ETV Bharat / state

আইন হাতত তুলি লোৱাৰ কৰ্তৃত্ব কাৰো নাই: নেকিবুৰ জামান - মাষ্টাৰমাইণ্ড বুলি চিহ্নিত আশ্বিকুল ইছলাম

বটদ্ৰৱাকাণ্ড সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জেষ্ঠ অধিবক্তা নেকিবুৰ জামানৰ প্ৰতিক্ৰিয়া । আৰক্ষীয়ে অভিযুক্তক ক'ৰবালৈ নিয়াৰ ক্ষেত্ৰত জেনেৰেল ডায়েৰীত এন্ট্ৰি কৰিছে নে নাই সেই কথা আদালতৰ মজিয়াত আহিব । তাৰ লগে লগে যদি সশস্ত্ৰ পুলিচ বাহিনীৰ লগত এজন লোক লৈ যাওতে পলাই যোৱা বুলি দেখুওৱা হৈছে তেনেহলে পুলিচ-প্ৰশাসন সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে । হেণ্ডকাফ থকাৰ প‍াছত এজন লোক আৰক্ষীৰ জিম্মাৰ পৰা কেনেকৈ পলাব পাৰে ।

আইন হাতত তুলি লোৱাৰ কৰ্তৃত্ব কাৰো নাই : নেকিবুৰ জামান

author img

By

Published : May 31, 2022, 7:54 PM IST

গুৱাহাটী, ৩১ মে': ৰাজ্যজুৰি চৰ্চিত বটদ্ৰৱাকাণ্ড সন্দৰ্ভত বিভিন্নজনে বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । থানা জ্বলাই আৰক্ষীক আক্ৰমণ কৰা ঘটনাই ৰাজ্য তোলপাৰ কৰি থকাৰ সময়তে ঘটনাৰ মূল অভিযুক্ত আশ্বিকুল ইছলাম আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰি দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু হোৱা ঘটনাক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

উল্লেখ্য যে বটদ্ৰৱাকাণ্ডৰ অন্যতম মাষ্টাৰমাইণ্ড বুলি চিহ্নিত আশ্বিকুল ইছলামক আৰক্ষীয়ে দেওবাৰে গ্ৰেপ্তাৰ কৰিছিল । দেওবাৰে নিশাই আশ্বিকুলক লগত লৈ জুৰিয়াৰ সোনাইবেৰাস্থিত বাসগৃহত অভিযান চলাইছিল নগাঁও আৰক্ষীয়ে । অভিযান কালত আশ্বিকুলৰ ঘৰৰ পৰা আৰক্ষীয়ে এটা নাইন এম এম পিস্তল, এটা পইন্ট ২২ পিষ্টল আৰু সাত জাই সজীৱ গুলিসহ বটদ্ৰৱা থানা জ্বলোৱা ঘটনাৰ দিনা পৰিহিত ৰঙা টি-চাৰ্টটো উদ্ধাৰ কৰিছিল ।

অভিযান সামৰি নিশা প্ৰায় ২.৩০ বজাত আশ্বিকুলক লগত লৈ জুৰীয়াৰ পৰা নগাঁও অভিমুখে আহি থকা অৱস্থাত ৰাইডঙীয়াত আৰক্ষীৰ গাড়ীৰ পৰা জাপ দিয়াত পিছফালৰ পৰা আহি থকা আৰক্ষীৰ এছক'ৰ্ট বাহনৰ খুন্দাত নিহত হয় আশ্বিকুল ইছলাম । এই ঘটনাক লৈ ৰাজ্যজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বহুতে এই ঘটনাক আৰক্ষীৰ এনকাউণ্টাৰৰ নতুন পেটাৰ্ন বুলি অভিহিত কৰিছে ।

আইন হাতত তুলি লোৱাৰ কৰ্তৃত্ব কাৰো নাই : নেকিবুৰ জামান

ৰাজ্যজুৰি চৰ্চিত এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জেষ্ঠ অধিবক্তা নেকিবুৰ জামানে । তেওঁ কয় যে অসম আৰক্ষীৰ শেহতীয়া সংঘৰ্ষ নাইবা দুৰ্ঘটনা বুলি প্ৰচাৰ চলোৱা ঘটনা সন্দৰ্ভত উচ্চ ন্যায়ালয়ত এটা গোচৰ ৰুজু হৈ আছে । উচ্চ ন্যায়ালয়ে চৰকাৰৰ পৰা এই সন্দৰ্ভত ব্যাখ্যা বিচাৰিছে । চৰকাৰে এই সন্দৰ্ভত দিয়া উত্তৰত সকলো কথা স্পষ্ট হ'ব ।

তেওঁ কয় যে আইন হাতত তুলি লোৱাৰ অধিকাৰ তথা কৰ্তৃত্ব কাৰো নাই । শেহতীয়াকৈ যিকেইটা ঘটনা দেখিছো তাত হয়তো কোনো অভিযুক্ত পলাবলৈ চেষ্টা কৰাত গুলি কৰিছে নাইবা দুৰ্ঘটনা হৈছে । তেওঁ কয় যে এইক্ষেত্ৰত আইনগত দিশ আছে । আৰক্ষীয়ে অভিযুক্তক ক'ৰবালৈ নিয়াৰ ক্ষেত্ৰত জেনেৰেল ডায়েৰীত এন্ট্ৰি কৰিছে নে নাই সেই কথা আদালতৰ মজিয়াত আহিব ।

তাৰ লগে লগে যদি সশস্ত্ৰ পুলিচ বাহিনীৰ লগত এজন লোক লৈ যাওতে পলাই যোৱা বুলি দেখুওৱা হৈছে তেনেহলে পুলিচ-প্ৰশাসন সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে । হেণ্ডকাফ থকাৰ প‍াছত এজন লোক আৰক্ষীৰ জিম্মাৰ পৰা কেনেকৈ পলাব পাৰে । নাইবা গাড়ীৰ পৰা জপিয়াই দিব আৰু দুৰ্ঘটনাত মৃত্যু হ'ব । এই ঘটনা সন্দেহৰ ঊৰ্দ্ধত নহয় । আজিলৈকে বহুকেইটা সংঘৰ্ষত অভিযুক্তৰ মৃত্যু হৈছে ।

এনেদৰে হত্যা কৰাৰ অধিকাৰ আইনে দিয়া নাই । কোনোবা পলাই যোৱাটো আৰক্ষীৰ গাফিলতি বুলি উল্লেখ কৰি তেওঁ কয় যে আৰক্ষীৰ জিম্মাত অভিযুক্তজনক সুৰক্ষিত কৰি ৰখাটো আৰক্ষীৰ দায়িত্ব । অভিযুক্তৰ অপৰাধ চিনাক্ত হোৱাৰ পূৰ্বেই তাৎক্ষণিকভাৱে কোনোবা ঠাইলৈ নি পলাবলৈ চেষ্টা কৰা বুলি গুলীয়াই নাইবা দুৰ্ঘটনাত মৃত্যু হোৱাৰ ঘটনা কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে । এই পেটাৰ্নত চলি থকা হত্যাৰ ঘটনা কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে বুলি তেওঁ কয় । এইবোৰ ঘটনাৰ উত্তৰ এটা সময়ত নিশ্চয় তেওঁলোকে দিব লাগিব বুলি উল্লেখ কৰি তেওঁ কয় যে আমি বিচাৰো কেনেও ‍আইন হাতত তুলি ল'ব নালাগে ।

লগতে পঢ়ক: মূল্যবৃদ্ধিৰ প্ৰতিবাদ-বানপীড়িতক সাহাৰ্যৰ দাবীত বাওঁদলৰ আন্দোলন

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.