লোকৰ সৈতে আলোচনাত মিলিত হোৱাৰ কথাও প্ৰকাশ কৰে। অসমৰ ৰাইজৰ সুৰক্ষা আৰু প্ৰাকৃতিক সম্পদৰ প্ৰভুত্ব ৰক্ষাৰ হেতু সন্মিলিত গণ মৰ্চাই কাম কৰি যাব বুলি সংবাদমেলত সদৰী কৰে সাংসদগৰাকীয়ে। সংবাদমেলত অজিত ভূঞা,অদীপ ফুকন,মীৰা বৰঠাকুৰ,লাচিত বৰদলৈ উপস্থিত থাকে ৷

লগতে পঢ়ক: প্ৰধানমন্ত্ৰীয়ে আয়োজন কৰা সৰ্বদলীয় বৈঠকত উপস্থিত থাকিব প্ৰায় ২০ টা দল

Last Updated : Jun 19, 2020, 9:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.