গুৱাহাটী, 23 মাৰ্চঃ নতুন ৰূপ দিয়া হ’ল গুৱাহাটী ৰে’লৱে ষ্টেচনক । বিমানবন্দৰৰ দৰে সজাই তোলা হৈছে গুৱাহাটী ৰে’লৱে ষ্টেচন । যাত্ৰীৰ সুবিধাৰ্থে ৰে’লৱে ষ্টেচনত সংযোজন ঘটিল লিফট, এস্ককেলেটৰৰ ইত্যাদি । আনহাতে অতি সোনকালে অত্যাধুনিক ৰূপত গঢ় দিয়া হ’ব সম্পূৰ্ণ ৰে’লৱে ষ্টেচনক ৷
গুৱাহাটীৰে’লৱে ষ্টেচনত নতুনকৈ সংযোজন ঘটা লিফট, এস্ককেলেটৰ ব্যৱস্থাই প্ৰতিদিনে আগমনঘটা হাজাৰ হাজাৰ যাত্ৰীক যথেষ্ট উপকৃত কৰিব বুলি আশাবাদী ৰে’ল কৰ্তৃপক্ষ ৷ এই ষ্টেচনকদেশৰ ভিতৰত এক উন্নত মানদণ্ডৰ ৰে’লৱে ষ্টেচন হিচাপে গঢ় দিয়াৰ প্ৰয়াস কৰিছে গুৱাহাটী ৰে’লৱে কৰ্তৃপক্ষই ৷পূৰ্বতে লিফট আৰু এস্ককেলেটৰৰ সুবিধা নথকাৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল যাত্ৰীসকল । ইতিমধ্যেযাত্ৰীৰ সুবিধাৰ্থে অহা যোৱা কৰিবলৈ এই ব্যৱস্থা সমূহ মুকলি কৰি দিছে ৰে’লৱে কৰ্তৃপক্ষই । ৰে’ল বিভাগৰ এনে ব্যৱস্থাক লৈ এতিয়া সুখী ৰে’ল যাত্ৰী৷