গুৱাহাটী, ১৯ জানুৱাৰী : আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত বুধবাৰে উপস্থিত হয় নাৰায়ণপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পুষ্পকমল বৰুৱা । বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে তলব কৰাৰ পিছতে হাজিৰ হয় পুষ্পকমল বৰুৱা (DGP GP Singh summoned Narayanpur OC) । বিধায়ক অমিয় কুমাৰ ভূঞাৰ সৈতে হোৱা টেলিফোনিক কথা বতৰাৰ ৰেকৰ্ডিং ভাইৰেল হোৱাৰ পিছতে তলব কৰা হৈছি আৰক্ষী বিষয়াজনক ।
আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত উপস্থিত হোৱাৰে পিছতে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, ‘‘মই জনসাধাৰণৰ সেৱাৰ্থে কাম কৰি যাম । বিধায়ক অমিয় ভূঞাৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপৰ সকলো বিতৰ্কৰ কথা বিশেষ আৰক্ষী সঞ্চালক প্ৰধানক জনাইছো । মই মোৰ প্ৰতিটো কথা শীৰ্ষ আৰক্ষী বিষয়াক জনাইছো । আইনৰ মতে মই কাম কৰিছো । এতিয়াও নিজৰ স্থিতিত অটল আছো মই । মুখ্যমন্ত্ৰীয়ে গৰাকীয়ে যি পৰামৰ্শ দিছে সেই পৰামৰ্শ অনুসৰিয়েই এগৰাকী অসম আৰক্ষীৰ সেৱক হিচাপে মই অনাগত দিনত কাম কৰি যাম’’ বুলি মন্তব্য দিয়ে পুষ্পকমল বৰুৱাই ।
আৰক্ষী বিষয়াগৰাকীয়ে লগতে কয় যে, শীৰ্ষ আৰক্ষী বিষয়াই তেওঁক নিজৰ কাম কৰি যাবলৈ কৈছে । তেওঁৰ বিৰুদ্ধে কোনো শাস্তিমূলক ব্যৱস্থা লোৱাৰ কথা কোৱা নাই ।
মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই উৰুকাৰ দিনা সুৰাপয়ীৰ বিৰুদ্ধে অভিযান চলোৱাৰ কথা কৈ তেওঁ কয় যে, সেই অভিযানত উৰুকাৰ দিনা দুই যুৱকক সুৰামত্ত অৱস্থাত আটক কৰা হৈছিল । এই দুই যুৱকে উৰুকাৰ নিশা আৰক্ষীৰ বাহনতো খুন্দা মাৰিব খুজিছিল । আন দুজন যুৱকে ঠিকাদাৰৰ পৰা দাবী কৰা ধন নোপোৱাৰ পিছত মাধৱদেৱ কলাক্ষেত্ৰৰ কামত বাধা দিয়াত জড়িত আছিল ।
এই অভিযোগৰ ভিত্তিত যুৱক দুজনক আটক কৰা হৈছিল । এই দুই গোচৰৰ কাৰণেই বিধায়ক অমিয় ভূঞাই আৰক্ষী বিষয়াজনলৈ ফোন কৰা বুলি মন্তব্য কৰে ৷ উল্লেখ্য যে, বিধায়ক অমিয় কুমাৰ ভূঞাৰ সৈতে নাৰায়ণপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পুষ্প কমল বৰুৱাৰ হোৱা টেলিফোনিক কথা-বতৰাৰ ৰেকৰ্ডিং ভাইৰেল হোৱাত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল (MLA Amiya Kumar Bhuyan's phone recording viral)।
লগতে পঢ়ক: মুখ্যমন্ত্ৰী আৰু বিধায়ক অমিয় ভূঞাৰ বিতৰ্ক সন্দৰ্ভত DGP ক অভিযোগ দাখিল ভূপেন বৰাৰ