ETV Bharat / state

নতুন SOP অনুসৰি কি কি নীতি-নিয়ম প্ৰযোজ্য হ’ব আপোনাৰ জিলাত - ক'ভিড সম্পৰ্কীয় নতুন নীতি নিৰ্দেশনা

স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই মঙলবাৰে সংবাদমেল যোগে ঘোষণা কৰিলে ক'ভিড সম্পৰ্কীয় নতুন নীতি-নিৰ্দেশনা । তিনিটা ভাগত ভাগ কৰা জিলা সমূহৰ বাবে সুকীয়া হ’ব ক’ভিড নীতি ৷

new covid sop of assam government
চৰকাৰৰ নতুন SOP অনুসৰি কি কি নীতি-নিয়ম প্ৰযোজ্য হ’ব আপোনাৰ জিলাত
author img

By

Published : Jul 6, 2021, 5:39 PM IST

গুৱাহাটী, ৬ জুন : স্বাস্থ্য বিভাগৰ তৰফৰ পৰা মঙলবাৰৰ পৰা প্ৰযোজ্য হোৱাকৈ এসপ্তাহৰ বাবে জাৰি কৰা হৈছে ক'ভিড সম্পৰ্কীয় নতুন নীতি-নিৰ্দেশনা ইথবা SOP । মঙলবাৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই(Health minister Keshav Mahanta) জনতা ভৱনত এখন সংবাদমেল সম্বোধন কৰি নতুন নিৰ্দেশনাৰ(SOP)ৰ সবিশেষ সদৰি কৰে । এই নিৰ্দেশনা অনুসৰি, এইবাৰ তিনিটা ভাগত বিভক্ত কৰা হৈছে ৰাজ্যৰ জিলা সমূহক ।

ক'ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱা সাতখন জিলাক সম্পূৰ্ণ ৰূপে কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে নতুন নিৰ্দেশনাৱলীখনত । এই জিলাখন সম্পূৰ্ণ লক ডাউন প্ৰযোজ্য হ’ব । সম্পূৰ্ণ কণ্টেইনমেণ্ট ঘোষণা কৰা জিলা কেইখন হৈছে ক্ৰমে যোৰহাট, গোৱালপাৰা, গোলাঘাট, লখিমপুৰ, মৰিগাঁও, বিশ্বনাথ আৰু শোণিতপুৰ । এই জিলাকেইখনত অত্যৱশ্যকীয় সেৱা তথা গেলামালৰ দোকানসমূহ খোলা থাকিব ।

আনহাতে, ১৬খন জিলাত দুপৰীয়া ২ বজাৰ পৰা পিছদিনা পুৱা ৫ বজালৈ সান্ধ্য আইন প্ৰযোজ্য থাকিব । সেই জিলাকেইখন হৈছে শিৱসাগৰ, ডিব্ৰুগড়, কোকৰাঝাৰ, বৰপেটা, নলবাৰী, বাগছা, বজালী, কৰিমগঞ্জ, কামৰূপ, দৰং, নগাঁও, হোজাই, তিনিচুকীয়া, ধেমাজি, কাছাৰ, কাৰ্বি আংলং ।

new covid sop of assam government
স্বাস্থ্য বিভাগৰ নতুন SOP

শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাত চোকা দৃষ্টি ৰাখিব স্বাস্থ্য বিভাগে । ১৬ খন জিলাত ১ বজালৈ খোলা থাকিব সকলো ব্যৱসায়িক প্ৰতিষ্ঠান । একেদৰে, ১১খন জিলাত বিয়লি ৫ বজাৰ পৰা পিছদিনা পুৱা ৫ বজালৈ বলবৎ থাকিব সান্ধ্য আইন । জিলা কেইখন হৈছে ধুবুৰী, কামৰূপ মহানগৰ, দক্ষিণ শালমৰা, মাজুলী, বঙাইগাঁও, চিৰাং, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও, চৰাইদেউ আৰু হাইলাকান্দি । এই জিলা কেইখনত ৪ বজালৈ খোলা থাকিব দোকান-পোহাৰ তথা ব্যৱসায়িক প্ৰতিষ্ঠান ।

কামৰূপ মহানগৰ জিলাত ক'ভিড পৰিস্থিতি কিছু উন্নত হৈছিল যদিও পুনৰ অৱনমিত হৈছে বুলি স্বাস্থ্যমন্ত্ৰীয়ে সংবাদমেলত সদৰী কৰে । ইফালে, পূৰ্বৰ দৰেই বন্ধ থাকিব ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান । চৰকাৰী কাৰ্যালয় খোলাৰ ক্ষেত্ৰত পূৰ্বৰ নিৰ্দেশনাৰ নিয়ম সমূহেই বাহাল থাকিব ।

সম্পূৰ্ণ কণ্টেইনমেন্ট জ’ন ৰূপে ঘোষণা কৰা জিলা কেইখনৰ বাহিৰে আন জিলা সমূহত ক'ভিডৰ সংক্ৰমণ বৃদ্ধি পালে অঞ্চল ভিত্তিত কণ্টেইনমেণ্ট জ'ন(containment zone) ঘোষণা কৰাৰ দায়িত্ব জিলা উপায়ুক্তসকলক(Deputy Commissioner) দিয়া হৈছে । কণ্টেইনমেণ্ট অঞ্চল সমূহত ১০০ শতাংশ টেষ্ট আৰু ভেকচিন প্ৰদান কৰা হ’ব বুলিও স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই জনায় ।

অঞ্চল ভিত্তিক কণ্টেইনমেণ্ট জ’নত থকা পৰিয়াললৈ ২০০০ টকা মূল্যৰ খাদ্য সামগ্ৰী আগবঢ়োৱা হ’ব বুলি সদৰী কৰে স্বাস্থ্যমন্ত্ৰীয়ে । পূৰ্বৰ দৰেই ৰাজ্যত আন্তঃজিলা যাতায়াত সম্পূৰ্ণ বন্ধ থাকিব । আগৰ দৰেই জৰুৰী সেৱা, অত্যাৱশ্যকীয় সেৱাসমূহ বাধাহীনভাৱে চলি থাকিব ।

সম্পূৰ্ণ সান্ধ্য আইনৰ(complete curfew) অধীনৰ জিলাসমূহত ঔদ্যোগিক উৎপাদনমূলক কাম-কাজ, চাহ বাগিচাৰ নিয়মীয়া কাম-কাজ ক'ভিড প্ৰট'কল অনুসৰি চলি থাকিব । নিজৰ ১৮ বছৰ অনুৰ্ধৰ সন্তানৰ সুৰক্ষাৰ স্বাৰ্থতে পিতৃ-মাতৃক সাৱধানতা অৱলম্বন কৰাৰ বাবে আহ্বান জনাই স্বাস্থ্যমন্ত্রীয়ে । স্বাস্থ্যমন্ত্রীয়ে সদৰি কৰা মতে, ৰাজ্যত এতিয়ালৈকে ১৮ বছৰৰ তলৰ ২৮ হাজাৰৰো অধিক শিশু ক'ভিডত আক্ৰান্ত হৈছে আৰু ইয়াৰে ২৮৯০ গৰাকী শিশু-কিশোৰ বৰ্তমানেও আক্ৰান্ত হৈ আছে ।

লগতে পঢ়ক : কেবিনেট সম্প্ৰসাৰণ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.