গুৱাহাটী,25 জানুৱাৰীঃ জামিন লাভ কৰি মুকলি আকাশৰ তললৈ আহিল ২০০৮ৰ গুৱাহাটীৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ মূল অভিযুক্ত ৰঞ্জন দৈমাৰী ৷ শনিবাৰে কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হয় নেচনেল ডেম’ক্ৰেটিক ফ্ৰন্ট অফ বড়োলেণ্ড(NDFB-R)ৰ অধ্যক্ষ ৰঞ্জন দৈমাৰীক ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে চাৰি সপ্তাহৰ বাবে তেখেতৰ অন্তৰ্ৱৰ্তীকালীন জামিন মঞ্জুৰ কৰাৰ পিছতেই তেখেতক মুকলি কৰি দিয়া হয় ৷ কাৰাগাৰৰ পৰা জামিন লাভ কৰিয়েই দৈমাৰীয়ে শান্তি আলোচনাত অংশগ্ৰহণৰ বাবে চাৰ্টাৰ্ড বিমানযোগে নতুন দিল্লীলৈ উৰা মাৰে ৷
উল্লেখযোগ্য যে, 2008 বৰ্ষৰ ধাৰাবাহিক বোমাবিস্ফোৰণৰ বাবে তেখেতক আজীৱন কাৰাদণ্ড প্ৰদান কৰা হৈছে ৷ তেখেতৰ অধিবক্তাই জামিনৰ বাবে অবেদন দাখিল কৰাৰ পিছতেই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে তেখেতক চাৰিসপ্তাহৰ বাবে অন্তৰ্ৱৰ্তীকালীন জামিন প্ৰদান কৰে ৷ অসম চৰকাৰ আৰু গৃহ মন্ত্ৰণালয়ে শান্তি প্ৰক্ৰিয়া সন্দৰ্ভত 'No Objection' জাননী প্ৰেৰণ কৰে ৷
ইয়াৰ পূৰ্বে চলিত মাহৰ 16 জানুৱাৰীত এনডিএফবি(এচ) আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত যুদ্ধবিৰতি স্বাক্ষৰিত কৰা হয় ৷ এনডিএফবি(এচ)ৰ সদস্য আৰু নেতাই প্ৰকাশ কৰে যে তেওঁলোকে শান্তিৰ পক্ষে কাম কৰিব বিচাৰে আৰু সেয়েহে তেওঁলোক মূলসূঁতিলৈ ঘুৰি আহিছে ৷
আনহাতে, দৈমাৰীক সম্বৰ্ধনা জনাবলৈ বহু সমৰ্থকৰ সমাগম ঘটে কেন্দ্ৰীয় কাৰাগাৰৰ বাহিৰত । কাৰাগাৰৰ পৰা কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে লৈ যোৱা হয় দৈমাৰীক । উল্লেখযোগ্য যে, চৰকাৰ প্ৰশাসনৰ পৰা সকলো সময়তে দৈমাৰীক প্ৰদান কৰা হ’ব বিশেষ নিৰাপত্তা ব্যৱস্থা ।
লগতে পঢ়ক - চৰকাৰৰে শান্তি আলোচনা : কি কি চৰ্ত ৰাখিছে বড়ো জনগোষ্ঠীয় সংগঠনে !