ETV Bharat / state

অৱশেষত খান্দি উলিওৱা হ'ল নৱগ্ৰহ শ্মশানৰ পৰা এটি দেৱশিশুৰ মৃতদেহ.. - খান্দি উলিওৱা হল নৱগ্ৰহ শ্মশানৰ পৰা দেৱশিশুটি

উল্লেখ্য যে, উক্ত ঘটনা সন্দৰ্ভত মাতৃ গৰাকীক ভুল চিকিৎসা কৰাৰ লগতে অস্ত্ৰোপচাৰত জোখতকৈ অধিক পেটত কাটিছিল বুলি ড0 হিতেন্দ্ৰ কলিতাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে শিশুটিৰ মাতৃয়ে ৷

খান্দি উলিওৱা হল নৱগ্ৰহ শ্মশানৰ পৰা দেৱশিশুটি

author img

By

Published : Feb 8, 2020, 11:40 PM IST

গুৱাহাটী, 8 ফেব্ৰুৱাৰীঃ অৱশেষত খান্দি উলিওৱা হ'ল নৱগ্ৰহ শ্মশানৰ পৰা দেৱশিশুটিৰ মৃতদেহ। 4 দিনৰ ন্যায়ালয়ৰ পৰিক্ৰমাৰ অন্তত শনিবাৰে নৱগ্ৰহ শ্মশানত প্ৰশাসনৰ উপস্থিতিত খান্দি উলিওৱা হয় শিশুটিৰ মৃতদেহ। চিকিৎসকৰ ভূল চিকিৎসাৰ বাবে দেৱ শিশুটিয়ে প্ৰাণ হেৰুওৱা বুলি অভিযোগ কৰি পিতৃ মাতৃয়ে ন্যায়ৰ আশাত শিশুটিৰ মৃতদেহ খান্দি মৰণোত্তৰ পৰীক্ষাৰ বাবে আবেদন বিচাৰিছিল ন্যায়ালয়ৰ পৰা। বিগত তিনিদিনে ন্যায়ালয়ৰ দুৱাৰ খটখটোৱাৰ পাছত শুকুৰবাৰে দণ্ডাধীশে শিশুটিৰ মৃতদেহটো উলিয়াবলৈ অনুমতি প্ৰদান কৰে পৰিয়ালটোক ৷ সেয়ে শনিবাৰে খান্দি উলিওৱা হয় দেৱশিশুটিৰ মৃতদেহ ৷

দেৱশিশুটিৰ পিতৃ-মাতৃ
দেৱশিশুটিৰ পিতৃ-মাতৃ

দৰাচলতে, ৰঙিয়া স্বস্তি হাস্পাতালৰ স্ত্ৰী ৰোগ বিশেষজ্ঞ ড0 হিতেন্দ্ৰ কলিতাৰ তত্বাৱধানত 9 জানুৱাৰীত অস্ত্ৰোপচাৰৰ জৰিয়তে মহিলাগৰাকীয়ে জন্ম দিছিল এটি কন্যা সন্তানক ।কিন্তু জন্মৰ পাছতে ক্ৰমাৎ অসুস্থ হৈ পৰিছিল শিশুটি । স্বস্তি হাস্পাতালত সদ্যজাত শিশুটিৰ চিকিৎসা অব্যাহত আছিল যদিও সুস্থ হোৱা নাছিল শিশুটি। পৰৱৰ্তী সময়ত কন্যা শিশুটিক মহানগৰস্থিত প্ৰতীক্ষা হাস্পতালত ভৰ্তি কৰে পিতৃ-মাতৃয়ে। প্ৰতীক্ষা হাস্পতালৰ তত্ত্বাৱধানত শিশুটিক চিকিৎসা কৰা হয় যদিও 4 ফেব্ৰুৱাৰীত মৃত্যু হয় নৱজাতকটিৰ। একমাত্ৰ ভুল চিকিৎসা আৰু চিকিৎসকৰ গাফিলতিৰ বাবে সন্তানটিৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰি নৱজাতকটোৰ পিতৃ মাতৃয়ে ৰঙিয়া থানাত গোচৰ ৰুজু কৰে ৷

অৱশেষত খান্দি উলিওৱা হ'ল নৱগ্ৰহ শ্মশানৰ পৰা এটি দেৱশিশুৰ মৃতদেহ..

সমাধিস্থ শিশুটিৰ মৃতদেহটো উলিয়াই মৰণোত্তৰ পৰীক্ষাৰ অনুমতিৰ বাবে বিগত দুদিন ধৰি আদালতৰ চৌহদে চৌহদে দণ্ডাধীশ বিচাৰি হাহাকাৰ কৰিছিল দুৰ্ভগীয়া পিতৃ মাতৃয়ে । অৱশেষত দণ্ডাধীশে শনিবাৰে শিশুটিৰ মৃতদেহ খান্দি উলিওৱাৰ অনুমতি প্ৰদান কৰে পৰিয়ালটোক ৷ উল্লেখ্য যে, উক্ত ঘটনা সন্দৰ্ভত মাতৃ গৰাকীক ভুল চিকিৎসা কৰাৰ লগতে অস্ত্ৰোপচাৰত জোখতকৈ অধিক পেটত কাটিছিল বুলি ড0 হিতেন্দ্ৰ কলিতাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে শিশুটিৰ মাতৃয়ে ৷ আনহাতে মৰোণোত্তৰ পৰীক্ষাৰ পাছতে সদ্যজাত শিশুটিৰ মৃত্যুৰ সকলো কাৰণ পোহৰলৈ আহিব বুলি এই ঘটনাৰ তদাৰক কৰা দণ্ডাধীশগৰাকীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়কঃ কন্যাৰ মৃতদেহ উলিওৱাৰ অনুমতিৰ বাবে আদালতৰ চৌহদত এহাল দম্পত্তি....

Intro:অৱশেষত খান্দি উলিওৱা হল নৱগ্ৰহ শ্মশানৰ পৰা দেৱশিশুটি। 4 দিনৰ ন্যায়ালয়ৰ পৰিক্ৰমাৰ পিছত আজি নৱগ্ৰহ শ্মশানৰ প্ৰশাসনৰ উপস্থিতিত খান্দি উলিওৱা হয় শিশুটি। চিকিৎসকৰ ভূল চিকিৎসাৰ বাবে প্ৰাণ হেৰুৱা শিশু টিৰ পিতৃ মাতৃয়ে ন্যায়ৰ আশাত মৃত শিশুটিৰ মৃতদেহ খান্দি মৰণোত্তৰ পৰীক্ষাৰ বাবে আবেদন বিচাৰিছিল ন্যায়ালয়ৰ পৰা।

Body:বহু প্ৰত্যাশাৰ অন্তত দুয়োৰে জীৱনলৈ আহিছিল এটি কন্যা সন্তান । ৰঙিয়া স্বস্তি হস্পিতেলৰ স্ত্ৰী ৰোগ বিশেষজ্ঞ হিতেন্দ্ৰ কলিতাৰ তত্বাৱধানত মাতৃ গৰাকীক চোৱা চিতা চলি আছিল। 9 জানুৱাৰীত চিকিৎসকৰ তত্বাৱধানতেই অস্ত্ৰোপচাৰৰ জৰিয়তে ভূমিষ্ঠ কৰোৱা হৈছিল শিশুটিক । কিন্তু পিতৃ মাতৃৰ অভিযোগ ভুল চিকিৎসাৰ বাবে অসুস্থ হৈ পৰিছিল শিশুটি। কেইদিনমান স্বস্তি হস্পিতালত চিকিৎসা কৰি থাকা হৈছিল শিশুটিক। কিন্তু শিশুটিৰ স্বাস্থ্য উন্নত নোহোৱাৰ বাবে মহানগৰীৰৰ প্ৰতীক্ষা হস্পিতেললৈ লৈ অহা হয়। তাৰ পিছতে প্ৰতীক্ষা হস্পিতেলৰ তত্ত্বাৱধানত শিশুটিক চিকিৎসা কৰা হয় যদি 4 ফেব্ৰুৱাৰীত মৃত্যু হয় নৱজাতকৰ। ভুল চিকিৎসাৰ পৰিণতি আৰু চিকিৎসকৰ গাফিলটিৰ বাবে মৃত্যু মুখত পৰিল নৱজাতকৰ এই অভিযোগেৰে আৰক্ষীৰ ওচৰ চাপিছিল পিতৃ মাতৃয়ে।পিতৃ মাতৃয়ে অভিযোগ কৰা অনুসৰি ঘটনাৰ পিছতে স্বস্তি হস্পিতেলৰ কৰ্তৃপক্ষ আৰু ডাঃ হিতেন্দ্ৰ কলিতাই প্ৰলোভনেৰে সমগ্ৰ ঘটনা গাপ দিবলৈ চেষ্টা কৰিছে।
Bite-পিতৃ।
লগতে মাতৃ গৰাকীক ভুল চিকিৎসা কৰাৰ লগতে অস্ত্ৰোপচাৰত জোখতকৈ অধিক পেটত কাটিছিল বুলিও জানিবলৈ দিয়ে তেওঁ।
bite:- মাতৃ
আনহাতে উক্ত ঘটনাক তদাৰক কৰা মেজিষ্ট্ৰেট গৰাকীয়ে মৰণোত্তৰ পৰীক্ষাৰ পিছতে সমগ্ৰ ঘটনা পোহৰলৈ আহিব বুলি জানিবলৈ দিয়ে তেওঁ।
Bite:- মেজিষ্ট্ৰেট।

Conclusion:এতিয়া প্ৰশ্ন হয় ন্যায় পাব নে এই দুৰ্ভগীয়া পিতৃ মাতৃয়ে। নিজ কন্যা সন্তানৰ মৃত্যুক কোনো দিনে পাহৰিব নোৱাৰিলেও কন্যা সন্তানটিৰ মৃত্যুৰ দায়ী চিকিৎসক জনক শাস্তি দিবলৈ সক্ষম হব নে তেওঁ লোক। এতিয়া সমগ্ৰ ঘটনা মৰণোত্তৰ পৰীক্ষা ফলাফলৰ পিছত পোহৰলৈ আহিব।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.