গুৱাহাটী, ২৮ আগষ্টঃ অসমৰ গোৱালপাৰা জিলাৰ দুধনৈত কেন্দ্ৰীয় চৰকাৰৰ আয়ুস মন্ত্রণালয়ে নিৰ্মাণ কৰিব এখন আয়ুৰ্বেদিক মহাবিদ্যালয় । ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে ব্যয় কৰিব ৭০ কোটি টকা । শনিবাৰে গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত এই কথা সদৰি কৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুস মন্ত্রণালয়ৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।
অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে আয়ুস মন্ত্রণালয়ে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্রীগৰাকীয়ে কয়, ৰাষ্ট্ৰীয় আয়ুস মিছনৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলত ১০০ খন ঔষধালয়ৰ উপৰি ১০০০ টা হেল্থ ৱেলনেছ চেণ্টাৰ প্ৰতিষ্ঠা কৰা হ'ব । তদুপৰি নেচনেল মেডিচিন প্লাণ্ট বোৰ্ডৰ তৰফৰ পৰা ঔষধি গুণ সম্পন্ন গছ-বন তথা লতাৰ কৃষি কাৰ্যৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্যক সহযোগিতা আগবঢ়োৱা হ'ব ।
আনহাতে ১৯৪৮ চনত প্ৰতিষ্ঠা কৰা গুৱাহাটীৰ জালুকবাৰীত থকা অসমৰ একমাত্র আয়ুৰ্বেদিক মহাবিদ্যালয়খনক চেণ্টাৰ অৱ এক্সিলেন্স হিচাপে গঢ় দিয়া হ'ব । ইয়াৰ বাবে ১০ কোটি টকাৰ অনুদান আগবঢ়োৱা হ'ব জানিবলৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷
লগতে পঢ়ক: গুৱাহাটীত উত্তৰ-পূর্বাঞ্চলৰ স্বাস্থ্যমন্ত্ৰী সকল আৰু আয়ুসৰ সন্মিলন
কেন্দ্ৰীয় মন্ত্রীগৰাকীয়ে লগতে কয়, অসমসহ উত্তৰ-পূৰ্বাঞ্চলত আয়ুসৰ ক্ষেত্রত প্ৰচুৰ সম্পদ আৰু সম্ভাৱনীয়তা আছে । এই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ঔষধি গুণসম্পন্ন কেচাঁমালৰ উৎপাদন বৃদ্ধিৰ লগতে ঔষধ প্ৰস্তুকাৰী ইউনিট কৰাত গুৰুত্ব আৰোপ কৰা হৈছে । তদুপৰি এই দিশটোত অধ্যয়ন আৰু গৱেষণা কৰাৰ বাবেও পদক্ষেপ লোৱা হ'ব ।
স্বাধীনতা দিৱসৰ ৭৫ বছৰ উপলক্ষ্যে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা 'আজাদী কি অমৃত মহোৎসৱ' কাৰ্যসূচীৰ প্ৰসংগত কেন্দ্ৰীয় মন্ত্রীগৰাকীয়ে কয়, ৩০ আগষ্টৰ পৰা ৫ ছেপ্তেম্বৰলৈ গ্ৰহণ কৰা কাৰ্যসূচীত আয়ুস মন্ত্রণালয়ে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে । সকলো কৰ্মচাৰীয়ে কামৰ মাজতে পাঁচ মিনিট সময় উলিয়াই আসন, প্ৰাণায়ম আৰু ধ্যান কৰিব ।
লগতে পঢ়ক : অবৈধভাৱে নিযুক্তি লাভ কৰা GMC ৰ ৪০ গৰাকী কৰ্মাচাৰী বৰ্খাস্ত
শাৰীৰিক আৰু মানসিক সুস্থতাৰ বাবে সকলোৱে এইখিনি কৰিব । আনহাতে আয়ুস মন্ত্রণালয়ে দেশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত বিভিন্ন সভা-সমিতি কৰি শিক্ষাৰ্থীসকলক আয়ুৰ্বেদৰ বিষয়ে অৱগত কৰিব । প্ৰকৃতিৰ বুকুত থকা সম্পদৰ ঔষধি গুণ সম্পৰ্কে অৱগত কৰিব বুলি জানিবলৈ দিছে সোণোৱালে ।
সমগ্ৰ দেশতে আয়ুসৰ শক্তিশালী আন্দোলন গঢ় দিয়াৰ প্ৰয়াস কৰা হ'ব । আনহাতে ৬০ বছৰৰ ঊৰ্দ্ধৰ নাগৰিকক আয়ুসৰ ঔষধ বিতৰণ কৰাৰ ব্যৱস্থা কৰা হ'ব। সেইদৰে পৰম্পৰাগত ঔষধি গুণসম্পন্ন গছ-গছনি তথা বন-লতাৰ বিশাল পৰিসৰত উৎপাদন বৃদ্ধিৰ বাবে ৭৫ হাজাৰ হেক্টৰ ভূমিত গছ পুলি ৰোপন কৰা হ'ব বুলি সদৰি কৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুস মন্ত্রণালয়ৰ মন্ত্ৰী গৰাকীয়ে ৷
সংবাদমেলত কেন্দ্ৰীয় আয়ুস মন্ত্রণালয়ৰ ৰাজ্যিক মন্ত্রী মঞ্জুপাৰা মহেন্দ্ৰভাইৰ উপৰি বিভাগীয় কেইবাজনো উচ্চপদস্থ বিষয়া উপস্থিত আছিল ।
লগতে পঢ়ক: অসম-নাগালেণ্ডৰ সৰ্ম্পক অটুত ৰাখিবলৈ দুয়োখন ৰাজ্যৰ প্ৰশাসনিক বিষয়াৰ বিশেষ পদক্ষেপ