ETV Bharat / state

NEP 2020: ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 এ অসমলৈ ব্যাপক পৰিৱৰ্তন আনিব; আশাবাদী মুখ্যমন্ত্ৰী - NEP 2020 details

“আমাৰ ৰাজ্যখন পূব ভাৰত আৰু সমগ্ৰ ভাৰতৰ শিক্ষাৰ কেন্দ্ৰ হৈ উঠক । এয়া সাধন কৰিবৰ বাবে আমাৰ 50% বিশ্ববিদ্যালয়ক শীৰ্ষ 100 ৰেংকৰ ভিতৰলৈ আমি লৈ যাব পাৰিব লাগিব ।” মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

NEP 2020
NEP 2020 Conclave held in Guwahati
author img

By

Published : Jun 15, 2023, 4:08 PM IST

ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020-ৰ ৰূপায়ণ

গুৱাহাটী, ১৫ জুন: ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020-ৰ ৰূপায়ণক লৈ ৰাজ্য চৰকাৰৰ ব্যাপক তৎপৰতা ৷ গুৱাহাটীত ৰাজভৱন আৰু অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে বৃহস্পতিবাৰে গুৱাহাটীত ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 বিষয়ক এক বিশেষ সন্মিলন আয়োজন কৰে ৷ খানপাৰাৰ প্ৰশাসনীয় পদাধিকাৰী প্ৰশিক্ষণ মহাবিদ্যালয়ত আয়োজিত এই অনুষ্ঠানত অংশগ্ৰহণ কৰে অসমৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়া আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷

দুদিনীয়াকৈ আয়োজন কৰা ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 বিষয়ক এই সন্মিলনত অংশগ্ৰহণ কৰে 16 খনকৈ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু পঞ্জীয়ক সকলে ৷ লগতে অংশগ্ৰহণ কৰে মহাবিদ্যালয়ৰ অধ্যক্ষসকলে । NEP 2020 Conclave ৰ দুয়োদিনৰ কাৰ্যসূচীত দেশৰ বিভিন্ন প্ৰান্তৰ 13 গৰাকী বিশিষ্ট লোকে সমল ব্যক্তি হিচাবে অংশগ্ৰহণ কৰিব ৷

লগতে পঢ়ক: National Education Policy 2020: চাৰি বছৰীয়া হ’ল ডিগ্ৰীৰ পাঠ্যক্ৰম; অসমত কাৰ্যকৰী ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020

সন্মিলনখনৰ উদ্বোধনী অনুষ্ঠানত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 এ দেশৰ লগতে অসমলৈয়ো বিশাল পৰিৱৰ্তন আনিব বুলি আাশা প্ৰকাশ কৰে ।

নিজৰ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, “মই নিবিচাৰো অসম কেৱল উত্তৰ-পূৰ্বাঞ্চলৰ বাবে শিক্ষাৰ কেন্দ্ৰবিন্দু হওক । মই বিচাৰো আমাৰ ৰাজ্যখন পূব ভাৰত আৰু সমগ্ৰ ভাৰতৰ শিক্ষাৰ কেন্দ্ৰ হৈ উঠক । এয়া সাধন কৰিবৰ বাবে আমাৰ 50% বিশ্ববিদ্যালয়ক শীৰ্ষ 100 ৰেংকৰ ভিতৰলৈ আমি লৈ যাব পাৰিব লাগিব ।”

লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ইতিমধ্যে অসমে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ 95% তকৈ অধিক প্ৰয়োজনীয়তা পূৰণ কৰিছে ৷ ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020-ৰ পুংখানুপুংখ আৰু গুণগত ৰূপায়ণৰ ক্ষেত্ৰত আগশাৰীৰ ৰাজ্যসমূহৰ ভিতৰত অসম অন্যতম ।

লগতে পঢ়ক: ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020ৰ অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ

উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে 2020 চনৰ 29 জুলাইত অনুমোদন জনাইছিল ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 ত ৷ ইয়াৰ দ্বাৰা দেশৰ শিক্ষা ব্যৱস্থাত ব্যাপক সংশোধনৰ প্ৰচেষ্টা হাতত লোৱা হয় ৷ ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 অনুসৰি 2035 চনলৈকে মুঠ 50 শতাংশ তালিকাভুক্ত অনুপাতৰ লক্ষ্যৰে উচ্চ শিক্ষানীতিত সাধন কৰা হয় ব্যাপক পৰিৱৰ্তন ৷

ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 ৰ ৰূপায়নক লৈ ৰাজ্যৰ বিভিন্ন মহলৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আহিছে ৷ এই সন্দৰ্ভত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ইতিপূৰ্বেই ব্যক্ত কৰিছে যে, অসমৰ শিক্ষা ক্ষেত্ৰৰ বাবে চৰকাৰে কিছু লক্ষ্য নিৰ্ধাৰণ কৰিছে ৷ 2035 বৰ্ষৰ ভিতৰত অসম এই লক্ষ্যত উপনীত হ’ব ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.