গুৱাহাটী,২৫ আগষ্ট: শেহতীয়া কেইবাটাও ঘটনাৰ পাছত অসম আৰক্ষীৰ দক্ষতা তথা তদন্ত ব্যৱস্থাক লৈ প্ৰশ্নৰ অৱতাৰণা হৈছে । অসম চৰকাৰৰ স্মার্ট অসম আৰক্ষীৰ দক্ষতাৰ প্ৰকৃত স্বৰূপ শেহতীয়াকৈ নগ্ন ৰূপত উন্মোচিত হৈছে আদালতৰ মজিয়াত ।
গোচৰৰ তদন্তৰ নামত কৰা ল'ৰা-ধেমালিৰ বাবেই তথ্য প্ৰমাণৰ অভাৱত হাইপ্রফাইল গোচৰৰ অভিযুক্তক এতিয়া দোষমুক্ত ঘোষণা কৰিবলৈ বাধ্য হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ে । অৱশ্যে অসম আৰক্ষীয়ে ইচ্ছাকৃতভাৱে কোনোবা অদৃশ্য শক্তিৰ প্ৰভাৱত তেনে কৰিছে নেকি সেয়াও এক বিচাৰ্য বিষয় ।
কাৰণ শেহতীয়াকৈ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা কেইবাটাও গোচৰৰ ক্ষেত্রত অসম আৰক্ষীৰ চৰম গাফিলতি দেখিবলৈ পোৱা গৈছে । আৰক্ষীৰ গাফিলতিৰ বাবেই সাৰি গৈছে অপৰাধী ।
উল্লেখ্য যে সর্বসাধাৰণ নাগৰিকে ন্যায় লাভৰ ক্ষেত্ৰত ন্যায় ব্যৱস্থাটোৰ ওপৰতে শেষ ভৰসা কৰে । কিন্তু অসম আৰক্ষীৰ দায়িত্বহীনতা আৰু বেপৰুৱা স্বভাৱৰ বাবে অপৰাধীয়ে আইনী সুৰুঙাৰে ৰেহাই পাই আহিছে । কেৱল তদন্তকাৰী আৰক্ষীৰ দায়িত্বহীনতাই নহয়, বহু সময়ত গৃহ বিভাগৰ সেউজ সংকেতত আদালতত চৰকাৰী পক্ষৰ অধিবক্তাৰ দুৰ্বল স্থিতিৰ বাবেও কুখ্যাত অভিযুক্তই জামিন লাভ কৰিবলৈ সক্ষম হৈ আহিছে ।
শেহতীয়াকৈ ৰাজ্য কঁপোৱা দুটাকৈ হাইপ্রফাইল গোচৰত অসম আৰক্ষীৰ তদন্তৰ গাফিলতিৰ পৰিপ্ৰেক্ষিতত অপৰাধীক নিম্ন আদালতে দোষী সাব্যস্ত কৰাৰ পাছতো গুৱাহাটী উচ্চ ন্যায়ালয়ে দোষমুক্ত ঘোষণা কৰিবলগীয়া হৈছে । আনকি তদন্তত আৰক্ষীৰ গাফিলতিৰ বাবে অসম আৰক্ষীকো ককৰ্থনা কৰিছে ন্যায়ালয়ে ।
উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ হাজাৰ কোটি টকীয়া কেলেংকাৰিত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হোৱা উগ্ৰপন্থী সংগঠন ডি এইচ ডি (জে) মুৰব্বী জুৱেল গার্লোচা, নিৰঞ্জন হোজাই আৰু পৰিষদৰ প্ৰাক্তন মুখ্য কার্যবাহী সদস্য মোহিত হোজাইক দোষমুক্ত ঘোষণা কৰিছিল উচ্চ ন্যায়ালয়ে ।
আনকি এই কেলেংকাৰিৰ তদন্তৰ সময়ত কুখ্যাত আৰ এইচ খানৰ আত্মীয়ৰ বাসগৃহৰ পৰা কোটি কোটি উদ্ধাৰ হোৱাৰ পাছতো আৰক্ষীয়ে আইনী সুৰুঙা ৰাখি থৈ যোৱাত উচ্চ ন্যায়ালয়ে শাস্তিৰ পৰা ৰেহাই দিছিল আৰ এইচ খানক । লক্ষণীয় বিষয় যে এই গোচৰটোৰ তদন্তত গাফিলতিৰ বাবে অসম আৰক্ষীকো সকীয়াই দিছিল উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ খণ্ড বিচাৰপীঠে ।
এই গোচৰৰ ৰায়ৰ পাছতেই বৃহস্পতিবাৰে দেশ কঁপোৱা ধেমাজি বোমা বিস্ফোৰণ কাণ্ডৰ গোচৰত নিম্ন আদালতে দোষী সাব্যস্ত কৰা আটাইকেইজন অপৰাধীকে দোষমুক্ত ঘোষণা কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে । আলফাৰ দ্বাৰা সংঘটিত কৰা ধেমাজি বোমা বিস্ফোৰণত ১০ টি ফুলকুমলীয়া শিশুকে ধৰি মুঠ ১৩ জন লোকৰ মৃত্যু হৈছিল ।
নিষ্পাপ শিশুৰ তেজেৰে ইতিহাস ৰাঙলী কৰা এনে এটা ভয়ংকৰ হত্যাকাণ্ডৰ অভিযুক্তসকল একমাত্র তদন্তকাৰী আৰক্ষীৰ গাফিলতিৰ বাবেই কাৰামুক্ত হ'বলৈ সক্ষম হ'ল । অভিযুক্তসকলৰ অপৰাধ প্ৰমাণ হোৱাকৈ পতিয়নযোগ্য তথ্য প্রমাণ দাখিল কৰাত ব্যৰ্থ হোৱাৰ বাবেই গুৱাহাটী উচ্চ ন্যায়ালয়ে ধেমাজিৰ কাণ্ডত নিম্ন আদালতে দোষী সাব্যস্ত কৰা অপৰাধী কেইজনক দোষমুক্ত ঘোষণা কৰে ।
যেন ধেমাজিত কোনো হত্যালীলা হোৱাই নাছিল । স্বাধীনতা দিৱসৰ পেৰেডলৈ আহি প্ৰাণ হেৰুওৱা নাছিল কোনো ফুলকুমলীয়া শিশুৱে । এই দুটা হাইপ্ৰফালই গোচৰৰ উপৰি মঙলদৈ চহৰৰ মাজমজিয়াত সন্ত্রাসবাদী সংগঠনৰ আৰ্হিত বন্দুক চলোৱাৰ প্ৰশিক্ষণ দিয়া বজৰং দলৰ উদ্যোক্তা সকলো গৃহ বিভাগৰ সেউজ সংকেতত চৰকাৰী অধিবক্তাৰ দুৰ্বল স্থিতিৰ বাবেই উচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰিবলৈ সক্ষম হ'ল ।
কেৱল ইমানেই নহয় কৰবী-দুৱৰী হত্যাকাণ্ডতো চি বি আইৰ তদন্তত গাফিলতিৰ বাবেই অভিযুক্তই ৰেহাই পোৱা দেখা গৈছিল । তদুপৰি আৰক্ষীৰ দুৰ্বল ভূমিকাৰ বাবেই পৰাগ কুমাৰ দাস, কমলা শইকীয়াৰ দৰে নিৰ্ভীক সাংবাদিকৰ হত্যাকাৰীয়ে আজিও মুকলিকৈ ঘুৰি ফুৰিবলৈ সক্ষম হৈছে ।
এনেবোৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত অসম আৰক্ষীৰ ইমেজ ক্ৰমাৎ আৰু অধিক অৱনমিত হৈছে । বিশেষকৈ শেহতীয়া এই হাইপ্ৰফাইল গোচৰ কেইটাৰ ক্ষেত্রত অসম আৰক্ষীৰ ভূমিকাক সৰ্বস্তৰৰ ৰাইজে কঠোৰ ভাষাৰে সমালোচনা কৰিছে । এনে পৰিপ্ৰেক্ষিতত সাধাৰণ জনগণৰ আপোন হ'বলৈ কিদৰে সক্ষম হ'ব অসম আৰক্ষী সেয়া এক ডাঙৰ প্ৰশ্ন ?
লগতে পঢ়ক: Ripun Bora: বাতৰিকাকত-টেলিভিছন চালেই কেৱল বিজেপিৰ বিসম্বাদ দেখা পায় ৰিপুন বৰাই