ETV Bharat / state

দুখন নতুন অভয়াৰণ্য গঠনৰ বাবে মুখ্যমন্ত্ৰীলৈ প্ৰস্তাৱ নেচাৰ্ছ বেকনৰ

গোৱালপাৰাৰ পঞ্চৰত্ন অৰণ্য (Panchatatna forest) আৰু অজগৰ অৰণ্য (Ajagar forest) ক অভয়াৰণ্য (Sanctuary) হিচাপে স্বীকৃতি প্ৰদানৰ আহ্বান পৰিৱেশ সংৰক্ষণকাৰী গোষ্ঠী নেচাৰ্ছ বেকন (Nature's Beckon)ৰ ৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আনুষ্ঠানিকভাৱে প্ৰস্তাৱ প্ৰেৰণ কৰিছে নেচাৰ্ছ বেকনৰ সঞ্চালক তথা প্ৰতিষ্ঠাপক সৌম্যদ্বীপ দত্ত (Soumyadeep Datta)ই ৷

natures beckon proposes for new sanctuary to cm
নেচাৰ্ছ বেকনৰ আহ্বান
author img

By

Published : Jul 13, 2021, 1:27 PM IST

Updated : Jul 13, 2021, 9:37 PM IST

গুৱাহাটী, 13 জুলাই : গোৱালপাৰা জিলাৰ পঞ্চৰত্ন অৰণ্য (Panchatatna forest) আৰু অজগৰ অৰণ্য (Ajagar forest)ক পৃথকে অভয়াৰণ্য (wildlife sanctuary) হিচাপে স্বীকৃতি প্ৰদানৰ আহ্বান জনাইছে উত্তৰ-পূৱৰ অন্যতম স্বতন্ত্ৰ পৰিৱেশ সংৰক্ষণকাৰী গোষ্ঠী নেচাৰ্ছ বেকন (Nature's Beckon)য়ে ৷ এই সন্দৰ্ভত অসম চৰকাৰক দাবী উত্থাপন কৰিছে সংস্থাটোৱে ৷ নেচাৰ্ছ বেকনৰ সঞ্চালক তথা প্ৰতিষ্ঠাপক সৌম্যদ্বীপ দত্ত (Soumyadeep Datta)ই সংগঠনৰ হৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আনুষ্ঠানিকভাৱে প্ৰস্তাৱ প্ৰেৰণ কৰিছে । বিগত 30 জুনত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য (Parimal Suklabaidya)ৰ হাততো প্ৰস্তাৱিত পঞ্চৰত্ন অভয়াৰণ্য আৰু অজগৰ অভয়াৰণ্যৰ আনুষ্ঠানিক প্ৰস্তাৱ পত্ৰ প্ৰদান কৰিছিল সংস্থাটোৰ প্ৰতিনিধিয়ে ।

ইয়াৰ লগতে উক্ত দিনাই বনমন্ত্ৰীৰ সৈতে এক দীৰ্ঘ আলোচনাত মিলিত হয় সঞ্চালক সৌম্যদ্বীপ দত্ত । উক্ত আলোচনাত হাতী সংৰক্ষণ (Elephant Reservation)ৰ লগতে অসমৰ অৰণ্য আৰু বন্যপ্ৰাণীৰ বিষয়ে বিভিন্ন কথা আলোচনা হয় । বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই অসমৰ বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত অত্যন্ত ধনাত্মক আচৰণ প্ৰদৰ্শন কৰা বুলি জানিব পৰা গৈছে ।

বৰ্তমান মুখ্যমন্ত্ৰীৰ নেতৃত্বত অৰণ্য সংৰক্ষণৰ কাম সুস্থভাৱে সম্পন্ন হ’ব বুলি মন্তব্য কৰে বনমন্ত্ৰীগৰাকীয়ে । মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা (Jayanta Malla Baruah)ৰ সৈতেও অৰণ্য আৰু বন্যপ্ৰাণী সম্পৰ্কে বিস্তাৰিত আলোচনা কৰে সৌম্যদ্বীপ দত্তই । মুখ্যমন্ত্ৰী শৰ্মাৰ নেতৃত্বৰ প্ৰতি নেচাৰ্ছ বেকনৰ পূৰ্ণ আস্থা আছে বুলি আশা প্ৰকাশ কৰি অৰণ্য তথা বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ নেতৃত্বত বহু ভাল কাম কৰা হ’ব বুলি সঞ্চালক দত্তই আস্থা প্ৰকাশ কৰে ।

মুখ্যমন্ত্ৰীলৈ নেচাৰ্ছ বেকনৰ আহ্বান

উল্লেখ্য যে, জিলাখনৰ প্ৰাচীন কামৰূপ অসমৰ এটা প্ৰাচীনতম অঞ্চল । হাজাৰ হাজাৰ বছৰ ধৰি এই অঞ্চল ভাৰতীয় সভ্যতাৰ লগত সংপৃক্ত হৈ আছে । গোৱালপাৰা অঞ্চলত পোৱা প্ৰাচীন মন্দিৰ, বৌদ্ধ মঠ, শিলালিপি, স্বৰ্ণমুদ্ৰা আৰু প্ৰাচীন প্ৰত্ন-সম্পদে অঞ্চলটোৰ সাক্ষ্য বহন কৰি আহিছে । ভাৰতৰ প্ৰাচীনতম শিলৰ গণেশ মন্দিৰ, ভাৰতৰ অন্যতম প্ৰাচীন বৌদ্ধস্তুপ আৰু মূৰ্তিখচিত শিলা মন্দিৰ শ্ৰীসূৰ্য পাহাৰ ইয়াৰ এক উৎকৃষ্ট নিৰ্দশন ।

অৰণ্য আৰু বন্যপ্ৰাণীৰ বাসভূমি হিচাপে গোৱালপাৰা অঞ্চল অত্যন্ত সমৃদ্ধ । গোৱালপাৰাৰ অৰণ্য অসমৰ বনৰীয়া হাতীবোৰৰ প্ৰধান বাসস্থান । গোৱালপাৰাৰ অৰণ্য অসংখ্য স্তন্যপায়ী, বন্যপ্ৰাণী আৰু বনৰীয়া চৰাইৰ বাসস্থান হিচাপে জনাজাত । অত্যন্ত সমৃদ্ধশালী বন্যপ্ৰাণীৰ বাসস্থান হোৱাৰ পাচতো গোৱালপাৰাৰ অৰণ্য আৰু বন্যপ্ৰাণীবোৰৰ সংৰক্ষণৰ বাবে আজিলৈকে কোনো স্থায়ী সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ।

গোৱালপাৰাৰ অৰণ্য আৰু বন্যপ্ৰাণীবোৰ চৰম অৱহেলিত হৈ আহিছে । ভাৰত স্বাধীন হোৱাৰ পাচতো অসমৰ কোনো এজন মুখ্যমন্ত্ৰীয়ে এই গোৱালপাৰাৰ অৰণ্য আৰু বন্যপ্ৰাণীক গুৰুত্ব প্ৰদান কৰা নাই । এই অৱহেলাৰ ফলত গোৱালপাৰা অঞ্চলৰ অৰণ্য আৰু বন্যপ্ৰাণীৰ যথেষ্ট ক্ষতিসাধন হৈছে । অৰণ্য বেদখল, চোৰা কাঠ সৰবৰাহ, বন্যপ্ৰাণীৰ অবৈধ চিকাৰ আৰু বন্যপ্ৰাণীৰ অংগ-প্ৰত্যংগৰ অবৈধ ব্যৱসায়ৰ লগতে খেতিৰ বাবে অৰণ্য অপসাৰণ কৰি খেতি মাটি মোকোলোৱাৰ ফলত জিলাখনৰ অধিকাংশ অৰণ্য আজি প্ৰায় ধ্বংস হোৱাৰ পথত ।

এটা সময়ত পূৱ পাকিস্তানৰ পৰা অহা জনস্ৰোতেও গোৱালপাৰাৰ বহুত বনাঞ্চল বেদখল কৰি ধ্বংস কৰিছে । এটা সময়ত গোৱালপাৰাৰ অৰণ্যত বহু বনৰীয়া গৰু পোৱা গৈছিল যদিও মাংসৰ বাবে এই গৰুবোৰ হত্যা কৰি গোৱালপাৰাৰ অৰণ্যৰ পৰা নিঃশেষ কৰি দিয়া হৈছে । পূৰ্বতে গোৱালপাৰাৰ অৰণ্যত প্ৰচুৰ হলৌ বান্দৰ পোৱা গৈছিল । জনাজাত কথা যে, হলৌ ভাৰতত পোৱা একমাত্ৰ বন মানুহ ।

গোৱালপাৰাত পূৰ্বতে ইমানে হলৌ আছিল যে বৰ্তমান গোৱালপাৰা চহৰৰ মাজমজিয়াত থকা এখন পাহাৰে হলৌ কান্দা পাহাৰ হিচাপে স্বীকৃতি লাভ কৰে । কিন্তু দুৰ্ভাগ্যবশতঃ বৰ্তমান গোৱালপাৰাৰ অৰণ্যত হলৌ বান্দৰ বিচাৰি পোৱা নাযায় । গোৱালপাৰাৰ অৰণ্য ধ্বংসই গোৱালপাৰাৰ পৰা হলৌ বান্দৰক নিশ্চিহ্ন কৰি পেলাইছে । বৰ্তমান গোৱালপাৰা জিলাৰ যি নামমাত্ৰ বনভূমি আৰু অমূল্য বন্যপ্ৰাণীয়ে অস্তিত্ব ৰক্ষা কৰি আছে, সেইসমূহ শীঘ্ৰেই স্থায়ী ৰূপত সংৰক্ষণ কৰাতো অত্যন্ত জৰুৰী ।

বিগত দহ বছৰ ধৰি অত্যন্ত সমৃদ্ধশালী অৰণ্য পঞ্চৰত্ন অৰণ্য আৰু অজগৰ অৰণ্যৰ অধ্যয়ণৰ কামত ব্ৰতী হৈ আছে নেচাৰ্ছ বেকন । এই অৰণ্য দুখন বন্যহস্তীৰ প্ৰধান আশ্ৰয়স্থলী । বনৰীয়া হাতীৰ বাহিৰেও অৰণ্য দুখনত নাহৰফুটুকী বাঘ (Leopard), লাজুকী বান্দৰ (Slow Loris), খুটীয়া পহু (Hog Deer), সুগৰী পহু (Barking Deer), শৰ পহু (Sambar), মাটি ভালুক (Sloth Bear), বিণ্টুৰং (Binturong), কেটেলা পহু (Indian Porcupine), বনৰৌ (Indian Pangolin), কেঁকোৰা খোৱা নেউল (Crabeating Mongoose) আদি অসংখ্য স্তন্যপায়ী বন্যপ্ৰাণী বসবাস কৰে ।

বনৰীয়া চৰাইৰ ক্ষেত্ৰতো এই দুখন অৰণ্য অত্যন্ত সমৃদ্ধিশালী । নেচাৰ্ছ বেকনৰ অনুসন্ধানকাৰী দলে পঞ্চৰত্নৰ অৰণ্যত 168 টা প্ৰজাতিৰ বনৰীয়া চৰাই আৰু অজগৰ অৰণ্যত 196 টা প্ৰজাতিৰ বনৰীয়া চৰাই নথিভুক্ত কৰিছে আৰু এই কামটো বৰ্তমানেও চলি আছে । পঞ্চৰত্ন অৰণ্য আৰু অজগৰ অৰণ্যত নেচাৰ্ছ বেকনৰ অনুসন্ধানকাৰী দলে মুঠ 36 টা প্ৰজাতিৰ স্তন্যপায়ী বন্যপ্ৰাণীৰ সন্ধান পাইছে ।

উল্লেখ্য যে, প্ৰস্তাৱিত পঞ্চৰত্ন অভয়াৰণ্যৰ মাটিকালি প্ৰায় 976.08 হেক্টৰ বনভূমি আৰু প্ৰস্তাৱিত অজগৰ অভয়াৰণ্যত 4240.08 হেক্টৰ বনভূমি আছে । প্ৰস্তাৱিত অজগৰ অভয়াৰণ্যৰ দক্ষিণ সীমা গাৰো পাহাৰৰ লগত সংলগ্ন ৷ সেয়েহে অসম-মেঘালয়ৰ হাতীবোৰে এই বনভূমিৰ মাজেৰেই অহা-যোৱা কৰে । প্ৰস্তাৱিত অজগৰ অভয়াৰণ্যত স্থায়ীৰূপে বহু বনৰীয়া হাতীয়ে বসবাস কৰে ।

প্ৰস্তাৱিত পঞ্চৰত্ন অভয়াৰণ্য হাতী সম্বন্ধীয় এটা বিশেষ কাৰণৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ । নেচাৰ্ছ বেকনৰ প্ৰকৃতিবিদ কৃপালোচন দাসে দহ বছৰতকৈও অধিক সময় ধৰি গোৱালপাৰা অঞ্চলৰ বনৰীয়া হাতীৰ স্বভাৱ পৰ্যবেক্ষণ তথা হাতীৰ চলাচল অনুসন্ধান কৰি আছে । এই অধ্যয়নত পোহৰলৈ আহিছে যে, প্ৰস্তাৱিত পঞ্চৰত্ন অভয়াৰণ্য বনৰীয়া হাতীৰ সন্তান প্ৰসৱ কৰা স্থান । হাতীবোৰে পৰম্পৰাগতভাৱে এটা নিৰ্দিষ্ট অৰণ্যত সন্তান প্ৰসৱ কৰে ।

বৰ্তমান অৰণ্য ধ্বংস হোৱাৰ ফলত হাতীবোৰৰ সন্তান প্ৰসৱ কৰাৰ স্থানবোৰ ধ্বংস হৈছে ৷ বৰ্তমানেও হাতীবোৰে নিয়মিতৰূপে অৰণ্যখনত সন্তান প্ৰসৱ কৰে । হাতী সংৰক্ষণৰ দৃষ্টিভংগীত হাতীৰ প্ৰসূতি ঘৰ পঞ্চৰত্নৰ অৰণ্যক স্থায়ীৰূপত অভয়াৰণ্য হিচাপে সংৰক্ষিত কৰা উচিত । সেইবাবেই হয়তো প্ৰাচীন কামৰূপ তথা ভাৰতৰ জ্ঞানী লোকসকলে এই অৰণ্যক ‘পঞ্চৰত্নৰ পৱিত্ৰ অৰণ্য’ৰূপে সংৰক্ষিত কৰি ৰাখিছিল ৷

লগতে পঢ়ক : মাইক্ৰ’ফাইনেঞ্চৰ ঋণ ৰেহাইৰ দাবীত যৌথ সংগ্ৰামী মঞ্চৰ প্ৰতিবাদ

Last Updated : Jul 13, 2021, 9:37 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.