ETV Bharat / state

অসমলৈ আহিবলগীয়া যাত্ৰীৰ বাবে ক'ভিড সম্পৰ্কীয় কেতবোৰ নতুন নিৰ্দেশনা জাৰি

author img

By

Published : Nov 8, 2021, 5:08 PM IST

ক'ভিড-১৯ৰ সংক্ৰমণ কিছু হ্ৰাস পাইছে যদিও সাৱধনতামূলক ব্যৱস্থা হিচাপে অসমলৈ আহিবলগীয়া যাত্ৰীৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে । প্ৰতিষেধকৰ দুয়োটা পালি গ্ৰহণ কৰা লোকৰ বাবে আৰ টি পি চি আৰ পৰীক্ষা বাধ্যতামূলক নহয় । প্ৰতিষেধকৰ এটা পালি গ্ৰহণ কৰা যাত্ৰীয়ে অসমত উপস্থিত হৈয়ে সম্পন্ন কৰাব লাগিব ক'ভিড পৰীক্ষা ।

ক'ভিড সম্পৰ্কীয় কেতবোৰ নতুন নিৰ্দেশনা জাৰি
corona

গুৱাহাটী, ৮ নৱেম্বৰ: ক'ভিড-১৯ৰ সংক্ৰমণ আৰম্ভ হোৱাৰে পৰা অসমলৈ বাছ, ৰে'ল অথবা বিমানযোগে ভ্ৰমণ কৰা যাত্ৰীৰ বাবে কেতবোৰ নিৰ্দেশনা জাৰি কৰি আহিছে অসম চৰকাৰে । প্ৰয়োজন সাপেক্ষে নিৰ্দেশনাসমূহ সালসলনিও কৰা হৈছে । সোমবাৰে পুনৰ যাত্ৰীৰ বাবে এখন নতুন নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে । এই নিৰ্দেশনা অনুসৰি, যাত্ৰীয়ে বিমানবন্দৰ, ৰে'ল ষ্টেছন আৰু ৰোড বৰ্ডাৰ পইণ্টত যদি ক'ভিড-১৯ৰ প্ৰতিষেধকৰ দুয়োটা পালি গ্ৰহণ কৰাৰ প্ৰমাণপত্ৰ দেখুৱায়, তেন্তে তেওঁলোকে পুনৰ ক'ভিড-১৯ৰ পৰীক্ষা কৰোৱাব নালাগে ।

আনহাতে, যিসকল যাত্ৰীয়ে প্ৰতিষেধকৰ এটা পালি গ্ৰহণ কৰিছে অথবা প্ৰতিষেধক গ্ৰহণ কৰা নাই তেওঁলোকে বাধ্যতামূলকভাৱে আৰ টি পি চি আৰ পৰীক্ষা কৰোৱাব লাগিব । প্ৰতিষেধকৰ দুয়োটা পালি গ্ৰহণ কৰাৰ পাচতো যাত্ৰাৰ সময়ত যদি যাত্ৰীৰ দেহত ক'ভিড-১৯ সম্পৰ্কীয় লক্ষণে দেখা দিয়ে, তেন্তে সেইসকল যাত্ৰীয়েও আৰ টি পি চি আৰ পৰীক্ষা কৰোৱাটো বাধ্যতামূলক কৰিছে চৰকাৰে । এইসকল যাত্ৰীয়ে বিমান বন্দৰ, ৰে'ল ষ্টেছন আৰু ৰোড বৰ্ডাৰ পইণ্টত সম্পূৰ্ণ নিজা খৰছত ক'ভিড-১৯ৰ পৰীক্ষা কৰোৱাব লাগিব । যাত্ৰীয়ে আৰ টি পি চি আৰ পৰীক্ষাৰ বাবে ২৫০ টকাকৈ পৰিশোধ কৰিব লাগিব ।

NEW GOVT NOTIFICATION ON COVID19
ক'ভিড সম্পৰ্কীয় কেতবোৰ নতুন নিৰ্দেশনা জাৰি

শিশুৰ ক্ষেত্ৰত প্ৰতিষেধকৰ দুয়োটা পালি গ্ৰহণ কৰা পিতৃ-মাতৃৰ লগত অসমলৈ অহা ১০ বছৰতকৈ কম বয়সৰ শিশুৰ বাবে ক'ভিড-১৯ পৰীক্ষা বাধ্যতামূলক নহয় । যদি স্ব-ইচ্ছাৰে অভিভাৱকে এনে শিশুৰ আৰ টি পি চি আৰ পৰীক্ষা সম্পন্ন কৰাব বিচাৰে, তেন্তে বিমান বন্দৰ, ৰে'ল ষ্টেছন আৰু ৰোড বৰ্ডাৰ পইণ্টতে সকলো সুবিধা প্ৰদান কৰা হ'ব ।

মহামাৰীৰ সংক্ৰমণ আৰম্ভ হোৱাৰ সময়ছোৱাত বহিঃৰাজ্যৰ পৰা অহা প্ৰতিগৰাকী যাত্ৰীৰ বাবে ক'ভিড-১৯ পৰীক্ষা বাধ্যতামূলক কৰা হৈছিল । কিন্তু এতিয়া সংক্ৰমণ হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত এই ক্ষেত্ৰত কিছু ৰেহাই দিয়া হৈছে । তথাপিও সংক্ৰমণ প্ৰতিৰোধৰ ব্যৱস্থা হিচাপে এতিয়াও কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে ।

বৰ্তমান সমগ্ৰ দেশৰ লগতে অসমতো সংক্ৰমণৰ হাৰ নিয়ন্ত্ৰণতে আছে যদিও পৰিস্থিতি অধিক বেয়াৰ ফালে যোৱাৰ আগতেই উচিত পদক্ষেপ গ্ৰহণ কৰি পৰিস্থিতি নিয়ন্ত্ৰিত কৰি ৰাখিবলৈ চৰকাৰে প্ৰয়াস অব্যাহত ৰাখিছে । তাৎপৰ্যপূৰ্ণভাৱে, দেশত বৰ্তমান ক'ভিড-১৯ৰ প্ৰতিষেধক গ্ৰহণ কৰা লোকৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে । টীকাকৰণ অভিযান সফল হৈ উঠিলে মহামাৰীৰ কৱলত পৰিলেও পৰিস্থিতি নিয়ন্ত্ৰণত থাকিব বুলি আশা প্ৰকাশ কৰা হৈছে ।

উল্লেখ্য যে, যোৱা ৭ নৱেম্বৰত ৰাজ্যত নতুনকৈ ১৩৭ জন লোক আক্ৰান্ত হৈছে মহামাৰীত । বৰ্তমানলৈকে ৰাজ্যত ১৯০২ টা সক্ৰিয় আক্ৰান্তৰ ঘটনা আছে । দেওবাৰৰ দিনটোত কামৰূপ মহানগৰ জিলাত ৭৭ জনৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে ।

লগতে পঢ়ক:লামডিঙত অব্যাহত প্ৰশাসনৰ উচ্ছেদ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.