ETV Bharat / state

নতুন NRC কংগ্ৰেছে মানি নলয়ঃ ৰিপুণ বৰা - CAB news 2019 latest

নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল ৷ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা আৰু প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ যুটীয়া সংবাদমেল ৷

নতুন NRC কংগ্ৰেছে কোনোপধ্যে মানি নলয়ঃ ৰিপুণ বৰা
author img

By

Published : Nov 24, 2019, 4:34 PM IST

গুৱাহাটী, 24 নৱেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল ৷ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা আৰু প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ যুটীয়া সংবাদমেল ৷ ৰিপুণ বৰাই এই সংবাদমেলত উল্লেখ কৰে যে অমিত শ্বাহে উল্লেখ কৰা মতে নতুন NRC কংগ্ৰেছে কোনোপধ্যে মানি নলয় ৷ বৰ্তমান NRC খনে বাহাল ৰখাৰ বাবে কংগ্ৰেছ বদ্ধ পৰিকৰ ৷ অসমে সুদীৰ্ঘ 14 বছৰৰ অন্তত NRC লাভ কৰিছে আৰু উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত হোৱা এই NRC ভাৰত চৰকাৰৰ গৃহমন্ত্ৰালয়ে গ্ৰহণ কৰিছে গতিকে পুনৰ ইয়াক নিৰ্মাণ কৰাৰ প্ৰশ্নই নুঠে ৷

নতুন NRC কংগ্ৰেছে কোনোপধ্যে মানি নলয়ঃ ৰিপুণ বৰা

লগতে তেওঁ কয় যে, NRC ৰ ভিত্তিবৰ্ষ 1951 চন কংগ্ৰেছে কেতিয়াও সমৰ্থন নকৰে ৷ NRCৰ পৰা বাদ পৰা 19 লাখ মানুহৰ অধিক সংখ্যকে ভাৰতীয় বুলি মন্তব্য কৰি তেওঁ কয় যে, ডিটেনচন কেম্পত ৰখা লোক সকলৰ মানৱ অধিকাৰ খৰ্ব হৈছে । আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানে যে, 1951 চন কেতিয়াও ভিত্তিবৰ্ষ হ’ব নোৱাৰে ৷ বিজেপিয়ে নতুন ইছ্যু কৰাৰ সৃষ্টি কৰিছে ৷ দেশৰ অৰ্থনীতিৰ মন্দাঅৱস্থা আৰু দেশৰ অন্যান্য বিষয় সমূহ ঢাকি ৰখাৰ বাবে নতুন ইছ্যুৰ সৃষ্টি কৰা হৈছে ৷

NRC আৰু CAB সমৰ্কে ৰকিবুল হুছেইনৰ সংবাদমেল

ইয়োৰোপৰি CAB সম্পৰ্কত ৰিপুণ বৰাই কংগ্ৰেছে নিজৰ আগৰ স্থিতিত অটল আছে বুলি প্ৰকাশ কৰি কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কখন অসাংবিধানিক ।

ইফালে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে NRC ক লৈ কংগ্ৰেছৰ স্থিতি স্পষ্ট কৰি নতুন NRC ক কংগ্ৰেছে মানি নলয় বুলি প্ৰকাশ কৰে ৷

আৰু পঢ়কঃ গোৱালপাৰাত মুকলি হ'ল ডঃ এ পি জে আব্দুল কালাম সেতু

Intro:ৰিপুন বৰা আৰু ৰুকিবুল হুছেইনৰ যুটীয়া সংবাদমেল-
CAB আৰু NRC সদৰ্ভত সংবাদ মেল অসম প্ৰদেশ কংগ্ৰেছৰ ।
• বৰ্তমানৰ NRC খনে বাহাল থাকিব লাগে ।
• সুদীৰ্ঘ ১৪ বছৰৰ অন্তত এই NRC খন পোৱা গৈছে ।
• NRC ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে গ্ৰহণ কৰিছে ।
• উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত এই NRC নিৰ্মান হৈছে ।
• যদি কিবা ভুল আছে সংশোধন কৰিব ।
• এই NRC কেতিয়াও কংগ্ৰেছে নাকচ হব নিদিয়ে ।
• অসম চুক্তিৰ 6A দফা নাকচ কৰিহে ১৯৫১ হোৱাটো সম্ভৱ ।
• ১৯.৬ লাখ মানুহৰ নাম বাদ পৰিছে ইয়াৰ ভিতৰত অধিক সংখ্যাক ভাৰতীয় ।
• ডিটেনচন কেম্পত ৰখা লোক সকলৰ মানৱ অধিকাৰ সৰ্ব হৈছে ।
• মন্ত্ৰী হিমন্তই জানে ৫১ কেতিয়াও হব নোৱাৰে , কোনো ইছোঁ নোহোৱাৰ বাবে নতুন ইছোঁৰ সৃষ্টি কৰিছে ।
• দেশৰ অৰ্থনীতিৰ মন্দা অৱস্থা আৰু দেশৰ অন্যান্য বিষয় সমূহ ঢাকি ৰখাৰ বাবে নতুন ইছোঁৰ সৃষ্টি কৰিছে ।

Body:CAB সন্দৰ্ভত মন্তব্য -
• নাগৰিকত্ব সংশোধনী বিধেয়ক অসংবিধানীক ।

Conclusion:ৰুকিবুল হুছেইনৰ মন্তব্য --
• NRC খচৰা প্ৰকাশৰ সময়ত BJP য়ে বুকুফিনদাই দাবী কৰিছিল ।
• NRC অসম চৰকাৰৰ বিষয়াই নিৰ্মান কৰিছে ।
• হিমন্ত বিশ্ব শৰ্মা সময়ত বদৰুদ্দিন আজমলত কৈও বেছি মুছলমান হৈ যায় আৰু সময়ে সময়ে মোহন ভাগৱত কৈও বেছি হিন্দু হৈ যায়
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.