ETV Bharat / state

Guwahati New Cab Service: পৰিবহন নিগমৰ অধীনত গুৱাহাটীত আৰম্ভ হ’ব নতুন কেব সেৱা

author img

By

Published : Dec 17, 2022, 10:31 PM IST

পৰিবহন নিগমৰ অধীনত গুৱাহাটীত শীঘ্ৰেই আৰম্ভ হ’ব নতুন কেব সেৱা ৷ চালক আৰু গ্ৰাহকৰ বাবেও সুলভ হ’ব এই কেব সেৱা ৷ ASTC City Texi হিচাপে নামকৰণ কৰা হৈছে এই নতুন কেব সেৱাক ৷

Guwahati New Cab Service
পৰিবহন নিগমৰ অধীনত গুৱাহাটীত আৰম্ভ হ’ব নতুন কেব সেৱা

গুৱাহাটী, 17 ডিচেম্বৰ: গুৱাহাটীত শীঘ্ৰেই আৰম্ভ হ’ব নতুন কেব সেৱা(CAB service in Guwahati) ৷ অসম চৰকাৰৰ পৰিবহন বিভাগে(ASTC) অতি শীঘ্ৰেই আৰম্ভ কৰিব এই নতুন কেব সেৱাৰ ৷ অলা, অ’বেৰৰ(Ola, UBER) দৰে বহিৰাগত প্ৰতিষ্ঠানৰ কেব সেৱাক প্ৰত্যাহ্বান জনাই অসম চৰকাৰে মুকলি কৰিবলৈ আগবাঢ়িছে এই কেব সেৱাৰ ৷ এই নতুন কেব সেৱা মুকলি সন্দৰ্ভত শনিবাৰে মহানগৰীৰ ISBTত শতাধিক কেব চালকৰ সৈতে বৈঠকত মিলিত হয় পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্য(Minister Parimal Suklabaidya) ৷

উল্লেখ্য যে, পৰিবহন নিগমৰ অধীনত আৰম্ভ হ’ব লগা এই কেব সেৱাৰ নামকৰণ কৰা হৈছে ASTC City Texi হিচাপে ৷ অসম চৰকাৰে আৰম্ভ কৰিবলৈ আগবঢ়া এই কেব সেৱা হ’ব অতি সুলভ(Cheaper cab service in Guwahati) ৷ ASTC City Texi এপত অন্তৰ্ভুক্ত হোৱা কেব চালকে প্ৰদান কৰিব নালাগে কোনো মোটা অংকৰ কমিচন ৷ প্ৰতিদিনে মাত্ৰ 12 টকা 50পইচা প্ৰদান কৰিয়েই এই এপৰ অংশীদাৰ হ’ব পাৰিব কেব চালকসকল(CAB drivers) ৷ আনহাতে গ্ৰাহকৰ বাবেও সুলভ হ’ব এই কেব সেৱা(Guwahati Cab service) ৷

উল্লেখ্য যে, বিভিন্ন সময়ত অলা, অ’বেৰৰ দৰে কেব প্ৰতিষ্ঠানে চালকৰ পৰা পৰা মোটা অংকৰ কমিচন লোৱাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছে ৰাজ্যৰ কেব চালকসকলে ৷ এনে বহুজাতিক প্ৰতিষ্ঠানৰ(Multinational Company) শোষণ আৰু লুণ্ঠনৰ পৰা পৰিত্ৰাণ পাবলৈ অসম চৰকাৰক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছিল সদৌ অসম কেব মজদুৰ সংঘই ৷ কেব মজদুৰ সংঘৰ এই আহ্বানৰ প্ৰতি সহাৰি জনাই ASTC City Texi কেব সেৱা মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে পৰিবহন বিভাগে ৷

এই সন্দৰ্ভত আজি ISBTত কেব চালকেৰে প্ৰথমখন বৈঠকত মিলিত হয় পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্য ৷ এই বৈঠকত উপস্থিত থাকে মহানগৰীৰ পৰিবহন বিষয়াসকলো ৷ অসম চৰকাৰৰ এই প্ৰচেষ্টাক আদৰণি জনাইছে মহানগৰীৰ কেব চালকসকলে ৷

লগতে পঢ়ক: Promotion of Bangla language in Assam: বাংলা ভাষা প্ৰচাৰৰ অভিযোগত বহিৰাগত কোম্পানীৰ বিৰুদ্ধে গৰজিল বীৰ লাচিত সেনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.