ETV Bharat / state

National Unity day 2022: দুপৰীয়া পৰ্যন্ত ৰঙিয়াত পালন কৰা নহ’ল ৰাষ্ট্ৰীয় একতা দিৱস

author img

By

Published : Oct 31, 2022, 5:16 PM IST

আজি ৰাষ্ট্ৰীয় একতা দিৱস ৷ ৰাজ্যিক বিজেপিৰ সভাপতিৰ গৃহ সমষ্টিত দুপৰীয়া 1 বজালৈ অনুষ্ঠিত কৰা নহ'ল ৰাষ্ট্ৰীয় একতা দিৱসৰ(National Unity day 2022) ।

National Unity Day was not celebrated in Rangia
National Unity day 2022: দুপৰীয়া পৰ্যন্ত ৰঙিয়াত পালন কৰা নহল ৰাষ্ট্ৰীয় একতা দিৱস

ৰঙিয়া, 31 অক্টোবৰ: আজি ৰাষ্ট্ৰীয় একতা দিৱস(National Unity day 2022) । লৌহ পুৰুষ, ৰাষ্ট্ৰৰ একত্ৰীকৰণ তথা একতা আৰু অখণ্ডতাৰ দিশত অসামান্য অৱদান আগবঢ়োৱা চৰ্দাৰ বল্লভভাই পেটেলৰ পৱিত্ৰ জন্মদিনৰ লগত সংগতি ৰাখি সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰা হৈছে (Birth anniversary of Sardar Vallabhbhai Patel ) ।

চৰকাৰীভাৱেও সকলো কাৰ্যালয়তে ৰাষ্ট্ৰীয় একতা দিৱসৰ আয়োজন কৰা হৈছে যদিও ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ গৃহ সমষ্টিৰ জলসিঞ্চন বিভাগে নামানে চৰকাৰী নিৰ্দেশনা(BJP State president Bhabesh Kalita) । ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা থকাৰ পিছতো জলসিঞ্চন বিভাগৰ কামৰূপ চক্ৰৰ অধীক্ষক অভিযন্তাৰ কাৰ্যালয়ত দুপৰীয়া পৰ্যন্ত ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰা পৰিলক্ষিত নহ'ল ।

পুৱা কাৰ্যালয় আৰম্ভ হোৱাৰ লগে লগে কৰ্মচাৰীসকলে এক শপত গ্ৰহণ কাৰ্যসূচী গ্ৰহণ কৰিব লাগিব বুলি স্পষ্ট চৰকাৰী নিৰ্দেশনা আছে । বিশেষ অসুবিধাজনিত কাৰণত ৰাষ্ট্ৰীয় একতা দিৱসৰ কাৰ্যসূচী পুৱাৰ ভাগত সম্পাদন কৰিব নোৱাৰিলে দুপৰীয়া ১২ বজাৰ ভিতৰত সম্পন্ন কৰাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে চৰকাৰী পত্ৰত ।

দুপৰীয়া পৰ্যন্ত ৰঙিয়াত পালন কৰা নহ’ল ৰাষ্ট্ৰীয় একতা দিৱস

পিছে ৰঙিয়াৰ উক্ত কাৰ্যালয়টোত দুপৰীয়া ১ বজালৈ উপস্থিত নহ'ল অধীক্ষক অভিযন্তা । সংবাদ মাধ্যমৰ লোক কাৰ্যালয়টোত উপস্থিত হৈ পলমকৈ অনুষ্ঠিত কৰাৰ কাৰণ জানিবলৈ বিচৰাত নাভূত-নাশ্ৰূত যুক্তিৰে কাৰ্যালয়টোৰ বিষয়া কৰ্মচাৰীয়ে আভুৱা ভাৰিবলৈ যত্ন কৰাহে পৰিলক্ষিত হ'ল ৷

দুই মিনিটৰ ভিতৰত সমাপ্ত কৰিব পৰা শপত গ্ৰহণ অনুষ্ঠানটো সম্পূৰ্ণ কৰিবলৈ দুপৰীয়া ১ বজালৈ সময় নহ'ল কাৰ্যালয়টোৰ বিষয়া-কৰ্মচাৰীৰ । তদুপৰি একাংশ কৰ্মচাৰীয়ে নাজানে ৰাষ্ট্ৰীয় একতা দিৱস মানে নো কি ! দুপৰীয়া এক বজালৈ কাৰ্যালয়টোত কৰ্মচাৰীৰ উপস্থিতি আধাতকৈও কম । কাৰ্যালয়ৰ কোঠাবোৰত খালী হৈ আছে চকীবোৰ । কোনো কৰ্মচাৰীয়ে যদি দুপৰীয়া ১ বজালৈ ৰ'দ পুৱাই আছে, আন কোনোৱে আকৌ কাৰ্যালয়ত এপাক দেখা দি দোকানে দোকানে চাহৰ জুতি লৈ ঘুৰি ফুৰিছে ।

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এইসকল কৰ্মচাৰীয়ে থৰকাচুতি হেৰুৱাই আকৌ উত্তৰ দিছে কাৰ্যালয়টোত যথেষ্ট কাম থকাৰ বাবেহে হেনো তেওঁলোকে পালন কৰিব পৰা নাই ৰাষ্ট্ৰীয় একতা দিৱস । কাৰ্যালয়ত অধীক্ষক অভিযন্তা উপস্থিত হ'লেই লাহে ধীৰে পালন কৰিব ৰাষ্ট্ৰীয় একতা দিৱস ।

লগতে পঢ়ক: GMC Scam : জিএমচিৰ বোকা কেলেংকাৰীৰ অন্যতম অভিযুক্ত তছদিকুৰ ৰহমানে প্ৰদান কৰা নাই সম্পত্তি কৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.