গুৱাহাটী, ১১ অক্টোবৰ: ক'ভিডৰ আতংক এতিয়াও শেষ হোৱা নাই । ক'ভিডত আক্ৰান্ত লোকৰ সংখ্যা কিছু পৰিমাণে হ্ৰাস পাইছে যদিও সম্পূৰ্ণ নোহোৱা হৈ যোৱা নাই । শাৰদীয় বতৰত ৰাইজ হিলদল ভাঙি ওলাই আহিলেও পূজাৰ আনন্দ উপভোগ কৰাৰ সমানে সমানে সেই কথাও মনত ৰখা ভাল ।
যোৱা 24 ঘন্টাত ৰাজ্যৰ 270 গৰাকী লোকৰ শৰীৰত ক'ভিডৰ সংক্ৰমণ ধৰা পৰিছে । ইয়াৰ 104 গৰাকী হৈছে গুৱাহাটী মহানগৰীৰ ৷ ক'ভিড পৰিস্থিতি সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি ই টিভি ভাৰতক কয়, " পূজাৰ আনন্দ সকলোৱে উপভোগ কৰক । কিন্তু সাৱধানে । এতিয়াও আমি সম্পূৰ্ণ ৰূপে বিপদমুক্ত হোৱা নাই ।"
সকলোৱে চৰকাৰে জাৰি কৰা নিয়ম সমূহ মানিহে পূজাৰ আনন্দ উপভোগ কৰিবলৈ আহ্বান জনায় স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ৷ মন কৰিবলগীয়া যে, বিগত তিনিটা দিনত ৰাজ্যত ক'ভিড আক্ৰান্তৰ সংখ্যা হৈছে ক্ৰমে ৮ অক্টোবৰত ৩১৮ গৰাকী, ৯ অক্টোবৰত ২৭৩ গৰাকী আৰু ১০ অক্টোবৰত ১৬০ গৰাকী । বিগত তিনিটা দিনত ১৫ গৰাকী লোকৰ মৃত্যু ঘটিছে ক'ভিডত ।
আনহাতে, কেৱল ৰাজধানী চহৰ গুৱাহাটীতে ৮ অক্টোবৰত ১৩৭ গৰাকী, ৯ অক্টোবৰত ১০৯ গৰাকী আৰু ১০ অক্টোবৰত ৬০ গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈছে । গতিকে, স্বাভাৱিকতে শাৰদীয় আনন্দ যাতে ক'ভিডে ম্লান পেলাব নোৱাৰে তাৰ প্ৰতি সকলোৱে সাৱধান হোৱাটো অতি প্ৰয়োজন ।
লগতে পঢ়ক: কাটিহাৰৰ পৰা গুৱাহাটীলৈ সম্পূৰ্ণ হ’ল ৰে’লপথৰ বৈদ্যুতিকৰণ