ETV Bharat / state

হিন্দু জাগৰণ মঞ্চ এক বিভেদকামী সংগঠন: ৰাষ্ট্ৰীয় উলেমা কাউঞ্চিল

author img

By

Published : Jan 19, 2021, 10:55 PM IST

সোমবাৰে হিন্দু জাগৰণ মঞ্চই দিচপুৰ প্ৰেছক্লাৱত এক সংবাদমেল আয়োজন কৰি এটা বিশেষ সম্প্ৰদায়ে ধৰ্মীয় উন্মাদনাৰে হিন্দুক আক্ৰমণৰ লক্ষ্য কৰি লৈছে বুলি মন্তব্য কৰিছিল উগ্ৰ হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ ৷ বৰাৰ এই মন্তব্য পিছতেই জাঙুৰ খাই উঠিছে ৰাষ্ট্ৰীয় উলেমা কাউঞ্চিল ৷

As-ghy-national-ulema-council-slams-satyaranjan-bora-vis-as10003
হিন্দু জাগৰণ মঞ্চ এক বিভেদকামী সংগঠন: ৰাষ্ট্ৰীয় উলেমা কাউঞ্চিল

গুৱাহাটী,19 জানুৱাৰী: এইবাৰ হিন্দু জাগৰণ মঞ্চক উভতি ধৰিলে ৰাষ্ট্ৰীয় উলেমা কাউঞ্চিল নামৰ এটা সংগঠনে ৷ সোমবাৰে হিন্দু জাগৰণ মঞ্চই দিচপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেল আয়োজন কৰি এটা বিশেষ সম্প্ৰদায়ে ধৰ্মীয় উন্মাদনাৰে হিন্দুক আক্ৰমণৰ লক্ষ্য কৰি লৈছে বুলি মন্তব্য কৰিছিল উগ্ৰ হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ ৷ বৰাৰ এই মন্তব্য পিছতেই জাঙুৰ খাই উঠিছে ৰাষ্ট্ৰীয় উলেমা কাউঞ্চিল ৷ বৰাৰ এই অভিযোগক তীব্ৰ গৰিহনা দি ৰাষ্ট্ৰীয় উলেমা কাউঞ্চিলে হিন্দু জাগৰণ মঞ্চক বিভেদকামী সংগঠন বুলি অভিযোগ কৰাৰ লগতে সত্যৰঞ্জন বৰাকো তীব্ৰ সমালোচনা কৰে ৷

সংগঠনটোৰ কৰ্মকৰ্তাই কয়, সত্যৰঞ্জন বৰাই হিন্দু মুছলমানৰ মাজত এক সংঘাত লগোৱাৰ উদ্দেশ্যে বিভিন্ন সময়ত বহু কাৰ্যপন্থা হাতত লৈছে ৷ ইয়াৰ উপৰিও মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘু ৰাইজৰ ভোট নালাগে বুলি কোৱা মন্তব্যৰো তীব্ৰ গৰিহনা দিয়ে ৰাষ্ট্ৰীয় উলেমা কাউঞ্চিলে ৷ বিজেপি দলতো সংখ্যালঘু মৰ্চাৰ বিভাগ আছে ৷ কিন্তু বিজেপিৰ মন্ত্ৰীয়ে সংখ্যালঘু ভোটাৰৰ চাল চলন বেয়া বুলি কৈ ভোট বিচাৰে ৷ যাৰ বাবেই সত্যৰঞ্জন বৰাই এনেধৰনৰ কাৰ্যকলাপ কৰিবলৈ সুযোগ পাইছে বুলি মন্তব্য কৰে ৰাষ্ট্ৰীয় উলেমা কাউঞ্চিলৰ বিষয়ববীয়াই ৷

লগতে পঢ়ক-নিবার্চনলৈ সাজু বিজেপি: চাৰি জ্যেষ্ঠ নেতাই বিচাৰিলে ৰাইজৰ পৰামর্শ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.