গুৱাহাটী,13 চেপ্তেম্বৰঃৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ পিছত এতিয়া দুশখন নতুন বিদেশী ন্যায়াধীকৰণ স্থাপন কৰিবলৈ গৈ বিমোৰত পৰিছে ৰাজ্যৰ গৃহ বিভাগ । কিয়নো,ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা ১৯ লাখ ৬ হাজাৰ ৬৫৭ জন লোকৰ নাম বাদ পৰিল যদিও এইসকল লোকৰ জিলাভিত্তিক তালিকা এতিয়াও ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কৰ্তৃপক্ষই যোগান ধৰা নাই ৰাজ্যৰ গৃহ বিভাগক । ফলত কোনখন জিলাত কিমান সংখ্যক লোকৰ নাম বাদ পৰিল আৰু তেনে সংখ্যাৰ ফালৰ পৰা কোনখন জিলাত কিমানখন ন্যায়াধীকৰণৰ প্ৰয়োজন হ'ব সেই কথা এতিয়াও ঠাৱৰ কৰিব পৰা নাই গৃহ বিভাগে ৷
বিপাঙত পৰিছে ৰাজ্যৰ গৃহ বিভাগ! - ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী
জিলা ভিত্তিক তথ্যই নাই: নতুন ন্যায়াধীকৰণ স্থাপন কৰিবলৈ গৈ বিমোৰত ৰাজ্যৰ গৃহ বিভাগ ৷
![বিপাঙত পৰিছে ৰাজ্যৰ গৃহ বিভাগ!](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4429478-thumbnail-3x2-ghy.jpg?imwidth=3840)
গুৱাহাটী,13 চেপ্তেম্বৰঃৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ পিছত এতিয়া দুশখন নতুন বিদেশী ন্যায়াধীকৰণ স্থাপন কৰিবলৈ গৈ বিমোৰত পৰিছে ৰাজ্যৰ গৃহ বিভাগ । কিয়নো,ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা ১৯ লাখ ৬ হাজাৰ ৬৫৭ জন লোকৰ নাম বাদ পৰিল যদিও এইসকল লোকৰ জিলাভিত্তিক তালিকা এতিয়াও ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কৰ্তৃপক্ষই যোগান ধৰা নাই ৰাজ্যৰ গৃহ বিভাগক । ফলত কোনখন জিলাত কিমান সংখ্যক লোকৰ নাম বাদ পৰিল আৰু তেনে সংখ্যাৰ ফালৰ পৰা কোনখন জিলাত কিমানখন ন্যায়াধীকৰণৰ প্ৰয়োজন হ'ব সেই কথা এতিয়াও ঠাৱৰ কৰিব পৰা নাই গৃহ বিভাগে ৷
Body:ই টিভি ভাৰতৰ হাতত আহি পৰা তথ্য অনুসৰি যদিহে তৎকালে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কৰ্তৃপক্ষই এই তথ্য গৃহ বিভাগক নজনাই তেন্তে গৃহ বিভাগ ন্যায়ালয়ৰো কাষ চাপিব। কিয়নো ইতিমধ্যে নতুন এই দুশখন ন্যায়াধীকৰণৰ বাবে সদস্য , কৰ্মচাৰীকে ধৰি ভালেসংখ্যক লোকক নিযুক্তিও দিয়া হৈছে।
Conclusion:ইপিনে, নাম বাদ পৰা সকলে ১২০ দিনৰ ভিতৰত বিদেশী ন্যায়াধীকৰণত আবেদন জনাব পাৰিব বুলি স্পষ্ট কৰি দিয়াৰ পিছত বহু লোক এই আশংকাতো ভূগিছে যে ইতিমধ্যে চূড়ান্ত তালিকা প্ৰকাশ পোৱা এপষেকেই হ'ল যদিও আবেদন জনাবলৈ পৰ্যাপ্ত ন্যায়াধীকৰণেই নাই। গতিকে তেওঁলোকে কত আবেদন জনাব। কিন্তু এয়া এক সম্পূৰ্ণ ভুল ধাৰণা। কোনো নাম বাদ পৰা লোকলৈ ন্যায়াধীকৰণে যি জাননী জাৰি কৰিব, সেই জাননী জাৰিৰ তাৰিখটোৰ পৰাহে ১২০ দিন গণনা কৰা হব।