ETV Bharat / state

নেছ’ৰ 11 ঘন্টীয়া বন্ধঃ ব্যাপক প্ৰভাৱ গুৱাহাটী শিৱসাগৰত

author img

By

Published : Dec 10, 2019, 9:30 AM IST

মঙলবাৰে 12 ঘন্টীয় উত্তৰ-পূৰ্ৱাঞ্চল বন্ধৰ আহ্বান উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সংগঠন (নেছ’)ৰ ৷ মঙলবাৰে পুৱাৰ পৰাই গুৱাহাটী মহানগৰীত ব্যাপক প্ৰভাৱ পৰিছে দেখা বন্ধৰ ৷ সমান্তৰালকৈ শিৱসাগৰতো ৰাজপথত নামিল বন্ধৰ সমৰ্থক ৷

NESO 12 hours north east bandh
নেছ’ৰ 11 ঘন্টীয়া বন্ধঃ ব্যাপৰ প্ৰভাৱ গুৱাহাটী শিৱসাগৰত

নিউজ ডেক্স, 10 ডিচেম্বৰঃ সোমবাৰে নিশা সংসদত গৃহীত হ’ল নাগৰিকত্ব সংশোধনী বিধেয়ক ৷ বিধেয়কখনৰ বিৰোধিতা কৰি মঙলবাৰে 11 ঘন্টীয় উত্তৰ-পূৰ্বাঞ্চল বন্ধৰ আহ্বান উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সংগঠন (নেছ’)ৰ ৷ মঙলবাৰে পুৱাৰ পৰাই গুৱাহাটী মহানগৰীত ব্যাপক প্ৰভাৱ পৰিছে বন্ধৰ ৷ গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী অঞ্চল খানাপাৰা,যোৰাবাট আৰু সোণাপুৰতো পৰিছে বন্ধৰ প্ৰভাৱ ৷ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ঠায়ে ঠায়ে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে বন্ধৰ সমৰ্থকসকলে ৷ আনহাতে,বহুকেইটা স্থানত বন্ধ সমৰ্থকে সংঘটিত কৰে বিক্ষিপ্ত ঘটনা ৷ এই বন্ধৰ প্ৰতি স্বতঃস্ফুৰ্তভাৱে সমৰ্থন জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি,সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ,অসমৰ মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চকে ধৰি কেইবাটাও দল-সংগঠনে ৷

গুৱাহাটী শিৱসাগৰত বন্ধৰ প্ৰভাৱ

শিৱসাগৰঃ গুৱাহাটীৰ সমান্তৰালকৈ শিৱসাগৰতো ৰাজপথত নামিল বন্ধৰ সমৰ্থক ৷ সদৌ অসম ছাত্ৰ সন্থাৰ লগতে বিভিন্ন সমৰ্থকে মঙলবাৰে পুৱাৰে পৰা বন্ধ সফল কৰিবৰ বাবে পিকেটিং কাৰ্যসূচী হাতত লয় ৷ অত্যাৱশ্যকীয় সেৱা সমূহৰ বাদে আন বাহন সমূহৰ চলাচল সম্পূৰ্ণ ভাৱে নিষিদ্ধ কৰা হয় জিলাখনত ৷ বৰ্তমানলৈ সকলো বানিজ্যিক যান-বাহনৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠান সমূহ বন্ধ থকাৰ লগতে অ’এনজিচিৰ সকলো কাম স্তব্ধ হৈ আছে ৷ বন্ধৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয় সমূহৰ পৰিদৰ্শকে বাতিল কৰিছে চৰকাৰী বিদ্যালয়সমূহৰ পৰীক্ষা ৷

লগতে পঢ়ক- চল্লিশটা বছৰে পদে পদে ঠগ খাই অহা অসমীয়া জাতি

Intro:কেবৰ বিৰোধিতাৰে দিয়া বন্ধৰ ব্যাপক প্ৰভাৱ পুৱাই দেখা গল মহানগৰীৰ পাৰ্শ্বৱৰ্তী অঞ্চলত

Body:কেবৰ বিৰোধীতা কৰি উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠন নেছ'ৰ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত ব্যাপক প্ৰভাৱ দেখা গল গুৱাহাটী মহানগৰীৰ পাশৱৰ্তী অঞ্চল খানাপাৰা,যোৰাবাট আৰু সোণাপুৰ অঞ্চলত। বন্ধ সমৰ্থকসকলে 37 নং ৰাষ্ট্ৰীয় ঘাই পথত ঠায়ে ঠায়ে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।

Conclusion:Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.