গুৱাহাটী, 29 অক্টোবৰ: মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হয় NEEPCO ট্ৰেড ইউনিয়নৰ এক সমূহীয়া সংবাদমেল । সংবাদমেলত তেওঁলোকে চাৰি জনকৈ শ্ৰমিক আৰু বিষয়াৰ মৃত্যুত শোক প্ৰকাশ কৰে । কাৰ্বি আংলংৰ ঘটনাত সহায় কৰা অসম চৰকাৰ, ডিমা হাচাও স্বায়ত্ব শাসিত পৰিষদ, সকলো কৰ্মী আৰু নিৰাপত্তাৰক্ষীক ধন্যবাদ জনাই ট্ৰেড ইউনিয়নৰ সদস্যই । সংবাদমেলত তেওঁলোকে কয় যে বহু ভিতৰুৱা পিছপৰা ঠাইত স্থাপন কৰা হয় প্ৰকল্পসমূহ । তাত যোগাযোগ, স্বাস্থ্য, ডাকসেৱাৰ পৰা আৰম্ভ কৰি শিক্ষা, বেংক সেৱালৈ সকলো ব্যৱস্থা কৰে NEEPCO য়ে । NEEPCO ৰ 90% তকৈও অধিক উত্তৰ পূবৰ থলুৱা লোক জড়িত হৈ আছে ।
NEEPCO ট্ৰেড ইউনিয়নৰ সংবাদমেল - NEEPCO ট্ৰেড ইউনিয়নৰ সংবাদমেল
এতিয়ালৈকে কোনো ধৰণৰ আনুষ্ঠানিক পত্ৰ লাভ কৰা নাই ট্ৰেড ইউনিয়নে, চৰকাৰে সকলো খোলা ৰাখিছে । অন্য কোনো সংস্থাৰ লগত সংলগ্ন কৰাৰ প্ৰক্ৰিয়া চলিছে, অথবা তেওঁ লোকে অংশীদাৰত্ব বিক্ৰী কৰাৰ প্ৰক্ৰিয়া হাতত লৈছে । NEEPCO ত ভাৰত চৰকাৰৰ 100% অংশীদ্বাৰিত্ব আছে । বিগত 2018-19।বৰ্ষত 284 কোটি টকা লাভ কৰিছে NEEPCO য়ে । এই সংবাদমেলতে উমৰাংছুৰ ঘটনাৰ দাবী তোলে ইউনিয়নে ।
![NEEPCO ট্ৰেড ইউনিয়নৰ সংবাদমেল](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4902561-thumbnail-3x2-neep.jpg?imwidth=3840)
গুৱাহাটী, 29 অক্টোবৰ: মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হয় NEEPCO ট্ৰেড ইউনিয়নৰ এক সমূহীয়া সংবাদমেল । সংবাদমেলত তেওঁলোকে চাৰি জনকৈ শ্ৰমিক আৰু বিষয়াৰ মৃত্যুত শোক প্ৰকাশ কৰে । কাৰ্বি আংলংৰ ঘটনাত সহায় কৰা অসম চৰকাৰ, ডিমা হাচাও স্বায়ত্ব শাসিত পৰিষদ, সকলো কৰ্মী আৰু নিৰাপত্তাৰক্ষীক ধন্যবাদ জনাই ট্ৰেড ইউনিয়নৰ সদস্যই । সংবাদমেলত তেওঁলোকে কয় যে বহু ভিতৰুৱা পিছপৰা ঠাইত স্থাপন কৰা হয় প্ৰকল্পসমূহ । তাত যোগাযোগ, স্বাস্থ্য, ডাকসেৱাৰ পৰা আৰম্ভ কৰি শিক্ষা, বেংক সেৱালৈ সকলো ব্যৱস্থা কৰে NEEPCO য়ে । NEEPCO ৰ 90% তকৈও অধিক উত্তৰ পূবৰ থলুৱা লোক জড়িত হৈ আছে ।
Body:সংবাদমেলত তেওঁ লোকে কয় যে আজি সকলো ট্ৰেড ইউনিয়নৰ এক সমূহীয়া সভা অনুষ্ঠিত হল । চাৰি জনকৈ শ্ৰমিক বিষয়াৰ মৃত্যুত শোক প্ৰকাশ কৰে । কাৰ্বি আংলং ৰ ঘটনাত সহায় কৰা অসম চৰকাৰ,ডিমা হাচাও স্বায়ত্ব শাসিত জিলা, সকলো কৰ্মী,নিৰাপত্তাৰক্ষীক ধন্যবাদ জনাই ট্ৰেড ইউনিয়নৰ সদস্যই । সংবাদমেলত তেওঁ লোকে কয় যে বহু ভিতৰুৱা পিছপৰা ঠাইত স্থাপন কৰা হয় প্ৰকল্প সমূহ । তাত যোগাযোগ, স্বাস্থ্য,ডাকসেৱাৰ পৰা আৰম্ভ কৰি শিক্ষা ,বেংক সেৱালৈ সকলো ব্যৱস্থা কৰে NEEPCO এ । NEEPCO ৰ 90% ত কৈও অধিক উত্তৰ পূৱৰ থলুৱা লোক জৰিত হৈ আছে । ভাৰত চৰকাৰে NEEPCO ৰ অংশীদাৰস্থ বিক্ৰী কৰিবলৈ ওলাইছে । সেই প্ৰসংগত তেওঁ লোকে কয় যে অন্য প্ৰতিষ্ঠানৰ লগত সংলগ্ন কৰিলে বা অংশীদাৰস্থ বিক্ৰী কৰিলে উত্তৰ পূৱৰ কোনো লাভ নহয় । ভাৰত চৰকাৰৰ এই প্ৰস্তাৱৰ বিৰোধিতা কৰে ট্ৰেড ইউনিয়নে । 2003 চনতো এনেকুৱা এটা সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আগবাঢ়িছিল ভাৰত চৰকাৰ,তেতিয়াও শ্ৰমিক বিষয়া আৰু NEEPCO ৰ সাংসদ ফৰামৰ বিৰোধিতাৰ বাবে সফল হোৱা নাছিল ।আকৌ এতিয়া ভাৰত চৰকাৰে এই সিদ্ধান্ত লৈছে । উত্তৰ পূৱৰ ৰাইজলৈ আহ্বান ভাৰত চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰক । NHPC বা NTPC ক অংশীদাৰত্ব বিক্রী কৰাৰ কথা প্ৰচাৰ চলিছে । সংবাদমেলতে ট্ৰেড ইউনিয়নে মুঠ ৮ টা প্ৰকল্পৰ পৰা 2018-19 বৰ্ষত 6103.82 মিলিয়ন ইউনিত শক্তি উৎপন্ন হোৱাৰ তথ্য অৱগত কৰে । যোৱা এপ্ৰিলৰ পৰা ছেপ্টেম্বৰলৈকে 3850 মিলিয়ন ইউনিত উৎপন্ন হৈছে । এতিয়ালৈকে কোনো ধৰনৰ আনুষ্ঠানিক পত্ৰ লাভ কৰা নাই ট্ৰেড ইউনিয়নে,চৰকাৰে সকলো খোলা ৰাখিছে । অন্য কোনো সংস্থাৰ লগত সংলগ্ন কৰাৰ প্ৰক্ৰিয়া চলিছে,অথবা তেওঁ লোকে অংশীদাৰত্ব বিক্ৰী কৰাৰ প্ৰক্ৰিয়া হাতত লৈছে । NEEPCO ত ভাৰত চৰকাৰৰ 100% stake আছে । বিগত 2018-19।বৰ্ষত 284 কোটি টকা লাভ কৰিছে NEEPCO এ । এই সংবাদমেলতে উমৰাংছুৰ ঘটনাৰ দাবী তোলে ইউনিয়নে ।
Conclusion:লিপিকা ডেকা, গুৱাহাটী