গুৱাহাটী,১৩ ছেপ্টেম্বৰ: ৰাজ্যৰ চুকে-কোনে এতিয়া ভ্ৰাম্যমাণ থিয়েটাৰৰ চৰ্চা । এই বৰ্ষত কেইবাটাও আগশাৰীৰ ভ্ৰাম্যমাণ দলে বহুকেইখন মঞ্চ সফল নাট লৈ ওলাই আহিছে ৰাইজৰ মাজলৈ । এই বৰ্ষতে সংযোজন ঘটিছে কেইবাটাও নাট্য গোষ্ঠীৰ । ইয়াৰ মাজতে ভ্ৰাম্যমাণ উদ্যোগটোলৈ আহিছে আন এক আশাৰ খবৰ । ২০২৪-২৫ নাট্যবৰ্ষত অসমৰ ভ্ৰাম্যমান জগতত পদাৰ্পণ কৰিব আৰু এটা নতুন নাট্যগোষ্ঠীয়ে ।
য'ত থাকিব বহুকেইখন চিনাকী অভিনেতা-অভিনেত্ৰী মুখ । ব্যয়বহুলভাৱে অসমৰ ভ্ৰাম্যমাণ উদ্যোগত পদাৰ্পণ কৰিবলৈ ওলোৱা নাট্যদলটিয়ে ইতিমধ্যেই আৰম্ভ কৰিছে যোৰদাৰ প্ৰস্তুতি । ৰাজধানী থিয়েটাৰ নামেৰে আত্মপ্ৰকাশ কৰিব নাট্যগোষ্ঠীটোৱে । দুগৰাকী দক্ষ নাট্যকাৰৰ ৩ খন নাটকৰে সাজু হৈছে নাট্যদলটো । নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ নাট তপস্যা আৰু মচি দিম সেন্দুৰ তোমাৰ, ৰাজদ্বীপৰ বিশ্বনাথ জীয়াই আছে, এই তিনিখন নাটকেৰে সাজু হৈছে ভ্ৰাম্যমান দলটো ।
নতুনকৈ আত্মপ্ৰকাশ কৰা ৰাজধানী থিয়েটাৰৰ তিনিখন নাটক তিনিখনত অভিনয় কৰিব জনপ্ৰিয় অভিনেতা মৃদুল ভূঞা, কাজল শৰ্মা, জুনজুন বৰা, ৰূপম শৰ্মা, পদ্ম বৰা, ননী দেৱী, অৰুণ বৰা, কুকিল শইকীয়া, ভৈৰৱ জ্যোতি ভূঞাকে ধৰি বহু কেইগৰাকী নতুন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে । মল্লিকা ৰয়ৰ প্ৰযোজনাৰে আৰু সম্পাদক পদ্ম চেতিয়াৰ নেতৃত্বত ৰাজধানী থিয়েটাৰে এইবাৰ আত্মপ্ৰকাশ কৰিব ।
ৰাজধানী থিয়েটাৰৰ প্ৰযোজিকা মল্লিকা ৰয়ে থিয়েটাৰখনৰ সন্দৰ্ভত মন্তব্য কৰি কয় যে, অসমৰ সংস্কৃতিক জগততখনৰ বাবে কাম কৰা হেঁপাহ পূৰ্বৰ পৰাই আছিল । সেই আশাৰে ৰাজধানী থিয়েটাৰৰ পৰিকল্পনা কৰা হৈছে । মান্দাকাটাত আখৰাগৃহ কেম্পৰ কাম কৰি থকা হৈছে । ২০২৩-২৪ বৰ্ষটো বহুকেইটা নাট্যগোষ্ঠীৰ সংযোজন হৈছে ভ্ৰাম্যমান জগতত ।
২০২৪-২৫ নাট্যবৰ্ষতো হয়টো বহুকেইটা দল নতুনকৈ ওলাব । তাৰ মাজতে এই দলটোও আগবাঢ়িছে আৰু সেই ক্ষেত্ৰত প্ৰত্যহ্বান নিশ্চয় আহিব বুলি উল্লেখ কৰে প্ৰযোজিকাগাৰকীয়ে । তেওঁ প্ৰযোজক হৈ ওলাই অহা নাই, কেৱল ভ্ৰাম্যমানক জীয়াই ৰাখিবলৈ, ভ্ৰাম্যমানত ভাল কাম এটা কৰিবলৈ ওলাই আহিছোঁ বুলি সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰে । এই ক্ষেত্ৰত ৰাইজৰ আশীৰ্বাদ তথা সহায়-সহযোগিতা কামনা কৰে প্ৰযোজিকাগৰাকীয়ে ।
লগতে পঢ়ক: Inhuman act in Sarupathar: জীৱশ্ৰেষ্ঠৰ নিকৃষ্ট কাণ্ড; মৃতদেহ সৎকাৰ কৰিবলৈ নাহিল এজনো লোক